নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিমাঞ্জলি বৰুৱালৈ যুৱ শিল্পীৰ জলপানি কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ

হিমাঞ্জলি বৰুৱাই সংগীত নাটক একাডেমী‌ বঁটাপ্ৰাপক গুৰু ৰামকৃষ্ণ তালুকদাৰ আৰু ৰুমি তালুকদাৰৰ অধীনত নৃত্যৰ শিক্ষা গ্ৰহণ কৰিছিল।

হিমাঞ্জলি বৰুৱালৈ যুৱ শিল্পীৰ জলপানি কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ

নিয়মীয়া বাৰ্তা, ৩০ মে : ছিপাঝাৰৰ এগৰাকী উদীয়মান নৃত্যশিল্পী হিমাঞ্জলি বৰুৱালৈ আগবঢ়োৱা হৈছে সাংস্কৃতিক মন্ত্ৰালয়ৰ যুৱ শিল্পীৰ জলপানি (young Artist Scholarship award)।

স্থানীয়  ভুক্তাবাৰী-বৰুৱাচুবা নিবাসী নলিনী বৰুৱা আৰু অঞ্জলী বৰুৱাৰ কন্যা হিমাঞ্জলি বৰুৱাই সংগীত নাটক একাডেমী‌ বঁটাপ্ৰাপক গুৰু ৰামকৃষ্ণ তালুকদাৰ আৰু ৰুমি তালুকদাৰৰ অধীনত নৃত্যৰ শিক্ষা গ্ৰহণ কৰিছিল।

ছিপাঝাৰ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ উপৰি যুৱ শিল্পীগৰাকীয়ে ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ পৰাও  স্নাতক ডিগ্ৰী লাভ কৰি  বৰ্তমান  পৰিৱেশ্য কলা বিভাগত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰি আছে।

উল্লেখযোগ্য যে মুঠ নগৰাকী শিল্পীয়ে এই যুৱ শিল্পীৰ জলপানি লাভ কৰিছে যদিও দৰং জিলাৰ পৰা হিমাঞ্জলিয়েই একমাত্ৰ শিল্পী হিচাপে অন্তৰ্ভুক্ত হৈছে। শিল্পীগৰাকীৰ এই কৃতিত্বৰ বাবে বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠানে অভিনন্দন জ্ঞাপন কৰিছে।

প্ৰেৰক ৰণজিত কুমাৰ নাথ

You might also like