নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা নিৰ্বাচনৰ পিছতে দোকান বন্ধ হ’ব হাগ্ৰামাৰ : প্ৰমোদ বড়ো

ষ্টাফ ৰিপৰ্টাৰ,২৭ ছেপ্টেম্বৰ : আগন্তুক লোকসভা নিৰ্বাচনত বিপিএফ দলে দুটা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিলেও দুয়োটা সমষ্টিতে হাৰিব৷ ইয়াৰ পিছতে চিৰদিনৰ বাবে দোকান বন্ধ হব হাগ্ৰামা মহিলাৰীৰ ৷ আজি কোকৰাঝাৰৰ ফকিৰাগ্ৰাম কলেজৰ নৱাগত আদৰণী সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত উক্ত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে বিটিআৰ প্ৰধান প্ৰমোদ বড়োই। বিপিএফৰ সদস্যকে হাগ্ৰামা মহিলাৰীয়ে নিজৰ দলত যোগদান কৰাই সাংগঠনিক গণভিত্তি প্ৰবল বুলি আভুৱা ভাৰি আছে বুলিও মন্তব্য কৰি বিটিআৰ প্ৰধান প্ৰমোদ বড়োই কয় যে ইউপিপিএলৰ দিনত উন্নয়ন হোৱা নাই বুলি হাগ্ৰামা মহিলাৰীয়ে দাবী কৰাটো মিছা কথা। আমি বগা কলে হাগ্ৰামাই উলটাই কলা কয় বুলি অভিযোগ কৰিছে বড়োই ৷ সাংবাদিকৰ এক প্ৰশ্নোত্তৰত আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীত্ব সন্দৰ্ভত মিত্ৰদলৰ মাজত কোনো আলোচনা হোৱা নাই বুলি সদৰি কৰিছে বিটিআৰপ্ৰধান গৰাকীয়ে৷ ইপিনে উচ্ছেদ সন্দৰ্ভত একাংশই  ভুল বাখ্যা আগবঢ়াই আছে বুলি অভিযোগ কৰিছে প্ৰমোদ বড়োই ৷ বড়োই কয় যে ইউপিপিএলৰ কোনো উদ্দেশ্য নাই উচ্ছেদ কৰাৰ। কিন্তু বনাঞ্চল সম্পৰ্কীয় আইন আছে । মানুহকো সুৰক্ষা দিব লাগিব , বন্যপ্ৰাণীকো সুৰক্ষা দিব লাগিব । উচ্ছেদক লৈ একাংশই ভূল ব্যাখ্যা আগবঢ়াই আছে বুলি অভিযোগ কৰি এইক্ষেত্ৰত বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা কৰে প্ৰমোদ বড়োই৷ উল্লেখ্য যে আজি কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম কলেজৰ নৱাগত আদৰণী সভাত অংশগ্ৰহণ কৰি বিটিআৰ প্ৰধান প্ৰমোদ বড়োই ফকিৰাগ্ৰাম কলেজে নাকৰ দ্বাৰা মূল্যায়নত বি+ লাভ কৰাত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ফকিৰাগ্ৰাম কলেজৰ আন্ত:গাঁথনি নিৰ্মাণৰ বাবে এক কোটি আৰু চেমিনাৰৰ বাবে ১ লাখ টকা অনুদানৰ ঘোষণা কৰিছে প্ৰমোদ বড়োই।
প্ৰেৰক  শুকুৰ আকন্দ
You might also like