নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যাতায়াত সুচল কৰাৰ দাবীত ৭ সংগঠনৰ উত্তাল প্রতিবাদ

নিমাতীৰ পৰা মাজুলীলৈ দৈনিক তিনিবাৰ চলিব ৰ’পেক্স

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে ফেৰী যাত্রীয়ে দুর্ভোগ ভোগাৰ বাতৰি সম্প্রচাৰ হোৱাৰ পিছত মঙলবাৰৰ পৰা মাজুলীৰ অফলামুখঘাটৰ পৰা আৰু নিমাতীৰ দিশৰ পৰা যাত্রী পৰিবহণৰ বাবে দিনটোত দুবাৰৰ পৰিৱর্তে তিনিবাৰ ফেৰী চলাচলৰ ব্যৱস্থা কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে৷ আজিৰ পৰা সলনি হৈছে ৰ’পেক্সৰ সময়সূচী৷ সেই অনুসৰি মাজুলী–ফলামুখঘাট পৰা পুৱা ৮ বজাত আৰু ১১ বজাত, বিয়লি তিনি বজাত ৰ’পেক্স যোৱাৰ বিপৰীতে নিমাতীৰ পৰাও একেই সময়তে পুৱা ৮ বজাত আৰু ১১ বজাত, বিয়লি তিনি বজাত মাজুলী অভিমুখে চলিব ফেৰী৷ ৬০খন দুচকীয়া বাহন, ৮খন চাৰিচকীয়া বাহনসহ ২০০ যাত্রী এবাৰত পাৰ হ’ব পাৰিব বুলি বিভাগৰ পৰা জানিব পৰা গৈছে৷

আন এক সূত্রই জানিবলৈ দিয়া মতে, মাজুলীৰ পৰা পুৱা ৮ বজাত আৰু ১১ বজাত ২০০ যাত্রী লৈ ৰ’পেক্স যোৰহাট অভিমুখে গৈছে যদিও বিয়লি মাত্র ৯২জন যাত্রী আৰু ৩২খন বাইক লৈ নিমাতী অভিমুখে ৰাওনা হৈছে ৰ’পেক্সখন৷ আনহাতে কমলাবাৰী ফেৰী ঘাটতো সলনি হৈছে সময়সূচী৷ পুৱা ৮ বজাত আৰু ১ বজাত কমলাবাৰীৰ পৰা নিমাতীলৈ ফেৰী চলাৰ বিপৰীতে নিমাতীঘাটৰ পৰা পুৱা ১০.৩০ বজাত আৰু বিয়লি ৩.৩০ বজাত মাজুলীলৈ চলিব ফেৰী সেৱা৷ এই সময়সূচীক লৈ যাত্রীসকলে সন্তুষ্টি প্রকাশ কৰিছে যদিও মাজুলীৰ সচেতন মহলে পূর্বৰ পৰা বিভাগে মাজুলীবাসীক বহু ফাঁকি দি অহা বুলি মন্তব্য কৰিছে৷ কি ৰহস্যৰ বাবে ব্যক্তিগত মালিকানাধীন ফেৰীসমূহৰ স্বার্থত চলিত বর্ষৰ ২১ ফেব্রুৱাৰীতেই মাজুলীলৈ অহা ৰ’পেক্স নচলোৱাকৈ ৰাখিছে বুলি প্রতিক্রিয়া প্রকাশ কৰিছে৷ জল পৰিবহণ বিভাগে ব্যক্তিগত মালিকানাধীন লেচীৰ স্বার্থত কমিছনৰ অংকত চৰকাৰী ৰ’পেক্সসমূহ নচলোৱাকৈ ৰাখিছিল বুলি মন্তব্য কৰিছে৷ আছুৰ মাজুলী জিলাৰ সম্পাদক বিতোপন শর্মাই মাজুলীবাসীৰ স্বার্থত মাজুলী–যোৰহাটৰ দলং নির্মাণৰ কাম খৰতকীয়া কৰিবলৈ দাবী জনোৱাৰ লগতে দলং নির্মাণৰ কাম সম্পাদন নোহোৱালৈকে মাজুলীৰ অফলা আৰু কমলাবাৰী