আত্মনির্ভৰশীলতাৰে অসমৰ বিকাশৰ লক্ষ্য
নিয়মীয়া বাৰ্তা, ১৯ মে’: ক’ভিড–১৯ক কেন্দ্র কৰি দেশত উদ্ভৱ হোৱা পৰিস্থিতিৰ জোৰা মৰাৰ লগতে দেশখনক আর্থিকভাৱে শক্তিশালী কৰাৰ লক্ষ্যৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ‘আত্মনির্ভৰশীল ভাৰত’ নামৰ ২০ লাখ কোটি টকাৰ এক আর্থিক পেকেজ ঘোষণা কৰে৷ মোদীৰ সেই বিশেষ আর্থিক পেকেজে ক’ভিড–১৯ৰ বাবে বিধ্বস্ত হৈ পৰা অসমৰ বিত্তীয় পৰিস্থিতি উদ্ধাৰৰ লগতে ৰাজ্য চৰকাৰে বাজেটৰ কোনো সালসলনি নকৰাকৈ সকলো ঘোষণা ৰূপায়ণ কৰিবলৈ সক্ষম হ’ব বুলি বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰে৷
সোমবাৰে বিয়লি জনতা ভৱনত আয়োজিত এখন সংবাদ মেলত মন্ত্রী ড০ শর্মাই কয় যে আত্মনির্ভৰশীল ভাৰতৰ আধাৰত অসমক আত্মনির্ভৰশীল কেনেদৰে ৰূপান্তৰিত কৰিব পাৰি, সেই সম্পর্কত অসম চৰকাৰে কেবিনেটত বিশেষভাৱে আলোচনা কৰিব৷ আত্মনির্ভৰশীলতাৰে অসমৰ অর্থনৈতিক বিকাশৰ সপোন বুকুত বান্ধি মন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যৰ সাম্প্রতিক অর্থনীতিৰ ক্ষেত্রত যি ঋণাত্মক প্রভাৱ পৰিছিল, মোদীৰ সেই পেকেজে যথেষ্ট সকাহ দিছে৷ পূর্বৰ ব্যৱস্থা অনুসৰি কোষাগাৰত চৰকাৰৰ নূন্যতম ১০৮ কোটি টকা জমা থাকিব লাগে৷ ১০৮ কোটি টকাতকৈ কম টকা থাকিলে কোষাগাৰে লেনদেন বন্ধ কৰি দিয়ে৷ কিন্তু এতিয়া অসম চৰকাৰে কোষাগাৰত ১০৮ কোটিৰ কম টকা থাকিলেও ৮০০ কোটি টকাপর্যন্ত নূ্যনতম সুদৰ নিৰিখত টকা উলিয়াব পাৰিব৷ সেইদৰে পূর্বৰ ব্যৱস্থাত ৱেজ এণ্ড মীন্ছ শিতানৰ পৰা ৯৪০ কোটি টকা উলিয়াব পাৰে আৰু সেই ধন চৰকাৰে এমাহৰ ভিতৰত পৰিশোধ কৰিব লাগে৷ কিন্তু এতিয়া ৱেজ এণ্ড মীন্ছ শিতানৰ পৰা ১৫০০ কোটি টকাপর্যন্ত ল’ব পাৰিব আৰু সেয়া ঘূৰাই দিয়াৰ সময় তিনি মাহপর্যন্ত লাভ কৰিব৷ অভাৰ ড্রাফ্টৰ ক্ষেত্রতো পূর্বতে ১৪ দিনৰ ভিতৰত ঘূৰাই দিয়াৰ যি ব্যৱস্থা আছিল, সেয়া ৯০ দিনলৈ বৃদ্ধি পালে৷ সাম্প্রতিক পৰিস্থিতিত ৰাজ্যৰ অর্থনীতিৰ বাবে এয়া বৃহৎ সকাহ৷ তদুপৰি কেন্দ্রৰ পৰা লাভ কৰা ডিভ’লিউচন পুঁজিৰ ক্ষেত্রত ৰাজ্যৰ বৰিঙৰ সক্ষমতা ৩ শতাংশৰ পৰা ৫ শতাংশলৈ বৃদ্ধি কৰাৰ ফলত এইবাৰ ১২ হাজাৰ কোটি টকা বৰিং কৰিব পৰা যাব৷ ইয়াৰ লগে লগে ৮ হাজাৰ কোটি টকাৰ লিকুইডিটী আহি পাব৷ ইয়াৰে কর্মচাৰীক দুমাহৰ দৰমহা দিব পৰা যাব৷ সেইদৰে প্রধানমন্ত্রীয়ে নাবার্ডক ‘ৰি–ফাইনেঞ্চ’ৰ বাবে ৫৩ হাজাৰ কোটি টকা দিয়াৰ লগে লগে এপেক্স বেংক, প্রাগজ্যোতিষ গাঁৱলীয়া বেংক আদি বেংকসমূহে এতিয়া অধিক ঋণ দিব পাৰিব৷ ব্যৱসায়ীসকলৰ ৱর্কিং কেপিটেলৰ ক্ষেত্রত তিনি মাহৰ বাবে সুদসহ ঋণৰ ধন ঘূৰাই দিয়াতো ৰেহাই দিছে৷ সাম্প্রতিক পৰিস্থিতিত ব্যৱসায়ীসকলৰ বাবে এয়াও এটা সকাহ৷ কৃষকক ৰবিশস্যৰ বাবেও পেকেজত তিনি কোটি টকা ঘোষণা কৰিছে৷ সংবাদ মেলখনত মন্ত্রী ড০ শর্মাই আৰু কয় যে লকডাউনৰ বাবে যোৱা দুমাহে জনসাধাৰণে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক বিদ্যুৎ মাচুল আদায় দিব পৰা নাই৷
নীপকো, এনএইচপিচি আদিকে ধৰি বিদ্যুৎ উৎপাদক কোম্পানীসমূহে বিদ্যুৎ পৰিষদক সেই মাচুল আদায় দিয়াৰ বাবে হেঁচা দি আছে৷ যোৱা দুটা মাহত অপৰিশোধীয় বিদ্যুৎ মাচুল ৬ হাজাৰ কোটি টকা হৈছে৷ এই মাচুল আদায় নিদিলে ৰাজ্যখনত অহা ১ জুনৰ পৰা গভীৰ বিদ্যুৎ সংকটে দেখা দিলেহেঁতেন৷ কিন্তু প্রধানমন্ত্রীৰ পেকেজে সেই সমস্যাৰ ক্ষেত্রতো সাময়িকভাৱে ভাৰত চৰকাৰৰ পৰা অসম চৰকাৰক ঋণ লৈ অপৰিশোধীয় বিদ্যুৎ মাচুল আদায় দিয়াৰ সুযোগ দিয়ে৷ ইয়াৰ ফলত ৰাজ্যখন বিদ্যুৎ সংকটৰ পৰা ৰক্ষা পৰে৷ সেইদৰে ৰাজ্যৰ ৬৬ হাজাৰ ক্ষুদ্র আৰু মজলীয়া উদ্যোগলৈও মোদীৰ পেকেজে নতুন বার্তা কঢ়িয়াই অনাৰ উল্লেখ কৰি তেওঁ কয় যে এতিয়াৰে পৰা সেই উদ্যোগসমূহে কোনো মডগেজ অবিহনে বেংকৰ পৰা ঋণ ল’ব পাৰিব৷ ইয়াৰ ফলত সর্থেবাৰীৰ কাঁহ–পিতলৰ শিল্প, শুৱালকুছিৰ বস্ত্র উদ্যোগ আদি স্থানীয় ক্ষুদ্র–মজলীয়া উদ্যোগসমূহ উপকৃত হ’ব৷ তদুপৰি ইতিমধ্যে মৃত্যুমুখত পৰা ক্ষুদ্র উদ্যোগসমূহেও পুনৰ নিজকে টনকিয়াল কৰাৰ বাবে ঋণ লোৱাৰ সুযোগ লাভ কৰিব৷ কর্মচাৰীৰ ভৱিষ্যনিধিৰ ক্ষেত্রতো তিনি মাহলৈকে পি এফৰ ধন জমা নিদিয়াকৈ থাকিব পাৰিব৷ পি এফত জমা কৰাৰ অংশ ১২ শতাংশৰ পৰা ১০ শতাংশলৈও হ্রাস কৰা হৈছে৷ ইপিনে কেন্দ্রীয় চৰকাৰৰ বিভিন্ন নির্মাণ খণ্ডৰ কাম–কাজ সম্পূর্ণ কৰাৰ ম্যাদ জৰিমনা অবিহনে ৬ মাহলৈ বৃদ্ধি কৰিছে৷ অসম চৰকাৰেও অনুৰূপ ধৰণে ৰাজ্য চৰকাৰৰ কাম সম্পূর্ণ কৰাৰ ম্যাদ জৰিমনা
