নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধান শিক্ষক–অধ্যক্ষই প্রদান কৰিব পাৰিব আয়ৰ বিকল্প প্রমাণ–পত্র

শিক্ষার্থী অথবা অভিভাৱকে দাখিল কৰিব লাগিব শপতনামাঃ প্রকৃত মার্কশ্বীট পৰীক্ষা নকৰাকৈ নামভর্তিৰ সুবিধা দিব পাৰিব কলেজে

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ শিক্ষানুষ্ঠানসমূহত বিনামূলীয়া নামভর্তিৰ বাবে প্রয়োজনীয় উপার্জনৰ প্রমাণ–পত্র প্রদান কৰিব পাৰিব শিক্ষানুষ্ঠানৰ অধ্যক্ষ অথবা প্রধান শিক্ষকে৷ শিক্ষার্থীয়ে অধ্যয়ন কৰা শিক্ষানুষ্ঠানৰ প্রধান শিক্ষক অথবা অধ্যক্ষই এই বিকল্প উপার্জনৰ প্রমাণ–পত্র প্রদান কৰিব পাৰিব৷ শিক্ষার্থীগৰাকীৰ পৰিয়ালৰ বছৰেকীয়া আয় দুই লাখৰ তলত বুলি নামভর্তি কৰিবলগীয়া শিক্ষানুষ্ঠানখনৰ মুৰব্বী পতিয়ন গ’লে তেওঁ তেনে ছাত্র–ছাত্রীক এই আঁচনিৰ অধীনত নামভর্তি কৰিব পাৰিব৷ চলিত বর্ষৰ নামভর্তিৰ প্রাক্ক্ষণত উপার্জনৰ প্রমাণ–পত্র বিচাৰি একাংশ শিক্ষার্থীয়ে হাহাকাৰ কৰিবলগীয়া হোৱাৰ পিছতে কালি উচ্চ শিক্ষা বিভাগে এই নির্দেশনা প্রদান কৰিছে৷ এই নতুন নির্দেশনা অনুসৰি মাচুল ৰেহাইৰ আঁচনিৰ সুবিধা গ্রহণৰ বাবে ছাত্র–ছাত্রী অথবা অভিভাৱকে তেওঁলোকৰ বার্ষিক আয় সন্দর্ভত এখন শপতনামাও দাখিল কৰিব পাৰিব৷

অৱশ্যে এনেদৰে দাখিল কৰা আয়ৰ প্রমাণ–পত্র সংশ্লিষ্ট কর্তৃপক্ষই এবছৰৰ ভিতৰত পৰীক্ষা কৰিব লাগিব৷ এইক্ষেত্রত ভুৱা প্রমাণ–পত্র বুলি প্রমাণিত হ’লে সংশ্লিষ্ট কর্তৃপক্ষই তেনে ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰিব পাৰিব৷ আনহাতে ৰাজ্য চৰকাৰে জাৰি কৰা নুতন জাননী অনুসৰি মহাবিদ্যালয় কর্তৃপক্ষই শিক্ষার্থীসকলক প্রকৃত মার্কশ্বীট অবিহনেই নামভর্তিৰ সুবিধা প্রদান কৰিব পাৰিব৷

কিন্তু শিক্ষার্থীসকলে অহা ১৫ অক্টোবৰৰ ভিতৰত প্রকৃত মার্কশ্বীট শিক্ষানুষ্ঠানসমূহত দাখিল কৰিব লাগিব৷ অন্যথা তেওঁলোকৰ নামভর্তি বাতিল কৰা হ’ব৷ উল্লেখ্য যে পৰিয়ালৰ বছৰেকীয়া আয় দুই লাখৰ তলত বুলি প্রমাণ–পত্র লাভ কৰাৰ বাবে শিক্ষার্থীসকলে চক্র বিষয়াৰ কার্যালয়সমূহত ভিৰ কৰা পৰিলক্ষিত হৈছে৷ আনকি বহু স্থানত এই প্রমাণ–পত্র প্রদানৰ বাবে উৎকোচ দিবলগীয়া হোৱাৰ তথ্যও পোহৰলৈ আহিছিল৷ সমান্তৰালভাৱে চক্র বিষয়াৰ কার্যালয়সমূহে তৎকালীন এই উপার্জনৰ প্রমাণ–পত্র প্রদান নকৰাত একাংশ শিক্ষার্থী নামভর্তিৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনায়ো দেখা দিছে৷ যাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে উপার্জনৰ বিকল্প প্রমাণ–পত্র প্রদানৰ এই নতুন নির্দেশনা জাৰি কৰিছে৷

You might also like