নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰৰ ৰামনগৰ আইএছবিটিৰ পৰা উদ্ধাৰ ৩ কোটি টকাৰ হেৰ’ইন

নিয়মীয়া বাৰ্তা, ১০ মে’ : ড্ৰাগছৰ বিৰুদ্ধে অভিযানত পুনৰ সফল হ’ল কাছাৰ আৰক্ষী। শিলচৰৰ ৰামনগৰ আই এছ বি টিৰ পৰা কালি নিশা অভিযান চলাই ৩ কোটি টকাৰ হেৰ’ইন উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে ৫৭২ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে। কেইবাটাও চাবোনৰ কেচৰ পৰা হেৰ’ইন জব্দ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। হেৰ’ইন সৰবৰাহত জৰিত তিনিজন চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ আৰক্ষীয়ে। উদ্ধাৰ হোৱা হেৰ’ইনৰ মূল্য তিনি কোটি টকা হ’ব। হেৰ’ইনখিনি চুবুৰীয়া ৰাজ্যৰ পৰা আনি কাছাৰৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰা হৈছিল। ইতিমধ্যে শিলচৰ সদৰ থানাত হেৰ’ইন সৰবৰাহৰ অভিযোগত তিনিজন লোকক গ্ৰেপ্তাৰ কৰি জেৰা কৰা হৈছে।
প্ৰেৰক গৌতম তালুকদাৰ
You might also like