অবিহনে ৬ মাহলৈ বৃদ্ধিৰ ব্যৱস্থা কৰিব৷ ঠিকাদাৰৰ ছিকিউৰিটী ডিপ’জিটৰ ক্ষেত্রতো গুৰুত্বপূর্ণ সিদ্ধান্ত লৈছে কেন্দ্রই৷ ভাৰত চৰকাৰে এতিয়াৰে পৰা যিমান শতাংশ কাম সম্পূর্ণ হ’ব, লগে লগে সিমান শতাংশ বেংক গেৰাণ্টী মোকলাই দিব৷ ইয়াৰ ফলত ঠিকাদাৰসকলে যথেষ্ট সকাহ পাব৷ টেক্স ৰিটার্নৰ ক্ষেত্রতো সময়সীমা বৃদ্ধিৰ লগতে টিডিএছৰ পৰিমাণ ২ শতাংশৰ পৰা ১.৫ শতাংশলৈ হ্রাস কৰা হৈছে৷ কৃষি খণ্ডতো গুৰুত্বপূর্ণ সিদ্ধান্ত লৈছে কেন্দ্রই৷ পূর্বতে অকল কৃষকেহে কিষাণ ক্রেডিট কার্ড অর্থাৎ কে চি চি লাভ কৰিছিল৷ এতিয়াৰে পৰা কৃষকৰ উপৰি গাহৰি পালক, কুকুৰা পালক, গো–পালকসকলেও কে চি চিৰ সুবিধা লাভ কৰিব৷ সেইদৰে বহিঃৰাজ্যৰ পৰা উভতি অহা প্রব্রজিত শ্রমিকসকলক অহা দুমাহৰ বাবে ৫ কিলোগ্রাম চাউল আৰু দাইল দিয়াৰ ব্যৱস্থা কৰাৰ লগতে তেওঁলোকক এমজি এনৰেগাৰ জবকার্ড দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ এমজি এনৰেগাৰ শ্রমিকসকলৰ মজুৰিও ১৮২ টকাৰ পৰা ২০২ টকালৈ বৃদ্ধি কৰা হৈছে৷ মুদ্রা লোনৰ ক্ষেত্রতো সুদৰ হাৰৰ ২ শতাংশ দায়িত্ব কেন্দ্রই বহন কৰিব৷ ইয়াৰ ফলত ৰাজ্যখনৰ ২০ লাখ হিতাধিকাৰী উপকৃত হ’ব৷ ষ্ট্রীট ভেণ্ডৰসকলকো ১০ হাজাৰ টকাকৈ দিয়াৰ নীতি গ্রহণ কৰিছে৷ জনধন একাউণ্ট থকা মহিলাসকলৰ একাউণ্টত মাহে ৫০০ টকাকৈ যোৱা এপ্রিল মাহৰ পৰা তিনি মাহলৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ ৰাজ্যখনত এক কোটি মহিলাৰ হাতত এনেধৰণৰ একাউণ্ট আছে৷ এই তিনি মাহত প্রত্যেকে ১৫০০ টকাকৈ লাভ কৰিব৷ উজ্বলা গেছৰ ক্ষেত্রতো তিনিটাকৈ চিলিণ্ডাৰ বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ এই আঁচনিয়েও ৰাজ্যখনৰ ৩৫ লাখ লোকক সামৰি ল’ব৷ ইয়াৰ বাবে ব্যয় হ’ব ৭৩৫ কোটি টকা৷ একেদৰে ৰাজ্যখনৰ ৮.৫ লাখ বৃদ্ধ লোকক নিয়মীয়া বৃদ্ধপেন্সনৰ লগতে অতিৰিক্তভাৱে প্রত্যেককে এহেজাৰ টকাকৈ একাউণ্টত দিয়া হ’ব৷ এই আঁচনিতো ৮৫ কোটি টকা ব্যয় হ’ব৷ ইপিনে স্বয়মপ্রভা নামৰ চেনেলত অসমীয়া মাধ্যমত ছাত্র–ছাত্রীক পাঠদানৰ ব্যৱস্থা কৰিছে৷ আত্মসহায়ক গোটৰ ঋণৰ পৰিমাণো বৃদ্ধি কৰা হৈছে৷ কৃষিৰ পৰা উদ্যোগলৈ প্রতিটো ক্ষেত্রতে আশাৰ বতৰা আহিছে৷ পৰহিলৈ এই সম্পর্কত মুখ্যমন্ত্রী আৰু তেওঁ বেংক কর্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হ’ব৷ মন্ত্রী ড০ শর্মাই কয় যে এই সমস্ত আঁচনিৰ ফলত অসমৰ মুঠ জনসংখ্যাৰ ৫০ শতাংশ উপকৃত হৈছে৷ সংবাদ মেলখনত মন্ত্রী ড০ শর্মাই কয় যে মোদীৰ সেই আর্থিক পেকেজৰ ফলত ৰাজ্য চৰকাৰৰ বিত্তীয় পৰিসৰ ৩ হাজাৰ কোটি টকালৈ বৃদ্ধি পাব৷ ফলত ৰাজ্যৰ বাজেটখনৰ কোনো ধৰণৰ সালসলনি নকৰাকৈ বাজেটত কৰা ঘোষণাসমূহ ৰূপায়ণ কৰিব পৰা যাব৷