নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ মে’ৰ পৰা সোণাপুৰত গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃকলেজ ফুটবল

নিয়মীয়া বাৰ্তা, ১০ মে’ : গুৱাহাটী বিশ্ববিদ্যালয় ক্ৰীড়া পৰিষদৰ দ্বাৰা পৰিচালিত গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় ফুটবল প্ৰতিযোগিতাখনি ১৫, ১৬ আৰু ১৭ মেৰ পৰা সোণাপুৰত অনুষ্ঠিত হ’ব৷ সোণাপুৰ মহাবিদ্যালয়ৰ উদ্যোগত হবলগীয়া প্ৰতিযোগিতাৰ খেলসমূহ বিশেষকৈ  সোণাপুৰ ক্ষুদ্ৰ ক্ৰীড়াংগন, গুমৰীয়া হাইষ্কুল খেলপথাৰ আৰু টেপেচিয়াৰ লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হব ৷ উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ১৫ মেৰ দিনা দিনৰ ১০.৩০ বজাত ফুটবল প্ৰতিযোগিতাৰ শুভ উদ্বোধন কাৰ্যসূচীৰ  আয়োজন কৰা হৈছে ৷ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ভাৰতীয় সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈ। আনহাতে উক্ত অনুষ্ঠানত দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই সন্মানীয় অতিথিৰ  লগতে অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক পমী বৰুৱা, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালকালয়ৰ সঞ্চালক প্ৰদীপ টুমুঙে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব৷ প্রায় ত্রিশটা দলে অংশগ্রহন কৰিব লগা প্রতিযোগিতাখনৰ ফাইনেল খেল আৰু সামৰণী অনুষ্ঠানটি ১৭ মেত দিনৰ ২ বজাত সোণাপুৰ ক্ষুদ্ৰ ক্ৰীড়াংগনত অনুষ্ঠিত হব৷ উক্ত সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব LNIPEৰ ডীন অধ্যাপক শংকৰজ্যোতি বসুমতাৰী আৰু আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট ক্ৰীড়া সাংবাদিক তথা ক্ৰীড়া আলোচনী “অভিৰুচি”ৰ সম্পাদক বলেন্দ্ৰ মোহন চক্ৰৱৰ্ত্তী আৰু অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা বিশিষ্ট ক্ৰীড়া সংগঠক ৰাজীৱ প্ৰকাশ বৰুৱাই৷ উক্ত অনুষ্ঠনতেই আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ  হলিচৰণ নাৰ্জাৰী আৰু সোণাপুৰৰ প্ৰবীণ ক্ৰীড়া সংগঠক তথা ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ, সৰ্বভাৰতীয় বিশ্ববিদ্যালয় ফুটবল প্ৰতিযোগিতাত ১৯৫৭ চনত গুৱাহাটী বিশ্ববিদ্যালয় দলক প্ৰতিনিধিত্ব কৰা সোণাপুৰৰ বিশিষ্ট চিকিৎসক ডাঃ জ্ঞানব্ৰত ৰয়ক বিশেষ সম্বৰ্ধণা জনোৱা হব৷ প্ৰতিযোগিতাখনি সুকলমে পৰিচালনা কৰিবলৈ সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দেৱব্ৰত খনিকৰক সভাপতি, অধ্যাপক ড৹ বিমান পাটোৱাৰীক সম্পাদক, সোণাপুৰৰ বিশিষ্ট ক্ৰীড়া সংগঠক, খেলুৱৈ, সোণাপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰীক লৈ এখন বৃহৎ অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে ৷ সেয়েহে ফুটবল প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোৰে উপস্থিতিৰ লগতে সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তামণ্ডলীয়ে ৷
প্ৰেৰক ৰমেশ দাস
You might also like