নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী বিভাগক আবণ্টিত ভূমি–বেদখলৰ তথ্য দাখিলৰ নির্দেশ

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ ৰাজ্যৰ চৰকাৰী বিভাগসমূহলৈ আবণ্টন দিয়া ভূমি আৰু এই ভূমিসমূহত হোৱা বেদখল সন্দর্ভত শপতনামা দাখিল কৰিবলৈ ৰাজ্য চৰকাৰক কঠোৰ নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ মানসৰঞ্জন পাঠকৰ খণ্ড বিচাৰপীঠে ৰাজ্য চৰকাৰক চাৰি সপ্তাহৰ ভিতৰত এই শপতনামা দাখিল কৰিবলৈ নির্দেশ দিছে৷ এই শপতনামা দাখিলৰ ক্ষেত্রত ব্যর্থ হ’লে ৰাজ্য চৰকাৰৰ মুখ্য সচিবক সকলো তথ্য লগত লৈ উচ্চ ন্যায়ালয়ত সোঁশৰীৰে হাজিৰ হ’বলৈ নির্দেশ দিব বুলিও সকীয়াই দিছে খণ্ড বিচাৰপীঠখনে৷

উল্লেখ্য যে ৰাজ্যৰ চৰকাৰী বিভাগসমূহক কিমান ভূমি আবণ্টন দিয়া হৈছে আৰু ইয়াৰে কিমান ভূমিত বেদখল হৈছে, সেই সন্দর্ভত ২০১৮ চনতে উচ্চ ন্যায়ালয়ত এটা নিজাববীয়া গোচৰ ৰুজু কৰিছে৷ ১০/২০১৮ নম্বৰৰ এই ৰাজহুৱা স্বার্থজড়িত গোচৰটোৰ শুনানি গ্রহণ কৰি পূর্বেও উচ্চ ন্যায়ালয়ে চৰকাৰক শপতনামা দাখিল কৰিবলৈ নির্দেশ দিছিল৷ এইমর্মে ৰাজ্য চৰকাৰৰ মুখ্য সচিবে এখন অসম্পূর্ণ শপতনামা দাখিল কৰে৷ এই শপতনামাখনত চৰকাৰী বিভাগসমূহৰ ভূমিত যে বেদখল হৈ আছে, সেই তথ্য উল্লেখ নকৰিলে ৰাজ্য চৰকাৰে৷

এনেদৰে বিচৰা ধৰণে তথ্য দাখিল নকৰাত ৰাজ্য চৰকাৰৰ ওপৰত ক্ষুণ্ণ হৈ পৰিছে উচ্চ ন্যায়ালয়৷ বিশেষকৈ এই তথ্যসমূহ নোহোৱাকৈ গোচৰটোৰ শুনানি প্রক্রিয়া আগবঢ়াই নিয়াৰ ক্ষেত্রত ন্যায়ালয় সমস্যাৰ সন্মুখীন হোৱা বুলিও উল্লেখ কৰিছে৷ অর্থাৎ অতি লেহেমীয়া গতিৰে চৰকাৰে ন্যায়ালয়ক সহযোগিতা কৰাত গোচৰটোৰ শুনানি প্রক্রিয়া সম্পন্ন কৰাটো দীঘলীয়া হৈ পৰিছে৷ সেয়েহে উচ্চ ন্যায়ালয়ে চাৰি সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নির্দেশ দি অহা ২৪ মার্চত পৰৱর্তী শুনানিৰ দিন ধার্য কৰিছে৷

You might also like