নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হৰ ঘৰ ত্ৰিৰংগাঃ যোৰহাট পূব ৰাজহ চক্ৰত ব্যাপক প্ৰচাৰ-সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ যোৰহাট পূব ৰাজহ চক্ৰৰ চক্ৰই দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস পালনৰ বাবে চৰকাৰে জনোৱা আহ্বান “হৰ ঘৰ ত্ৰিৰংগা” কাৰ্যসূচী ৰূপায়নৰ উদেশ্যে জনসাধাৰণৰ মাজত বিভিন্ন প্ৰকাৰে ব্যাপক সজাগতামূলক প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে। ত্ৰিৰংগ পতাকা আৰু স্বদেশ প্ৰেমৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ মনোযোগ আৰু সন্মান বঢ়োৱাৰ উদেশ্যে ৰাজহ চক্ৰটোৰ গাঁও প্ৰধানসকলে মাইকযোগে প্ৰচাৰ আৰু বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। ইয়াৰে চেকনীধৰা গাঁৱৰ গাঁও প্ৰধান দিগন্ত বৰুৱাই ৬ আগষ্টত ন-আলি,কমলাবৰীয়াস্থিত ক্ৰিয়েটিভ আৰ্ট এণ্ড মিউজিক স্কুলত নিজা উদ্যোগত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰে। সমান্তৰালভাৱে গাঁওপ্ৰধানজনে কালি পুনৰ এক ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়নেৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। চেকনীধৰা গাঁৱৰ অন্তৰ্গত ৰজাবাৰীস্থিত জ্ঞানজ্যোতি এম ই স্কুলত সজাগতা সভাৰ লগতে যাদুকৰ বিকি সিঙৰ সহযোগত যাদু খেলৰ মাধ্যমেৰে ত্ৰিৰংগা পতাকাৰ মহত্ব প্ৰকাশৰ চেষ্টা চলায়।সভাত যোৰহাট পূব ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দেৱাহুতি ডেকা,লাট মণ্ডল সুভাকৰ গগৈ,যুৱ সমাজকৰ্মী সমৰ বাৰিক,অঞ্জন দত্ত,পঞ্চায়ত সদস্যা ইন্দিৰা দাস প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।উল্লখ্য গাঁও প্ৰধানজনে হাতত লোৱা প্ৰতিটো কাৰ্যসূচীতে জনসাধাৰণে ব্যাপক সহযোগিতা আগবঢ়াই অহা পৰিলক্ষিত হৈছে।

প্ৰেৰক নবজ্যোতি তামুলী

You might also like