হাগ্রামাৰ ফুটবলত ইমানদিনে বিজেপিয়ে পাম্প দি ফুলাই ৰাখিছিল
বিটিআৰত নতুন সূর্যোদয় ঘোষণা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ
নিয়মীয়া বাৰ্তা ৭ নৱেম্বৰঃ সোতৰ বছৰে বিটিচিৰ শাসন কৰা বি পি এফৰ বৰভেটি কঁপাই শুকুৰবাৰে বিটিচিৰ দুখনকৈ জনসভাত অংশগ্রহণ কৰি এইবাৰ বি টি আৰ পৰিষদীয় নির্বাচনত বিজেপিয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি দাবী কৰিলে অসমৰ স্বাস্থ্য, বিত্ত, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই৷ শুকুৰবাৰে ওদালগুৰি জিলাৰ মাজবাটৰ আই টি আই ফিল্ডত অনুষ্ঠিত এখন বিশাল জনসভাত অংশগ্রহণ কৰি মন্ত্রী ড০ শর্মাই বি পি এফপ্রধান হাগ্রামা মহিলাৰীক তীব্র সমালোচনা কৰি পোন্ধৰ বছৰে হাগ্রামাই বিটিচিবাসীক টেঙা আম বিক্রী কৰিলে, কিন্তু এইবাৰ বিটিচিবাসীয়ে হাগ্রামাৰ টেঙা আম নাখাব, তাৰ প্রমাণ ইতিমধ্যে দিছে বুলিও উল্লেখ কৰে৷ তেওঁ কয়– কেৱল নির্বাচনৰ সময়তহে হাগ্রামা মহিলাৰীক বিটিচিৰ সকলো জাতি–জনগোষ্ঠীৰ কথা মনত পৰে৷ কিন্তু নির্বাচনৰ পাছত হাগ্রামাই সকলো পাহৰি কেৱল স্বজন–তোষণৰ ৰাজনীতি কৰি আহিছে৷ বিটিচিত মাটি কিনিলে নামজাৰি নিদিয়ে৷ টকা নিদিলে চাকৰি নিদিয়ে আৰু দ্বিতীয় শ্রেণীৰ নাগৰিকৰ দৰে জীৱন যাপন কৰিবলগীয়া হয় অঞ্চলটোৰ সৰহসংখ্যক লোকে৷
এই সংক্রান্তত ৰসিকতা কৰি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আৰু কয়– বিটিচিত হোৱা এইবোৰ ঘটনাক লৈ হাগ্রামাক মই প্রশ্ণ কৰিছিলোঁ আৰু হাগ্রামাৰ উত্তৰ আছিল এনেধৰণৰ– দাদা, ব্রইলাৰক আমি যেনেকৈ দানা দি ৰাখোঁ আৰু ডাঙৰ হ’লে কাটি খাওঁ, ঠিক তেনেকৈ ময়ো বিটিচিবাসীক দানা দি ৰাখিছোঁ, সময়ত আহিলে কাটি খাবৰ বাবে৷ ৰাইজ, এতিয়া আপোনোলোকে নিজে বিবেচনা কৰিব আপোনালোক হাগ্রামাৰ ব্রইলাৰ চিকেন হৈ থাকিব বিচাৰে নে বিটিচিত সমমর্যাদাৰে থাকিব বিচাৰে৷ –প্রশ্ণ মন্ত্রী হিমন্ত বিশ্ব শর্মাৰ৷ বি টি আৰত বিজেপি চৰকাৰ আহিলে সম–উন্নয়নৰ লগতে পোন্ধৰ দিনৰ ভিতৰত মাটিৰ নামজাৰি নিশ্চিত কৰা, চাকৰিৰ লগতে অন্যান্য ক্ষেত্রতো সম–ধিকাৰ, সুবিধা প্রদান কৰাৰো নিশ্চিত প্রদান কৰে মন্ত্রী ড০ শর্মাই৷
তেওঁ লগতে হাগ্রামাৰ ফুটবলৰ ৰাজনীতিকো কটাক্ষ কৰি হাগ্রামাৰ ফুটবলত ইমান দিনে বিজেপিয়ে পাম্প দি ফুলাই ৰাখিছিল৷ কিন্তু ইমানৰ পাছতো যেতিয়া বিটিচিত উন্নয়ন নহ’ল, তেতিয়াহ’লে ৰাইজে বুলি পাব লাগিব যে হাগ্রামাৰ ফুটবলেই বেয়া৷ মন্ত্রীগৰাকীয়ে লগতে ৰাইজ তথা বি পি এফ কর্মীসকলক সম্বোধন কৰি কয়– এতিয়া কোনোবাই নাঙলেৰে হাল বাই খেতি কৰে নেকি, সেয়েহে বি পি এফ কৰি লাভ নাই৷ অ, অৱশ্যে বি পি এফ পইচা দিয়াত ভাল আৰু যদি পইচা দিয়ে, তেন্তে সেই পইচা ল’ব৷ সেইটো আপোনালোকৰেই টকা৷ দিল্লীৰ পৰা মোদীয়ে আৰু দিছপুুৰৰ পৰা বিজেপিয়ে