নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত আইমাতৃৰ আশীৰ্বাদ লৈ পকী দলঙৰ আধাৰশিলা স্থাপন মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিযমীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লখিমপুৰত উপস্থিত হৈ ১৫০খন গাঁৱৰ দীৰ্ঘদিনীয়া সপোনক সাকাৰ ৰূপ দিলে।

লখিমপুৰীয়া ৰাইজৰ বিপুল আদৰণিৰ লগতে আইমাতৃসকলৰ আশীৰ্বাদ লৈ ৰঙানদীৰ খাৰকাটি ফটাসুঁতিত পকী দলঙৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী ড০ শৰ্মাই।

পানীগাঁও কাৰকাটি আহোমণি পথত ২৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া ২৪০ মিটাৰ দৈৰ্ঘ্যৰ এই দলংখনে নাওবৈচা, লখিমপুৰ আৰু বিহপুৰীয়া বিধানসভা সমষ্টিৰ সহস্ৰ জনতাক উপকৃত কৰাৰ লগতে অঞ্চলসমূহৰ যাতায়াত ব্যৱস্থাত যথেষ্ট অৱদান আগবঢ়াব।

You might also like