নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যি দলৰ পিছফালে আজমলৰ ফটো লুকাই থাকে সেই দলক নস্যাৎ কৰিব লাগিব

সোণাৰি–থাওৰা–মৰাণ– ডুমডুমাত ড০ হিমন্ত বিশ্ব শর্মাৰ মাৰাথন প্রচাৰ

নিয়মীয়া বাৰ্তা ২২ মাৰ্চঃ  সমাগত নির্বাচন সাধাৰণ নির্বাচন নহয়৷ অসমীয়া সভ্যতা, সংস্কৃতি আৰু জাতিক জীয়াই ৰখাৰ নির্বাচন৷ এই নির্বাচনত প্রার্থী নহয়, দল চাই ভোট দিব লাগিব৷ সেই দল বিজেপি৷ যি দলৰ পিছফালে বদৰুদ্দিন আজমলৰ ফটো লুকাই আছে, সেই দলক নস্যাৎ কৰি অসমবাসীয়ে ৰাজ্যত বজেপিৰ চৰকাৰ প্রতিষ্ঠা কৰিব লাগিব বুলি দেওবাৰে কংগ্রেছ দলক ক্ষুৰধাৰ সমালোচনা কৰি সোণাৰিত নির্বাচনী প্রচাৰ সভাত বক্তব্য আগবঢ়ায় ‘নেডা’ৰ আহ্বায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ১০৬নং সোণাৰি বিধানসভা সমষ্টিৰ বিজেপি প্রার্থী ধর্মেশ্বৰ কোঁৱৰৰ হৈ নির্বাচনী প্রচাৰ চলাবলৈ

দেওবাৰে দুপৰীয়া সোণাৰিত উপস্থিত হোৱা মন্ত্রী ড০ শর্মাই তেওঁৰ ভাষণত কয় যে বদনে মান আনিছিল৷ এতিয়া কংগ্রেছে আজমলক আনিছে৷ কংগ্রেছ দলে এতিয়া আজমলৰ বোকোচাত উঠি চৰকাৰ বনোৱাৰ সপোন দেখিছে৷ যি সময়ত বিজেপিয়ে ৰাজ্যৰ মহিলা সমাজক সন্মান প্রদর্শন কৰি নানা আঁচনিৰে মহিলাসকলক উপকৃত কৰাৰ লগতে কৃতী ছাত্রীসকলক স্কুটী দিয়াকে ধৰি নানা সা–সুবিধা আগবঢ়াই ডাক্তৰ, ইঞ্জিনীয়াৰ সৃষ্টি কৰাৰ প্রয়াস চলাইছে, সেই সময়ত বদৰুদ্দিন আজমলে নিজ ধর্মৰ একোগৰাকী মহিলাক ১০/১২টাকৈ সন্তান জন্ম দিবলৈ আহ্বান জনাইছে৷ এনে আহ্বান জনাই আজমলে নাৰী জাতিক সন্তান জন্ম দিয়া একোটা মেচিন সজাব বিচাৰিছে৷ সেয়ে নাৰী জাতিক সন্মান দিব নজনা আজমলক অহা নির্বাচনত অসমৰ জনতাই দিছপুৰৰ পৰা এশ কিলোমিটাৰ আঁতৰত ৰাখিব লাগিব বুলি কৈ মন্ত্রী ড০ শর্মাই বিজেপিৰ সপক্ষে ব্যাপক হাৰত ভোটদান কৰিবলৈ আহ্বান জনায়৷ ড০ শর্মাই ৰাজ্যত বিজেপি দলৰ চৰকাৰ হ’লে বাগিচাত কর্মৰত শ্রমিকসকলক বাগিচাই প্রদান কৰা মজুৰিৰ ওপৰঞ্চি প্রতিমাহে প্রতিগৰাকী শ্রমিকক এহেজাৰ টকাকৈ প্রদান কৰাৰ প্রতিশ্রুতি দিয়ে৷

সাংসদ তপন কুমাৰ গগৈ, বিধায়িকা নৱনীতা সন্দিকৈ, সোণাৰি সমষ্টিৰ প্রার্থী ধর্মেশ্বৰ কোঁৱৰকে আদি কৰি ভিন্ন প্রান্তৰ পৰা অহা দলৰ নেতা–কর্মীসকলসহ দহ সহস্রাধিক লোক উপস্থিত থকা সভাখনত মন্ত্রীগৰাকীয়ে সমষ্টিটোৰ প্রার্থী ধর্মেশ্বৰ কোঁৱৰক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায়৷ উল্লেখ্য যে হেলিকপ্ঢাৰযোগে দিনৰ প্রায় এক বজাত সোণাৰি ৰাজহুৱা খেলপথাৰত মন্ত্রীগৰাকী অৱতৰণ কৰাৰ পাছত এক বিশাল সমদলত অংশগ্রহণ কৰি মন্ত্রী শর্মাই ভগৱতী প্রসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত প্রস্তুত কৰা দলীয় নির্বাচনী সভাত উপস্থিত থাকি বক্তব্য আগবঢ়ায়৷
