নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচিত মাটিৰ পট্টা দিয়াৰ ইস্তাহাৰ হিমন্তৰ নিজৰ ইস্তাহাৰ

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ প্রথম পর্যায়ৰ বিটিচি নির্বাচনলৈ মাজত মাত্র ৫টা দিন বাকী৷ অহা ৭ ডিচেম্বৰত ওদালগুৰি আৰু বাক্সা জিলাত প্রথম পর্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ সেইদৰে অহা ১০ ডিচেম্বৰত কোকৰাঝাৰ আৰু চিৰাং জিলাত ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ নির্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে সমগ্র অঞ্চলটোত হাইভ’ল্টেজ নির্বাচনী প্রচাৰ তুংগত উঠিছে৷ আজিৰ দিনটোতো সমগ্র বিটিচি এলেকাত বিজেপি, বিপিএফ, ইউপিপিএল, গণ সুৰক্ষা পার্টী, কংগ্রেছ, এআইইউডিএফে পূর্ণগতিত প্রচাৰ অব্যাহত ৰাখিছে৷ বিপিএফৰ সভাপতি তথা প্রাক্তন বিটিচিপ্রধান হাগ্রামা মহিলাৰীয়ে আজি ২৩নং দিহিৰা পৰিষদীয় সমষ্টিত নির্বাচনী প্রচাৰ চলায়৷ ১০ সহস্রাধিক লোকৰ উপস্থিতিত আজি আয়োজিত প্রচাৰ সভাখনত হাগ্রামা মহিলাৰীয়ে ৰাজেশ বৰালকেই বিপিএফৰ দলীয় প্রার্থী বুলি স্পষ্টকৈ ঘোষণা কৰে৷ উল্লেখ্য যে দীর্ঘদিনৰ পৰা এগৰাকী নির্দলীয় প্রার্থী বিপিএফে ভিতৰি ভিতৰি সমর্থন দিয়া বুলি চলি থকা প্রচাৰ সম্পর্কত মহিলাৰীয়ে দলীয় স্থিতি স্পষ্ট কৰি দি ৰাজেশ বৰালেই তেওঁলোকৰ দলীয় প্রার্থী বুলি স্পষ্ট কৰি দিয়ে৷ ভাষণত মহিলাৰীয়ে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে বিটিচিত বড়ো জাতিক ধ্বংস কৰাৰ কাৰণে অহৰহ ষড়যন্ত্র কৰি আছে৷ তেওঁৰ এই ষড়যন্ত্র কেতিয়াও সফল নহয়৷ হিমন্ত বিশ্ব শর্মাই বিটিচিৰ নির্বাচনী প্রচাৰ সভা–সমিতিত বিভাজনমূলক মন্তব্য দি অহাৰ অভিযোগ কৰি কয় যে সভা–সমিতিসমূহত মন্ত্রী ড০ শর্মাই ‘আমাৰ মানুহ, আমাৰ মানুহ’ বুলি কৈ জনসাধাৰণৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰি আছে৷ বড়ো মানুহৰ বাহিৰে সকলো জাতিৰ উন্নয়নৰ কথা কৈছে হিমন্ত বিশ্ব শর্মাই৷ কিন্তু তেওঁ থকালৈকে হিমন্ত বিশ্ব শর্মাই এই বিটিচিত একো কৰিব নোৱাৰে৷ সেইদৰে বিপিএফ ত্যাগ কৰি বিজেপিত যোগদান কৰা বিশ্বজিৎ দৈমাৰীকো সমালোচনা কৰি মহিলাৰীয়ে কয় যে ১৯৯৯ চনত অঞ্চলটোত নিযুক্তিপ্রাপ্ত শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ নামত বিশ্বজিৎ দৈমাৰীয়ে চাৰি