নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধাৰাসাৰ বৰষুণত স্বাভাৱিক জীৱনযাত্ৰা ব্যাঘাত ডিমা হাছাওত

নিয়মীয়া বাৰ্তা, ২ মে’ : ডিমা হাছাও জিলাৰ বিভিন্ন প্ৰান্তত বুধবাৰে নিশাৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত জিলা খনৰ বিভিন্ন প্ৰান্তত ভূমিস্খলন আৰু কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাত স্বাভাৱিক জীৱন ব্যাহত হৈ পৰিছে। বিশেষকৈ নিশাৰ ভাগত মুষলধাৰ বৰষুণ আৰু ভূমিস্খলনে দুৰ্গম পাহাৰীয়া অঞ্চলৰ গাঁৱৰ বহু পৰিয়ালৰ বাসগৃহ ক্ষতিগ্ৰস্ত কৰিছে । আনহাতে বিমান হাছাও বিস্তৃত ৰেলপথৰ কেইবাঠাইত ভূমিস্খলন তথা পাহাৰীয়া পানীৰ ধল হৈ অহাৰ ফলত ৰেল যাতায়তত ব্যাঘাত জন্মে। ইফালে জিলাখনৰ আন্তঃজিলা যাতায়ত ব্যৱস্থা ভূমিস্খলন আৰু বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হোৱাত ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদে হাফলঙৰ সকলো বিদ্যালয় বন্ধ কৰি দিয়াৰ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে ডিমা হাছাও জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰতিকুল বতৰৰ প্ৰতি লক্ষ্য ৰাখি ৪ মে’লৈকে অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈ সৰ্বসাধাৰণ ৰাইজক আহ্বান জনাইছে । ইফালে উক্ত প্ৰাকৃতিক দুৰ্যোগৰ ফলত হাফলং- শিলচৰৰ পথৰ যোগাযোগ ব্যৱস্থা ব্যাহত হৈছে। উল্লেখযোগ্য যে জিলাখনৰ হাৰাংগাজাও আৰু মিয়ুংখ্ৰোৰ মাজৰ পথটো পাহাৰীয়া পানীৰ দলৰ বাবে জলমগ্ন হয়। ইয়াৰড়ফলত দুয়োকাষে বিপুল সংখ্যক বাহন আবদ্ধ হৈ পৰে । ইফালে হাফলঙৰ ৰামনগৰ অঞ্চলৰ কেইবাটাও ঘৰ হাফলং হ্ৰদৰ পৰা অহা পানীয়ে প্লাৱিত কৰে। আনহাতে মাহুৰৰ দিয়ুং নদীৰ ওপৰত অৰ্ধনিৰ্মিত দলংখন পাহাৰীয়া ধলে উটুৱাই লৈ যায় । ইফালে এন চি হিলছ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডেব’লাল গৰ্লোছাই বৃহস্পতিবাৰে ডেহাংগীৰ বান ক্ষতিগ্ৰস্ত আৰু ধুমুহা প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত গৰ্লোছাই ক্ষতিগ্ৰস্ত ঘৰসমূহ নিৰিক্ষণ কৰাৰ উপৰি সেই সমূহ তাৎক্ষণিক ভাৱে নিৰ্মাণৰ আস্বাস প্ৰদান কৰে।

প্ৰেৰক হেমন্ত কুমাৰ নাথ

You might also like