দিছে৷ কিন্তু বি পি এফক ভোট দি নিজৰ ভৱিষ্যৎ অন্ধকাৰলৈ নেঠেলিব বুলিও মন্ত্রীগৰাকীয়ে আহ্বান জনায়৷ তেওঁ বিজেপি চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনিৰ কথাও উল্লেখ কৰি পৰিষদীয় নির্বাচনৰ পাছত মাজবাট বিধানসভা সমষ্টিত ষোল্ল হাজাৰ দৰিদ্র–দুখীয়া লোকক অৰুণোদয় আঁচনিৰ জৰিয়তে মাহত ৮৩০ টকাকৈ দিয়াৰ ব্যৱস্থা বিজেপি চৰকাৰে কৰিব বুলি উল্লেখ কৰাৰ লগতে বিটিচিত বিজেপিৰ চৰকাৰ আহিলে পোন্ধৰ বছৰে বি পি এফে কৰিব নোৱাৰা উন্নয়ন মাত্র ৪৫ দিনত বিজেপিয়ে কৰি দেখুৱাব বুলিও দাবী কৰে৷
ইপিনে, বিটিচি অঞ্চলত চলা ভয়–ভাবুকিৰ ৰাজনীতিকো তীব্র সমালোচনা কৰি মন্ত্রীগৰাকীয়ে কয়– এতিয়া আৰু বন্দুকৰ দিন নাই, অঞ্জলি দৈমাৰীক ভয় কৰিবলগীয়া দিনো নাই৷ বিটিচি অঞ্চলৰ সকলো বন্দুক–বাৰুদ পুলিচে উদ্ধাৰ কৰি নিজৰ জিম্মাত ৰাখিছে৷ এন ডি এফ বিৰ লগতে সকলো সশস্ত্র বড়ো বিদ্রোহীয়ে অস্ত্র সম্বৰণ কৰি মূলসুঁতিলৈ ঘূৰি আহিছে৷ কেন্দ্রত নৰেন্দ্র মোদীৰ নেতৃত্বত দীর্ঘদিনীয়া বডো সমস্যাৰ স্থায়ী সমাধানৰ লগতে অসম বিভাজনৰ শংকা বিজেপি চৰকাৰে চিৰদিনৰ বাবে নোহোৱা কৰিছে৷ এতিয়া আৰু কোনেও কাকো ভয়–শংকা কৰিবলগীয়া নাই৷ যদিও এতিয়াও আপোনালোকৰ মনত কিছু ভয়–শংকা আছে, তেন্তে মোৰ ফোন নম্বৰ লওক বুলি নিজৰ হোৱাটছএপ নম্বৰো ৰাজহুৱা কৰে মন্ত্রী ড০ শর্মাই৷ ওদালগুৰি জিলা বিজেপিৰ সাধাৰণ সম্পাদক অজয় কলিতাই আঁত ধৰা জনসভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কয়– আজিৰ পৰা তিনি বছৰ পূর্বে মই বিটিচিত বিজেপিয়ে চৰকাৰ কৰিব বুলি কোৱাত বিভিন্নজনে আকাশত চাং পতা বুলি কৈছিল৷ কিন্তু আজিৰ উপস্থিতিয়ে এইবাৰ বিজেপিৰ চৰকাৰ যে হ’ব সেয়া নিশ্চিত কৰিলে বুলি মন্তব্য কৰে৷ সভাত ৮নং মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা ভাৰতীয় জনতা পার্টীৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই ভাষণ প্রদান কৰি বি টি আৰবাসীৰ আগ্রহ আৰু আহ্বানৰ বাবেই বিজেপিয়ে বি টি আৰ নির্বাচনত শক্তিশালীভাৱে অৱতীর্ণ হৈছে আৰু নিশ্চিতভাৱে জয়লাভ কৰিব বুলি দাবী কৰে৷ সভাত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, ৰাজ্যসভাৰ প্রাক্তন সাংসদ তথা বিজেপি নেতা শান্তিয়াছ কুজুৰ, বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ লিম্বু, ওদালগুৰি জিলা সমিতিৰ সভাপতি কার্তিক চন্দ্র বডো, পাঁচনৈ চেৰফাং সমষ্টিৰ বিজেপি প্রার্থী দীপক মোৰ আদি কেইবাজনো নেতাই ভাষণ প্রদান কৰে৷ ইয়াৰ পূর্বে দিনৰ ১১ বজাত ওৰাঙৰ ৰাষ্ট্রীয় ঘাইপথৰ পৰা বিজেপিৰ যুৱ কর্মকর্তাসকলে এক বিশাল বাইক ৰেলী কৰি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, সাংসদ দিলীপ শইকীয়া আৰু পল্লৱলোচন দাসক আদৰি মাজবাটলৈ লৈ যায়৷