নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘাতক বন্ধুঃ অভয়াপুৰীত বন্ধুৰ ছুৰিকাঘাতত প্ৰাণ গল বন্ধুৰ

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ এক নৃশংস হত্যাকাণ্ডই জোকাৰি গ’ল অভয়াপুৰী। অভয়াপুৰী থানাৰ অন্তৰ্গত ধূলাউৰাত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। এজন যুৱকে হত্যা কৰিলে নিজ বন্ধুক। মুকুন্দ সূত্রধৰ নামৰ যুৱকজনে সংঘটিত কৰিছে এই ঘটনা। মুকুন্দই ডেগাৰেৰে আক্রমণ কৰে তেওঁৰে বন্ধু অজিত নাথক। আৰক্ষীয়ে ইতিমধ্যে হত্যাকাৰী মুকুন্দ সূত্রধৰক গ্ৰেপ্তাৰ কৰিছে। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ধূলাউৰাত নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। প্ৰাপ্ত তথ্য মতে নিশা তিনি মান বজাত ধূলাউৰাৰ মুকুন্দ সূত্রধৰ নামৰ যুৱকজনে তেওঁৰ বন্ধু প্ৰতিৱেশী অজিত নাথৰ লগত ঘৰৰ কাষৰে পথৰ ওপৰত বহি কথা পাতি থাকোতে দুয়োৰে মাজত প্ৰথমে কথা কটাকটি আৰম্ভ হোৱাৰ সময়তে হঠাত মুকুন্দ সূত্রধৰে বন্ধু অজিত নাথৰ পেটত এখন ডেগাৰেৰে হানি দিয়ে। আহত অজিত নাথে প্ৰাণৰ মমতাত ওচৰৰে এটা পৰিয়ালত দৌৰি গৈ আশ্ৰয় লয় আৰু যন্ত্ৰণাত চিঞৰিবলৈ ধৰে। এই চিঞৰ শুনি ৰাইজ ওলাই আহি ১০৮ মৃত্যুঞ্জয় সেৱাৰ এম্বুলেন্সত ফোন কৰে যদিও প্ৰায় এঘন্টা পলমকৈ এম্বুলেন্স ঘটনাস্থলীত উপস্থিত হয় আৰু ততালিকে আহত অজিত নাথক বঙাইগাঁও অসামৰিক চিকিতসালয়লৈ নিয়া হয় যদিও যাত্ৰাপথতে অজিত নাথৰ মৃত্যু হয়। পিছত আৰক্ষীয়ে হত্যাকাণ্ডত অভিযুক্ত মুকুন্দ সূত্রধৰক গ্ৰেপ্তাৰ কৰাৰ লগতে হত্যাকাণ্ডত ব্যৱহৃত ডেগাৰখন জব্দ কৰে।
প্ৰেৰক বিনোদ বিহাৰী নাথ

You might also like