নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্রিক পৰীক্ষার্থীৰ পঞ্জীয়ন মাচুল ১,২০০ টকা

বিশেষ বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ আগন্তুক বর্ষত মেট্রিক পৰীক্ষাত অৱতীর্ণ হ’বলগীয়া শিক্ষার্থীসকলে সর্বোচ্চ ১২০০ টকা মাচুল আদায় দিব লাগিব৷ আজি অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)–এ এক নির্দেশনাৰ জৰিয়তে প্রকাশ কৰা অনুসৰি ২০২৪ বর্ষত মেট্রিক পৰীক্ষাত অৱতীর্ণ হ’বলগীয়া পৰীক্ষার্থীসকলৰ বাবে পৰীক্ষা মাচুল ৭০০ টকা নির্ধাৰণ কৰা হৈছে৷ তদুপৰি ব্যৱহাৰিক পৰীক্ষাৰ মাচুল ১৫০ টকা আৰু কেন্দ্রৰ মাচুল ৩৫০টকা নির্ধাৰণ কৰা হৈছে৷ অর্থাৎ ব্যৱহাৰিক পৰীক্ষাত অৱতীর্ণ হ’বলগীয়া শিক্ষার্থীসকলে ১২০০ টকা আৰু ব্যৱহাৰিক পৰীক্ষা নথকা শিক্ষার্থীসকলে ১০৫০ টকা মাচুল আদায় দিব লাগিব৷ তদুপৰি বার্ষিক স্বীকৃতি মাচুল ১০০০ টকা নির্ধাৰণ কৰা হৈছে৷ এই মাচুল শিক্ষা প্রতিষ্ঠানৰ মুৰব্বীয়ে ছেবাক আদায় দিব লাগিব৷ ছেবাৰ সচিব নৰনাৰায়ণ নাথে প্রকাশ কৰা এক জাননী অনুসৰি চৰকাৰী আৰু স্বীকৃতিপ্রাপ্ত ভেন্সাৰ শিক্ষানুষ্ঠানসমূহৰ যিসকল শিক্ষার্থীৰ পৰিয়ালৰ বার্ষিক উপার্জন দুই লাখ টকা অথবা তাতকৈ কম, তেওঁলোকক এই মাচুল ৰেহাই দিয়া হ’ব৷ এনে প্রার্থীসকলৰ অভিভাৱকে মাচুল ৰেহাইৰ বাবে শিক্ষা প্রতিষ্ঠানৰ মুৰব্বীৰ ওচৰত আবেদন দাখিল কৰিব লাগিব৷ আবেদনৰ সৈতে অভিভাৱক অথবা শিক্ষার্থীয়ে দাখিল কৰা নথি–পত্রসমূহৰ পৰীক্ষাৰ অন্ততহে শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে মাচুল ৰেহাই প্রদান কৰিব পাৰিব৷ জাননীত উল্লেখ কৰা অনুসৰি আন বিদ্যালয়ত অধ্যয়ন কৰি থকা একাংশ প্রার্থী আন এখন স্কুলৰ নামত পঞ্জীয়ন কৰিছে৷ এনে শিক্ষার্থী নিম্ন আয়ৰ পৰিয়ালৰ অন্তর্ভুক্ত হ’লেও মাচুল ৰেহাই লাভ নকৰিব বুলি স্পষ্ট কৰা হৈছে৷ যদিহে এনে প্রার্থীক মাচুল ৰেহাই দিয়া হয় আৰু পৰৱর্তী সময়ত এই তথ্য পোহৰলৈ আহে, তেনেহ’লে তেনে শিক্ষার্থীৰ ফলাফল স্থগিত ৰখাৰ লগতে সংশ্লিষ্ট শিক্ষা প্রতিষ্ঠানৰ মুৰব্বীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও ছেবাৰ সচিবজনে স্পষ্ট কৰি দিছে৷ আনহাতে, শিক্ষার্থীসকলে নৱম শ্রেণীত নামভর্তি কৰাৰ সময়ত ৰোপণ কৰা গছপুলিৰ বর্তমান