নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত ৰাখীবন্ধন পালন বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ ৰঙিয়াত পবিত্ৰ ৰাখীবন্ধন উৎসৱ পালন প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয়া বিশ্ব বিদ্যালয়ত। ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ একাংশ মহিলাই ৰাখী পিন্ধালে বিজেপিৰ ৰাজ্যিক সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতাক। বিদ্যালয়খনত ৰাখীবন্ধন উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত ভৱেশ কলিতাই ভাতৃ-ভগ্নীৰ পবিত্ৰ উৎসৱ ৰাখীবন্ধনৰ তাৎপৰ্যৰ বিষয়ে উল্লেখ কৰে। ভাতৃ-ভগ্নীৰ সম্পৰ্কৰ এই পবিত্ৰ উৎসৱ সনাতন সংস্কৃতিৰ অবিচ্ছেদ্য অংগ বুলি কয় ভৱেশ কলিতাই।

প্ৰেৰক ফাৰুক হুছেইন

You might also like