নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধায়ক অখিল গগৈসহ ৪জনলৈ জাননী উচ্চ ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা ১৫ জুলাইঃ চাবুৱা আৰু চানমাৰি আৰক্ষী থানাৰ গোচৰত নিম্ন আদালতে শিৱসাগৰৰ বিধায়ক অখিল গগৈসহ চাৰিজনক দোষমুক্ত ঘোষণা কৰা ৰায়ক প্রত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে তদন্তকাৰী সংস্থা ‘নিয়া’৷ আজি উচ্চ ন্যায়ালয়ে এই গোচৰটোৰ শুনানি গ্রহণ কৰি বিধায়ক অখিল গগৈ, কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতা ধৈর্য্য কোঁৱৰ, ছাত্র মুক্তি সংগ্রাম সমিতিৰ নেতা মানস কোঁৱৰ আৰু বিতু সোণোৱাললৈ জাননী জাৰি কৰিছে৷ তিনি সপ্তাহৰ পিছত পুনৰ এই গোচৰটোৰ শুনানি গ্রহণ কৰিব ন্যায়ালয়ে৷

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলনৰ সময়ত চানমাৰি আৰু চাবুৱা থানাত অখিল গগৈ আৰু তেওঁৰ সতীর্থসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল৷ পৰৱর্তী সময়ত এই দুয়োটা গোচৰ ‘নিয়া’লৈ হস্তান্তৰ কৰা হৈছিল৷ গোচৰ দুটাত ‘নিয়া’ই অখিল গগৈ আৰু আন তিনি অভিযুক্তৰ বিৰুদ্ধে চার্জশ্বীটো দাখিল কৰিছিল৷ অৱশ্যে পৰৱর্তী সময়ত ‘নিয়া’ৰ আদালতে অখিল গগৈ আৰু সতীর্থসকলক দোষমুক্ত কৰে৷ ইয়াৰ পিছতে মুকলি আকাশৰ তললৈ ওলাই আহিছিল অখিল গগৈ৷

You might also like