নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাৰমতীত ড্ৰাগছ-ভাং সৰবৰাহকাৰীৰ ৰূপত মাতৃ-পুত্ৰ

🔹 বিলাসী বাহনত ওলাল ড্ৰাগছ-ভাং
নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰ : দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে গাঞ্জা আৰু মাৰাত্মক ড্ৰাগছৰ ব্যৱসায় ৷ লখিমপুৰৰ জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জিলাখনত প্ৰৱেশ কৰিয়েই অপৰাধীৰ বিৰুদ্ধে যুদ্ধকালীনভাৱে পদক্ষেপ গ্ৰহণ কৰিছিল যদিও কিবা কাৰণত সেই অভিযান চেঁচা পৰে ৷ বহু অপৰাধীয়ে ড্ৰাগছ আৰু ভাং সৰবৰাহৰ অপৰাধত জেলৰ ভাত খোৱাৰ পাছতো আজিও জিলাখনৰ হাৰমতী, বান্দৰদেৱা, লালুক আৰু বঙালমৰা অঞ্চল মুক্ত নহ’ল ৷ পুৰণা পাপীয়ে জেলৰ পৰা আহি পুনৰ নতুন কৌশল অৱলম্বন কৰি বান্দৰদেৱা, হাৰমতীত অসামাজিক কাৰ্যকলাপ চলাই থকাৰ অভিযোগ তুলিছে লখিমপুৰ জিলা ছাত্ৰ সন্থাই ৷ হাৰমতী আৰু বান্দৰদেৱাৰ আৰক্ষীৰ ভূমিকালৈ ৰাইজৰ লগতে আছুৱে প্ৰশ্ন তুলিছে ৷ উল্লেখ্য যে হাৰমতী আৰক্ষীক অংগুষ্ঠ দেখুৱাই  হাৰমতী ৫নং পট্টাৰ  শিৱা তাঁতী (চাওচি )ৰ ঘৰত ভাৰাতীয়া হিচাপে থাকি ড্ৰাগছৰ সৰবৰাহ চলাই থকাৰ অভিযোগত আজি আৰক্ষীৰ জালত পৰে মাতৃ হাছবুল বেগমসহ পুত্ৰ আমান ৰহমান। আনহাতে, শিৱা তাঁতী (চাওচি)য়ে পৰিয়ালটোৰ সদস্য এই ব্যৱসায়ৰ লগত জড়িত বুলি কিছুদিনৰ আগতে জানিব পাৰি লখিমপুৰ জিলা আৰক্ষী অধীক্ষকক লিখিতভাৱে অৱগত কৰে। আজি অতৰ্কিতে হাৰমতী আৰক্ষী আৰু লালুক আৰক্ষীয়ে অভিযান চলাই আমান ৰহমানৰ বিলাসী এ আৰ-০১পি-৯৮১৬ নম্বৰৰ গাড়ীখনৰ চকাৰ ওপৰৰ মাডগাৰৰ ভিতৰত পলিথিনত মেৰিয়াই ৰখা দুটা টোপোলা উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে মাতৃ-পুত্ৰক গাঞ্জা আৰু ড্ৰাগছসহ আটক কৰাৰ পিছত চিঞৰ-বাখৰ কৰি শিৱা তাঁতীক প্ৰাণেমৰাৰ ভাবুকি দিয়ে ৷ উপায়হীন হৈ শিৱাই হাৰমতী আৰক্ষীত মাতৃ-পুত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷
প্ৰেৰক মুকুল ভূঞা
You might also like