পাৰঘাটত ৫খনকৈ অত্যাধুনিক ফেৰী প্রদানৰ দাবী জনাইছে৷ ইফালে, অসম যুৱ–ছাত্র পৰিষদৰ মাজুলীৰ সভাপতি মুনীন্দ্র ভূঞাই পূর্বৰ পৰা ৰ’পেক্স, ৰ’ ৰ’ ফেৰী নচলোৱাটো বিভাগৰ এক কূট–কৌশল বুলি মন্তব্য কৰাৰ লগতে মাজুলীৰ উপায়ুক্ত আৰু জল পৰিবহণ বিভাগৰ দুর্বলতাৰ আঁৰত বহু ৰহস্য থকা বুলি মন্তব্য কৰাৰ লগতে এই মর্মান্তিক ঘটনাৰ সঠিক তদন্ত হ’ব লাগে বুলি দাবী জনাইছে৷
মাজুলীত সাত সংগঠনৰ যৌথ প্রতিবাদ
যোৱা ৮ ছেপ্টেম্বৰত সংঘটিত ফেৰী দুর্ঘটনাৰ পিছত আজিপর্যন্ত সুচল নহ’ল মাজুলী–নিমাতী সংযোগী ফেৰী যাতায়াত৷ পুৱতিনিশা ৩ বজাৰ পৰা ফেৰীঘাটত দীঘলীয়া শাৰী পাতিবলগীয়া হৈছে মাজুলীৰ ৰাইজে৷ মাজুলীলৈ মুখ্যমন্ত্রীকে ধৰি বিভিন্ন মন্ত্রী আহি আশ্বাস দিলে যদিও আজিপর্যন্ত কোনো ব্যৱস্থা কার্যকৰী নহ’ল৷ সেয়ে জাঙুৰ খাই উঠিছে মাজুলী জিলা ছাত্র সন্থাকে ধৰি মাজুলীৰ সাতটাকৈ সংগঠন৷ আজি জিলা সদৰ গডমূৰত প্রতিবাদ সাব্যস্ত কৰে সংগঠনকেইটাই৷ প্রতিবাদস্থলীৰ পৰা ৰাজ্য চৰকাৰ আৰু জিলা প্রশাসনৰ চৰম বিফলতা আৰু পৰিবহণ মন্ত্রীগৰাকীৰ অকর্মণ্যতাৰ বাবেই এই ঘটনা সংঘটিত হ’ল বুলি ক্ষোভ প্রকাশ কৰে আছুৰ ৰাজ্যিক কার্যনির্বাহক পৱিত্র গোস্বামীয়ে৷ অসম চৰকাৰ হায় হায়, চন্দ্রমোহন পাটোৱাৰী গ’ বেক, জিলা প্রশাসন হায় হায়, আভ্যন্তৰীণ জল পৰিবহণ বিভাগ মুর্দাবাদ, শীঘ্রে যাতায়াত ব্যৱস্থা সুচল কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ প্রতিবাদস্থলীৰ পৰা মাজুলী জিলা ছাত্র সন্থাৰ সভাপতি অজিত হাজৰিকা, সাধাৰণ সম্পাদক বিতোপন শর্মা, মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিত কুমাৰ ভূঞা, সম্পাদক মনোজ্যোতি ৰেগন, মাজুলী জিলা জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সভাপতি মুনীন্দ্র ভূঞা, সম্পাদক পৱিত্র বৰা, মাজুলী জিলা সাংবাদিক সন্থাৰ সভাপতি দিবাকৰ শইকীয়া, সম্পাদক দীপু বৰা, টি এম পি কেৰ মাজুলী জিলাৰ সভাপতি ৰাজু চিন্তে, সম্পাদক টুটু পাংগিং, আপকুৰ মাজুলী জিলাৰ সভাপতি জ্যোতিষ কুমাৰ তামুলী, সম্পাদক ভাস্কৰ বৰা, এম এম কেৰ মাজুলী জিলাৰ সভাপতি ৰাজীৱ পেগু, সম্পাদক ৰঞ্জিত গাম স্বাক্ষৰসম্বলিত এখন স্মাৰক–পত্র