নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ ১৫ উদীয়মান উদ্যোগীৰ তালিকাত অসমৰ মুনজিৰ আলম

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰী: কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে উদ্যোগীকৰণৰ প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে প্ৰতিভাবান লোকসকলক উৎসাহিত কৰি তেওঁলোকক নিজাকৈ ব্যৱসায় আৰম্ভ কৰিবলৈ প্ৰেৰণা যোগাইছে। ইয়াৰ ভিতৰত অসমৰ মুনজিৰ আলমে দেশৰ শীৰ্ষ ১৫ জন স্ব- নিৰ্মিত উদ্যোগীৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মুনজিৰ আলম, অসমৰ এজন উদ্যোগী যি বৰ্তমান শিক্ষা খণ্ডত কৰ্মৰত। অসমৰ এখন সৰু চহৰত জন্ম লাভ কৰি জীৱন আৰম্ভ কৰা মুনজিৰে আইবিএছ মুম্বাইৰ পৰা শিক্ষা সম্পূৰ্ণ কৰিছিল। মুম্বাই, ছিংগাপুৰ আৰু ডুবাইত মাৰ্কেটিং মেনেজাৰ হিচাপে ৩ বছৰ কাম কৰাৰ পিছত তেওঁ কলেজীয়া বন্ধু বলৰাজ সান্ধুৰ সৈতে মুম্বাইত হুকড মিডিয়া নামৰ নিজৰ ভিডিঅ’ মাৰ্কেটিং এজেঞ্চী আৰম্ভ কৰে। হুকড মিডিয়াৰ জৰিয়তে তেওঁলোকে মিছ ইণ্ডিয়া, টাইমছ অফ ইণ্ডিয়া, দিয়াজিঅ’, চোপাৰ্ডৰ আদিৰ দৰে ভালেসংখ্যক ডাঙৰ তথা পৰিচিত ব্ৰেণ্ডৰ সৈতে কাম কৰিছে। লকডাউনৰ সময়ত যেতিয়া তেওঁ গৃহ চহৰলৈ আহিছিল, তেতিয়া তেওঁ নামনি অসমত এখন উচ্চ মানসম্পন্ন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ লগতে NEET & JEE প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। অনতিপলমে পিতৃ ড° ছামছুল আলমৰ সৈতে এই সন্দৰ্ভত কাম কৰা আৰম্ভ কৰে আৰু ২ বছৰৰ ভিতৰতে তেওঁ বৰপেটাৰ হাউলীত “হাউলী নেচনেল চাইন্স একাডেমী” নামেৰে অসমৰ এখন অন্যতম সম্পূৰ্ণ আৱাসিক বিদ্যালয় নিৰ্মাণ কৰে। তেওঁৰ এই একাডেমীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ২৫০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি থকাৰ লগতে একাডেমীখন ইতিমধ্যেই অসমৰ দ্ৰুততম বিকাশশীল বিদ্যালয় হিচাপে পৰিগণিত হৈছে।

You might also like