উদাত্ত ভাষণেৰে থাওৰাত নির্বাচনী ৰণদুন্দুভি ড০ হিমন্ত বিশ্ব শর্মাৰ
থাওৰাৰ কংগ্রেছৰ প্রার্থী সুশান্ত বৰগোহাঁইৰ নির্বাচন খেলাটো এক নিচা৷ ২০১৬ চনৰ বিধানসভা নির্বাচনত আৰু লোকসভা নির্বাচনত পৰাজয়বৰণ কৰিলে৷ এইবাৰো বিপুল ভোটৰ ব্যৱধানত পৰাজিত হোৱাটো নিশ্চিত৷ তাৰ পাছত জিলা পৰিষদ আৰু পঞ্চায়ত নির্বাচন খেলিব লাগিব, তাৰ বাহিৰে গত্যন্তৰ নাই সুশান্ত বৰগোহাঁইৰ৷ নিতাইপুখুৰী উচ্চতৰ মাধ্যমিক খেলপথাৰত বিশাল নির্বাচনী সভাত ‘নেডা’ৰ আহ্বায়ক তথা শিক্ষা, বিত্ত আৰু লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিজেপি মিত্রজেজাটৰ থাওৰা সমষ্টিৰ প্রার্থী কুশল দুৱৰীৰ হৈ নির্বাচনী প্রচাৰ চলাবলৈ আহি সুশান্তক এইদৰে কটাক্ষ কৰে৷ মন্ত্রীগৰাকীয়ে কংগ্রেছক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে কুশল দুৱৰীৰ ফটোখন ঘূৰাই দিলে সিপিঠিত নৰেন্দ্র মোদীৰ ফটো ওলাব, কিন্তু সুশান্ত বৰগোহাঁইৰ ফটোখন ঘূৰাই দিলে বদৰুদ্দিন আজমলৰ ফটো ওলাব৷ থাওৰাবাসীক মোদীক লাগে নে বদৰুদ্দিন আজমলক লাগে বুলি উপস্থিত ৰাইজক প্রশ্ণ কৰে৷ নেডাৰ আহ্বায়ক ড০ শর্মাই কংগ্রেছক ক্ষুৰধাৰ সমালোচনা কৰি ৰকিবুল হুছেইনক হাতীৰ ওপৰত উঠা হাতী বুলি আৰু ৰিপুণ বৰাক ঘোঁৰা বুলি কটাক্ষ কৰি বদৰুদ্দিন আজমলে শাসন পালে অসমত মাদ্রাছাহে খুলিব বুলি ভাষণ প্রসংগত উল্লেখ কৰে৷ সেই বাবে থাওৰাবাসী ৰাইজে সুশান্তক ভোট দিয়া মানে বদৰুদ্দিন আজমলক ভোট দিয়া একে কথা৷ সেয়েহে মন্ত্রীগৰাকীয়ে উপস্থিত দুই সহস্রাধিক লোকক হাতযোৰ কৰি সুশান্ত বৰগোহাঁইক এটাও ভোট নিদিবলৈ আহ্বান জনায়৷

মন্ত্রীগৰাকীয়ে ভাষণ প্রদান কৰি কয় যে থাওৰাত কুশল দুৱৰী জয়ী হ’লে ছাত্রীসকলৰ বাবে বি এছ চি নার্ছ আৰু জি এন এমৰ দুখন কলেজ স্থাপন কৰাৰ প্রতিশ্রুতি প্রদান কৰাৰ লগতে থাওৰাৰ মহিলাসকলে মাইক্র’ফাইনেঞ্চৰ এটকাও ঘূৰাই দিব নালাগে বুলি কৈ সেয়া মই মূৰ পাতি লৈছোঁ বুলি উল্লেখ কৰি কোনো মহিলাই ২৬ টকা সুদৰ হাৰত ঋণ নল’বলৈ মন্ত্রীগৰাকীয়ে আহ্বান জনায়৷ তদুপৰি মন্ত্রীগৰাকীয়ে চাহ বাগিচাৰ শ্রমিকসকলৰ দৈনিক