কোটি টকা খাইছে৷ এতিয়া তদন্তৰ ভয়ত দৈমাৰী বিজেপিলৈ গৈছে৷ বিশ্বজিৎ দৈমাৰী এবছুৰ পৰা খেদা খোৱা লোক বুলিও তেওঁ কটাক্ষ কৰে৷ উক্ত নির্বাচনী সমাৱেশখনত অংশগ্রহণ কৰি সমাজ কল্যাণ মন্ত্রী প্রমীলাৰাণী ব্রহ্মই কয় যে ইউপিপিএলৰ সভাপতি প্রমোদ বড়ো এজন প্রতাৰক৷ ৰাইজক চাকৰি দিব বুলি কৈ বহু প্র–পত্র লৈ পুখুৰীত পেলাই দিয়া ঘটনাই তেওঁ যে প্রতাৰক, প্রমাণ কৰি দিছে৷ প্রমোদ বড়োৱে সদায় ৰাইজৰ মাজত অপপ্রচাৰ কৰি আহিছে৷ প্রমোদ বড়োৱে কেতিয়াও নিবনুৱাক চাকৰি দিব নোৱাৰে৷ ৰাইজক প্রতাৰণা কৰা দলে কেতিয়াও ভোট নাপায়৷ ৰাইজৰ যি কাম কৰিব লাগে, সকলো কাম বিপিএফেহে কৰিব৷ উক্ত সভাখনত বিপিএফ নেত্রী সুপ্রিয়াৰাণী ব্রহ্ময়ো দলীয় প্রার্থীগৰাকীক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়৷ জনপ্রিয় কৌতুক অভিনেতা বিপুল ৰাভায়ো নির্বাচনী সমাৱেশখনত ভাষণ দিয়ে৷ সেইদৰে শিল্পী ভৃগু কাশ্যপে গীতেৰে উপস্থিত ৰাইজক আপ্লুত কৰে৷ সভাখনত দলীয় প্রার্থী ৰাজেশ বৰাল, বৰমাৰ বিধায়ক মনেশ্বৰ ব্রহ্ম, চাপাগুৰিৰ বিধায়ক থানেশ্বৰ বসুমতাৰী, বাগানপাৰা পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্রার্থী ফলীন্দ্র বসুমতাৰীয়েও অংশগ্রহণ কৰে৷ ইফালে, চিৰাং জিলাৰ ১৩নং চিৰাং পৰিষদীয় সমষ্টিৰ অন্তর্গত ঝাউলীয়াবাৰী খেলপথাৰত আজি বিয়লি অনুষ্ঠিত এখন নির্বাচনী সমাৱেশত অংশগ্রহণ কৰি বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে কয় যে বিটিআৰ চুক্তি অনুসৰি একচনীয়া মাটিতেই হওক বা খাচ মাটিতেই হওক, যিসকল লোক বসবাস কৰি আছে সকলো অবৈধ৷ বিজেপি এটা ৰাষ্ট্রীয় দল, ৰাষ্ট্রীয় দল এটাই অবৈধ কাম কৰাৰ প্রতিশ্রুতিৰে ইস্তাহাৰ প্রকাশ নকৰে৷ বিটিচিত একচনীয়া বা খাচ মাটিত পট্টা দিয়াৰ কথা মন্ত্রী হিমন্ত বিশ্ব শর্মাই উল্লেখ কৰিছে৷ সেয়ে সেইখন ইস্তাহাৰ হিমন্ত বিশ্ব শর্মাৰ ব্যক্তিগত ইস্তাহাৰ৷ তেওঁ আৰু কয় যে হিমন্ত বিশ্ব শর্মাই তেওঁক সদায় গালি পাৰি আছে৷ সেয়ে তেৱোঁ গালি দি আছে৷ এইবাৰ বিটিচি নির্বাচনত অকল হিমন্ত বিশ্ব শর্মা আৰু তেওঁৰ মাজতে যুদ্ধ হ’ব৷ বাকীবোৰৰ কোনো কাম নাই৷ প্রমোদ বড়ো বেপাৰী মানুহ৷ ১৩নং চিৰাং পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্রার্থী ছাইখং বসুমতাৰী ওৰফে প্রাক্তন এনডিএফবি নেতা ছাওৰাইগ্রাৰ সমর্থনত আয়োজিত