নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাপুৰ পৰিয়ালত শোকঃ অভিনেতা ৰাজীৱ কাপুৰৰ ৫৮ বছৰত মৃত্যু

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ মুম্বাই ছবিজগতৰ বিখ্যাত কাপুৰ পৰিয়ালৰ সদস্য তথা ৰাজ কাপুৰৰ কনিষ্ঠ সন্তান ৰাজীৱ কাপুৰ আৰু নাই। আজি দুপৰীয়া হৃদজনিত ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। মুম্বাইৰ ইনলাক্স হাস্পতাললৈ নিয়া হৈছিল যদিও হাস্পতালত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

মৃত্যুৰ সময়ত কাপুৰৰ বয়স আছিল ৫৮ বছৰ। অভিনেতা ৰাজকাপুৰৰ পাঁচ সন্তানৰ কনিষ্ঠ সন্তান ৰাজীৱ কাপুৰে বহুকেইখন ছবিত অভিনয় কৰাৰ লগতে ছবি প্ৰযোজনা আৰু সম্পাদনাৰ কামতো জড়িত আছিল।

ৰাজীৱ কাপুৰ অভিনীত ‘ৰাম তেৰী গংগা মেইলী’ শীৰ্ষক বলীউডৰ ছুপাৰহিট ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ৰাজীৱ কাপুৰে। ইয়াৰ লগতে ‘আ অৱ লট চলে’,’প্ৰেমগ্ৰন্থ’, ‘হেনা’ ছবিৰ প্ৰযোজক আছিল ৰাজীৱ কাপুৰ।

উল্লেখ্য, কাপুৰ পৰিয়ালত জন্মলাভ কৰা ৰাজীৱ কাপুৰৰ জ্যেষ্ঠ ভাতৃ আছিল ঋষি কাপুৰ। ৰাজীব কাপুৰৰ অকস্মাতে হোৱা মৃত্যুৱে শোকাকুল কৰি তোলা বলীউডৰ বহু কলা-কুশলীয়ে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

You might also like