মজুৰি ২৩৮ টকালৈ বৃদ্ধি কৰিবলৈ চাহ বাগিচাৰ কর্তৃপক্ষসকল আহ্বান জনোৱাৰ লগতে তেওঁলোকে দৈনিক মজুৰি সন্দর্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিছে৷ শীঘ্রে এই গোচৰ উঠাই লৈ বাগিচাৰ শ্রমিকক দৈনিক মজুৰি বৃদ্ধি কৰিবলৈ বাগিচাৰ কর্তৃপক্ষকআহ্বান জনায়৷ উল্লেখ্য যে নিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিশাল নির্বাচনী সভাত নেডাৰ আহ্বায়ক তথা শিক্ষা, বিত্ত আৰু লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ শর্মাই বিজেপি মিত্রজোঁটৰ থাওৰা সমষ্টিৰ প্রার্থী কুশল দুৱৰীৰ হৈ নির্বাচনী প্রচাৰ চলাই সমষ্টিটোত এক শক্তি প্রদর্শন কৰাৰ লগতে থাওৰা সমষ্টিৰ নির্বাচনী দৃশ্যপট সলনি কৰে৷ নিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ সভাস্থলীত মন্ত্রীজনে হেলিকপ্ঢাৰযোগে অৱতৰণ কৰাৰ লগে লগে তেওঁৰ গুণমুগ্ধই এক অভাৱনীয় পৰিৱেশ সৃষ্টি কৰে৷ সভাস্থলী পোৱাৰ লগে লগে অগণন গুণমুগ্ধই মন্ত্রীজনক গামোচা, ফুলেৰে পুষ্পবৃষ্টি কৰাৰ লগতে পুৰুষ–মহিলা উভয়ে মন্ত্রীগৰাকীক উষ্ম আদৰণি জনায়৷
বৰবৰুৱা গৰুধৰীয়াত চক্রধৰ গগৈৰ হৈ নির্বাচনী প্রচাৰ ড০ হিমন্ত বিশ্ব শর্মা
ৰাজ্যখনৰ প্রথম পর্যায়ৰ নির্বাচনলৈ মাত্র এসপ্তাহ বাকী থকাৰ সময়তে আজি ড০ হিমন্ত বিশ্ব শর্মা মৰাণ বিধানসভা সমষ্টিৰ বিজেপিৰ প্রার্থী চক্রধৰ গগৈৰ হৈ সমষ্টিত নির্বাচনী প্রচাৰৰ উদ্দেশ্যে হেলিকপ্ঢাৰেৰে আহি গৰুধৰীয়া তৰুণজ্যোতি সংঘৰ খেলপথাৰত আয়োজিত এখন নির্বাচনী সভাত অংশগ্রহণ কৰে৷ সমষ্টিৰ সাত সহস্রাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত নির্বাচনী সভাত ৰণডংকা বজাই ড০ শর্মাই কয়– আমি ৫ বছৰৰ বাবে শাসনত আছিলোঁ আৰু দ্বিতীয়বাৰৰ বাবে শাসনলৈ আহিবলৈ আপোনালোকৰ ওচৰলৈ আহিছেছা৷ মৰাণত ৪০/৫০ বছৰে কংগ্রেছে কৰিব নোৱাৰা কাম বিজেপি চৰকাৰে ৫ বছৰত কৰিলে৷ সমষ্টিৰ অন্তর্গত সকলো বাট–পথৰ লগতে দলং নির্মাণ হ’ল৷ বাগিচা অঞ্চলৰ বাট–পথ পকী হ’ল৷ অৱশ্যে এতিয়াও বহু বাট–পথৰ উন্নতি হ’বলৈ বাকী আছে৷ পুনৰ শাসনলৈ আহিলে বাকী থকা পথসমূহৰ কাম অহা কিছু দিনৰ ভিতৰতে সম্পূর্ণ কৰিম৷

