নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড মহামাৰীৰ মাজতে ‘কনৱাৰ যাত্রা’ত অনুমতি উত্তৰ প্রদেশ চৰকাৰৰ

উচ্চতম ন্যায়ালয়ে জাৰি কৰিলে জাননী

নিয়মীয়া বাৰ্তা ১৫ জুলাইঃ আগন্তুক ২৫ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া কনৱাৰ যাত্রাত উত্তৰ প্রদেশ চৰকাৰে অনুমতি প্রদান কৰা বিষয়টোক লৈ বিভিন্ন মহলৰ চকু কপালত উঠিছে৷ আনকি দেশৰ উচ্চতম ন্যায়ালয়ে এনে ধৰণৰ অনুষ্ঠানে ক’ভিড–১৯ৰ সংক্রমণৰ তৃতীয় জোৱাৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰিছে৷ শীর্ষ আদালতখনৰ বিচাৰপতি আৰ এফ নাৰিমান নেতৃত্বাধীন বিচাৰপীঠে উত্তৰ প্রদেশ চৰকাৰক এই সন্দর্ভত জাননীও জাৰি কৰিছে৷ আগন্তুক ১৬ জুলাইত বিষয়টোৰ শুনানি গ্রহণ কৰাৰ সিদ্ধান্ত লৈছে বিচাৰপীঠখনে৷

বুধবাৰে উত্তৰ প্রদেশ চৰকাৰক ক’ভিড–১৯ মহামাৰীৰ সময়ত এনে যাত্রাত অনুমতি কিয় প্রদান কৰা হৈছে সেই সন্দর্ভত সবিশেষ তথ্য দাখিল কৰিবলৈ নির্দেশ দিছে বিচাৰপীঠখনে৷ স্মর্তব্য যে দেশত কুম্ভমেলাৰ পিছতে ক’ভিড মহামাৰী সংক্রমণৰ দ্বিতীয় জোৱাৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল৷ এই ঘটনাৰ পিছত এতিয়া উত্তৰ প্রদেশ চৰকাৰে কনৱাৰ যাত্রাত অনুমতি প্রদান কৰা বিষয়টোক লৈ আশ্চর্য প্রকাশ কৰিছে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠখনে৷

You might also like