মুখ্যমন্ত্রীলৈ প্রেৰণ কৰি শীঘ্রে সমস্যা সমাধানৰ দাবী জনাইছে৷ কার্যসূচীত উপস্থিত থাকে আপকুৰ কেন্দ্রীয় নেতা জীৱন বৰুৱা, জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ প্রাক্তন সভাপতি জগত হাজৰিকা, জিলা আছুৰ উপ–সভাপতি দীপক নেওগকে ধৰি বহুসংখ্যক ব্যক্তি উপস্থিত থাকে৷
আৰক্ষীৰ জালত কনিষ্ঠ অভিযন্তা অসীম বৰুৱা
নিমাতীঘাটত সংঘটিত ফেৰী দুর্ঘটনাৰ তদন্ত চপাই আনিছে যোৰহাট আৰক্ষীয়ে৷ ইতিমধ্যে ফেৰী দুর্ঘটনা সন্দর্ভত আৰক্ষীয়ে প্রথমে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ৭জন সাধাৰণ কর্মচাৰী আৰু মা কমলা নামৰ দুর্ঘটনাগ্রস্ত ফেৰীখনৰ ৪জন কর্মচাৰীক গ্রেপ্তাৰ কৰাৰ পিছত কালি ফেৰী মাফিয়া তথা ফেৰীখনৰ মালিক পানীৰাম কলিতাক ডিব্রুগডৰ এখন ব্যক্তিগত নার্ছিং হোমৰ পৰা গ্রেপ্তাৰ কৰে৷ আজি পুনৰ যোৰহাট আৰক্ষীযে নিমাতী–কমলাবাৰী ফেৰী ঘাটৰ দায়িত্বত থকা কনিষ্ঠ অভিযন্তা অসীম বৰুৱাক আটক কৰি সোধা–পোছা কৰিছে৷ ফেৰী দুর্ঘটনা সংঘটিত হোৱা দিনটোত কনিষ্ঠ অভিযন্তা অসীম বৰুৱা ছুটীত আছিল৷ উক্ত দিনটোত আনজন কনিষ্ঠ অভিযন্তা ৰাতুল তামুলীক দায়িত্ব দিয়া হৈছিল৷ কিন্তু দীর্ঘদিন নিমাতী–কমলাবাৰীৰ ফেৰী সেৱাৰ দায়িত্বত থকা অসীম বৰুৱাই মা কমলা নামৰ ম্যাদ উকলি যোৱা ফেৰীখনক অনুমতি দিছিল৷ বৃহৎ কমিছনৰ অংকত নিমাতী–মাজুলী ফেৰী সেৱাত কেইবাগৰাকী বিষয়া–কর্মচাৰীৰ সহায়ত ফেৰীৰ মালিকৰ সৈতে গোপন বুজাবুজিৰে চৰকাৰী ফেৰী নচলাই ব্যক্তিগত ফেৰী চলাই আহিছিল অসীম বৰুৱাই৷ ফলত যোৱা ৮ ছেপ্ঢেম্বৰত নিমাতীঘাটত সংঘটিত হ’ল ভয়ংকৰ ফেৰী দুর্ঘটনা৷ বুধবাৰে সংঘটিত নিমাতীঘাটৰ ফেৰী দুর্ঘটনা সন্দর্ভত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কার্যবাহী অভিযন্তা বিক্রমজিৎ চৌধুৰী, যোৰহাট উপ–সংমণ্ডলৰ সহকাৰী অভিযন্তা মুকুট গগৈ, কনিষ্ঠ অভিযন্তা ৰাতুল তামুলীক তৎকালে নিলম্বন কৰা হৈছে যদিও বর্তমানো আৰক্ষীৰ তদন্তৰ আওতালৈ এই বিষয়াকেইজন নহা বিষয়টোৱে তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ বিভিন্ন দল–সংগঠনে জল পৰিবহণ বিভাগৰ অভিযুক্ত বিষয়া–কর্মচাৰীকেইগ্ গ্রেপ্তাৰৰ দাবী জনাইছে৷

You might also like