নির্বাচনী সমাৱেশখনত অংশগ্রহণ কৰি মন্ত্রী চন্দন ব্রহ্মই বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক তীব্র সমালোচনা কৰি কয় যে ৰঞ্জিত দাসে কি কয়, কি নকয়, কি ভাবে, কি নাভাবে সেই কথাৰ লগত আমাৰ কোনো সম্পর্ক নাই৷ কিন্তু বিটিচিত আহি ৰঞ্জিত দাসে যি দম্ভালি মাৰিছে, যি চিঞৰ–বাখৰ কৰিছে তাৰ কোনো মূল্য নাই৷ ৰঞ্জিত দাসে অহা বিধানসভা নির্বাচনত নিজৰ সমষ্টি উদ্ধাৰত মনোযোগ দিয়ক৷ নিজ সমষ্টিত ৰঞ্জিত দাসে প্রত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবেই তেওঁ ভৱানীপুৰ আৰু সৰুক্ষেত্রী সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিবলৈ মন মেলিছে৷

এই সমাৱেশখনতেই মথনগুৰি পৰিষদীয় সমষ্টিৰ গণ সুৰক্ষা পার্টীৰ প্রার্থী ইব্রাহিম আলীয়ে বিপিএফত যোগদান কৰে৷ ইপিনে, অবড়ো সংগঠন তথা গণ সুৰক্ষা পার্টীৰ দুর্গৰূপে চিহ্ণিত ককলাবাৰী পৰিষদীয় সমষ্টিৰ জালাহত আজি ইউপিপিএলৰ সভাপতি তথা ককলাবাৰী পৰিষদীয় সমষ্টিৰ দলীয় প্রার্থী প্রমোদ বড়োৱে নির্বাচনী প্রচাৰ চলায়৷ উক্ত নির্বাচনী সমাৱেশখনতেই সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পার্টী, কংগ্রেছ, অবড়ো সুৰক্ষাৰ নেতাসহ সহস্রাধিক লোকে আনুষ্ঠানিকভাৱে ইউপিপিএলত যোগদান কৰে৷ ইউপিপিএলৰ মুছলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক দয়াল শৰণীয়াৰ সভাপতিত্বত অনুষ্ঠিত গণসমাৱেশখনত ভাষণত প্রমোদ বড়োৱে কয় যে বিগত দিনত বিটিচি তথা বর্তমানৰ বিটিআৰত অতি দুর্ভাগ্যজনকভাৱে বড়ো–বড়োৰ মাজত সংঘাত হৈছিল৷ য’ত এচাম সুবিধাবাদী ব্যক্তিয়ে বড়ো–বড়োৰ মাজত নিকৃষ্ট ৰাজনীতি কৰিছে৷ কিন্তু এই বড়ো–বড়ো, জাতি–জনগোষ্ঠীৰ মাজত সংঘাত আৰু ইয়াকে লৈ কৰা নিকৃষ্ট ৰাজনীতি নির্মূল কৰাৰ কাৰণে নতুন দৃষ্টি আৰু নতুন সৃষ্টিৰে পৰিৱর্তনৰ বাবে, সমন্বয় আৰু উন্নয়নৰ বাবে নতুন সংকল্প গ্রহণ কৰিছে ইউপিপিএলে৷ সকলোবোৰ সমস্যা নির্মূলৰ বাবে বিটিআৰ চুক্তিখন হৈছে৷ সেই চুক্তিৰ জৰিয়তে বিটিআৰত বড়ো–বড়োৰ সংঘাত নির্মূল হ’ব৷ ৫টা বছৰৰ ভিতৰত দৰিদ্রতা নির্মূল হ’ব, ৫ লাখ নিবনুৱাক সংস্থাপন দিয়া হ’ব, সর্বদিশত উন্নয়ন হ’ব, দুর্নীতি সম্পূর্ণৰূপে উৎখাত কৰা হ’ব, বিটিআৰত বড়ো–সমীয়া ভাষা–সাহিত্য–সংস্কৃত্ সম–ধিকাৰ, সম–মর্যাদা থাকিব৷ অন্যান্য জাতি–জনগোষ্ঠীৰ ভাষা–সাহিত্য–সংস্কৃত্ জীয়াই থাকিব৷ ভূমিৰ অধিকাৰ প্রতিটো জাতি–জনগোষ্ঠীয়ে পাব৷ বিটিআৰৰ মানুহৰ ভূমিৰ অধিকাৰ বিটিআৰৰ ভিতৰতেই থাকিব৷ এয়া বিটিআৰত হ’বলগীয়া ইউপিপিএল চৰকাৰৰ দৃঢ়সংকল্প৷ ভাষণত প্রমোদ বড়োৱে আৰু কয় যে আজিৰ এই সমাৱেশত বিভিন্ন জাতি–জনগোষ্ঠীৰ লোকে স্বতঃস্ফূর্তভাৱে আহি যোগদান কৰা কার্যই বড়ো–বড়োৰ সমন্বয়ৰ বার্তা দিছে৷ বিটিআৰ এতিয়া ভিন্ন ভাষা–ভাষী, জনগোষ্ঠীৰ অন্য এক সমন্বয়ৰ সন্মিলনলৈ ৰূপান্তৰিত হ’ল৷ হাগ্রামা মহিলাৰীৰ ১৭ বছৰীয়া শাসনৰ দুর্নীতি–পশাসনৰ পৰিৱর্তনৰ স্বার্থত আৰু সমন্বয় গঢ়া–উন্নয়নৰ বাবেই অঞ্চলটোৰ বিভিন্ন জাতি–জনগোষ্ঠীৰ লোক ইউপিপিএলক শক্তিশালী কৰাৰ বাবে ওলাই আহিছে৷ ইউপিপিএলত এতিয়া ৩০ শতাংশ বিষয়ববীয়াহে বড়ো জনগোষ্ঠীৰ৷ ৭০ শতাংশ বিষয়ববীয়া অন্যান্য জনগোষ্ঠীৰ লোক৷ নির্বাচনী সমাৱেশখনত হাগ্রামা মহিলাৰীক সমালোচনাৰে থকা–সৰকা কৰি কয় যে বিগত ১৭টা বছৰত বিটিচিত হাগ্রামা মহিলাৰী আৰু বিপিএফে শাসন যন্ত্রক শোষণ যন্ত্রলৈ ৰূপান্তৰিত কৰিলে৷ হাগ্রামা মহিলাৰীয়ে এইবাৰ প্রতিদ্বন্দ্বিতা কৰা দুয়োটা সমষ্টিতেই পৰাজয়বৰণ কৰিব৷ আজিৰ দিনত ইউপিপিএল দল ৩০টা পৰিষদীয় সমষ্টিতে জয়ী হোৱাটো খাটাং৷ বাকী ১০টা সমষ্টিতো জয়ী হোৱাৰ দিশে আগবাঢ়ি আছে৷ সমাৱেশখনত ভাষণ দি ধীৰাজ ডেকাই কয় যে বিটিআৰ চুক্তিক যি দলে বিৰোধিতা কৰিছে, তেওঁলোকে বিটিআৰত শান্তি–সমন্বয়–উন্ন বিচৰা নাই৷ বিটিআৰ চুক্তিয়ে কাৰো অধিকাৰ কাঢ়ি নিনিয়ে আৰু অসমৰ ভৌগোলিক মানচিত্রখনো অক্ষুণ্ণ ৰাখিব৷ একাংশই অপপ্রচাৰেৰে বিটিআৰ চুক্তিৰ বিৰোধিতা কৰাটো অঞ্চলটোৰ উন্নয়ন, সমন্বয়, প্রাপ্য অধিকাৰৰ বিৰোধিতা কৰাহে৷ সমাৱেশখনত ইউপিপিএলৰ কেন্দ্রীয় নেতা–নেত্রী ক্রমে বি খৈৰাম দৈৰাম, প্রফুল্ল ৰয়, দ্বিজেন দাস, ভূপেন বডোচা, সবিতা ৰামচিয়াৰী, অভিজিৎ দাস, গুণীন দাস, প্রাক্তন এমচিএলএ অনিপ বসুমতাৰী আদি উপস্থিত থাকে৷ আজিৰ সমাৱেশখনতে গণ সুৰক্ষা পার্টীৰ ককলাবাৰী সমষ্টি সমিতিৰ সভাপতি কল্যাণ নাথ, সাধাৰণ সম্পাদক শুক্র হাজৰিকা, কংগ্রেছ নেতা জ্যোতিষ বড়ো, গণ সুৰক্ষা পার্টীৰ নেতা নৱ দাস, বছিৰ আলী, ইছমাইল আলী, কুলজিৎ দাস, নৱদীপ নাথ, সবিতা দাস, বিশ্বজিৎ নাথ, ধীৰাজ দাস, উজ্জ্বল দাসকে ধৰি এহাজাৰৰো অধিক বিভিন্ন দলৰ নেতা–কর্মীয়ে ইউপিপিএলত যোগদান কৰে৷

You might also like