অৱস্থা সন্দর্ভত ফটোগ্রাফ আবেদনৰ সৈতে গাঠি দিব লাগিব৷ নৱম শ্রেণীত যি বিদ্যালয়ত পঞ্জীয়ন কৰিছিল, সেই বিদ্যালয়তহে শিক্ষার্থীসকলে প্র–পত্র পূৰণ কৰিব পাৰিব৷ পঞ্জীয়ন বর্তমানলৈকে স্থানান্তৰিত নকৰা শিক্ষার্থীসকলে আন বিদ্যালয়ৰ পৰা প্র–পত্র পূৰণ কৰিব নোৱাৰিব৷ প্রতিগৰাকী শিক্ষার্থীৰ বিপৰীতে কেন্দ্রৰ মাচুল ৩৫০টকা ছেবাই প্রতিটো কেন্দ্রক সংশ্লিষ্ট সময়ত মুকলি কৰি দিব৷ কেন্দ্রসমূহৰ দায়িত্বত থকা শিক্ষকে পৰীক্ষা পর্টেলৰ জৰিয়তে বেংকৰ সবিশেষ তথ্য দাখিল কৰিব লাগিব৷ অনলাইন পৰীক্ষা পর্টেল অহা ৯ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ কার্যক্ষম হৈ থাকিব৷ আনহাতে, যিসমূহ শিক্ষার্থীয়ে দশম শ্রেণীৰ অন্তৱর্তী পৰীক্ষা যেনে– গোট পৰীক্ষা, ছমহীয়া পৰীক্ষা আৰু প্রি–বোর্ড পৰীক্ষাত অৱতীর্ণ হোৱা নাই তেনে শিক্ষার্থীসকলক মেট্রিক পৰীক্ষাত অৱতীর্ণ হ’বলৈ অনুমতি দিয়া নহ’ব বুলিও জাননীখনৰ জৰিয়তে ছেবাই স্পষ্ট কৰি দিছে৷ উল্লেখ্য যে অহা ৯ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ অনলাইনৰ জৰিয়তে শিক্ষার্থীসকলে প্র–পত্র পূৰণ কৰিব পাৰিব৷ অনলাইন মাচুল আদায়ৰ অন্তিম দিন হৈছে ৩১ অক্টোবৰ৷ এছবিআই বেংকত চালান আদায়ৰ অন্তিম দিন হৈছে ৩ নৱেম্বৰ৷ অহা ১৮ নৱেম্বৰলৈকে অনলাইন চেক লিষ্ট শুদ্ধ কৰিব পাৰিব৷ ইয়াৰ বাবে যাৱতীয় নির্দেশনাসমূহ ছেবাৰ অফিচিয়েল ৱেবছাইটৰ পৰীক্ষা পর্টেলত উপলব্ধ হ’ব৷ একে সময়তে আগন্তুক মেট্রিক পৰীক্ষাত অৱতীর্ণ হ’বলগীয়া শিক্ষার্থীসকলৰ অন্তৱর্তীকালীন পৰীক্ষাৰ নম্বৰসমূহ পর্টেলত আপলোড কৰিব লাগিব৷ অহা ২০ ডিচেম্বৰৰ পৰা ২৯ ডিচেম্বৰৰ ভিতৰত এই নম্বৰ অনলাইন পর্টেলৰ জৰিয়তে সংশ্লিষ্ট শিক্ষা প্রতিষ্ঠানে আপলোড কৰিব লাগিব৷ উল্লেখ্য যে চলিত বর্ষৰ তুলনাত আগন্তুক বর্ষৰ বাবে শিক্ষার্থীৰ মাচুল ১০০ টকা বৃদ্ধি পাইছে৷ চলিত বর্ষত শিক্ষার্থীৰ বাবে ৬৫০ টকা পৰীক্ষা মাচুল, ৩০০ টকা কেন্দ্র মাচুল আৰু ১৫০ টকা ব্যৱহাৰিক পৰীক্ষাৰ মাচুল নির্ধাৰণ কৰা হৈছে৷ অর্থাৎ চলিত বর্ষত মেট্রিক পৰীক্ষার্থীসকলৰ মাচুল আছিল ১১০০ টকা৷ আনহাতে, বার্ষিক স্বীকৃতি মাচুল চলিত বর্ষৰ ৮০০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি কৰা হৈছে৷

You might also like