ইতিমধ্যে আমাৰ চৰকাৰে ৪০ হাজাৰ লোকক চাকৰি দিলে৷ আগৰ কংগ্রেছ চৰকাৰৰ দিনত এটা অংগনৱাড়ীৰ চাকৰিৰ বাবদ ৪০/৫০ হাজাৰ টকা ঘোচ দিব লগা হৈছিল, এতিয়া আমাৰ চৰকাৰৰ দিনত এটকাও ঘোচ নিদিয়াকৈ নিবনুৱা যুৱক–যুৱতীসকলে অর্হতাৰ ভিত্তিত চাকৰি পাবলৈ সক্ষম হৈছে৷ আজি আমাৰ বিজেপি চৰকাৰে শিক্ষাৰ জৰিয়তে কেনেকৈ সমাজখন আগুৱাই নিব পাৰি, তাৰ কথা চিন্তা কৰিয়েই স্কুল–কলেজৰ ছাত্র–ছাত্রীসকলৰ বাবে বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰিলে৷ ৰাজ্যখনৰ ৫৮ লাখ দৰিদ্র আৰু মধ্যবিত্ত পৰিয়াললৈ তিনি টকা মূল্যৰ চাউল বিনামূল্যত আগবঢ়াই আহিছে৷ মৰাণ সমষ্টিত ইতিমধ্যে ১৫০ নামঘৰৰ বাবে আঢ়ৈ লাখকৈ টকা অনুদান হিচাপে আগবঢ়োৱা হৈছে৷ বাকী থকা নামঘৰবিলাকৰ বাবেও অহা ৬ মাহৰ ভিতৰত দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ এইবাৰ বিজেপি চৰকাৰ হ’লে অহা ২০২২ চনৰ মার্চ মাহৰ ভিতৰত ১ লাখ নিবনুৱাক চাকৰি দিয়া হব৷ পাঁচ বছৰত ১০ লাখ যুৱক–যুৱতীক স্বয়ম আঁচনিৰ যোগেদি উপকৃত কৰা হ’ব৷ অৰুণোদয় আঁচনিৰ যোগেদি ৩০ লাখ হিতাধিকাৰীলৈ সাহায্য আগবঢ়োৱা হ’ব আৰু ৮৩০ টকাৰ পৰিৱর্তে ৩,০০০ টকালৈ অৰুণোদয়ৰ মাননি বৃদ্ধি কৰা হ’ব৷ আজিৰ নির্বাচনী সভাত ডিব্রুগড লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী, মৰাণ সমষ্টিৰ প্রার্থী চক্রধৰ গগৈ, সমষ্টিৰ প্রভাৰীৰ লগতে বহু দলীয় কার্যকর্তা উপস্থিত থাকে৷
ডুমডুমা সমষ্টিৰ বিধায়ক দুর্গা ভূমিজক ভেঞ্চাৰ বিধায়ক আখ্যা মন্ত্রী হিমন্ত বিশ্বৰ
অসমৰ ১২৬টা সমষ্টিৰ ভিতৰত ১২৫নং ডুমডুমা সমষ্টিৰ যিগৰাকী বিধায়ক, সেইগৰাকী এগৰাকী ভেঞ্চাৰ বিধায়ক আছিল৷ যাৰ কাৰণে ৰাজ্যখনৰ বহুতো সমষ্টিতকৈ এতিয়াও ডুমডুমা সমষ্টি বহুত পিছপৰি আছে৷ বিভিন্ন জাতি–উপজাতিৰ মিলনভূমি এই ডুমডুমা সমষ্টিটোৰ বিধায়ক দুর্গা ভূমিজে সমষ্টিটোৰ উন্নয়নৰ বাবে একোৱেই কৰা নাই৷ যি অলপ–চৰপ উন্নয়ন হৈছে, সেয়া বিজেপিৰ প্রদান বৰুৱা সাংসদ হিচাপে নির্বাচিত হোৱাৰ পাছতহে হৈছে৷ –এই মন্তব্য অসমৰ প্রভাৱশালী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ উল্লেখ্য যে ডুমডুমা নগৰ খেলপথাৰত আজি বিয়লি ডুমডুমা সমষ্টিৰ বিজেপি প্রার্থী ৰূপেশ গোৱালাৰ হৈ এখন নির্বাচনী সভাত সাত সহস্রাধিক লোকক সম্বোধন কৰি মন্ত্রী ড০ শর্মাই লগতে আৰু কয় যে কংগ্রেছ দলে বদৰুদ্দিন আজমলক সংগী কৰি চৰকাৰ গঠন কৰাৰ যি সপোন দেখিছে, সেয়া কেতিয়াও বাস্তৱায়িত নহয়৷ কিয়নো আজমলৰ দৰে এগৰাকী ব্যক্তিৰ ওচৰত আমি আমাৰ দেশ, জাতি, ভাষা, কৃষ্টি–সংস্কৃতি, ভৱিষ্যৎ কেতিয়াও দিব নোৱাৰোঁ বুলি কয়৷ আনহাতে, তেওঁ কংগ্রেছ দলক তীব্র সমালোচনা কৰি কয় যে কংগ্রেছ চৰকাৰৰ দিনত এক কোটি টকা ঘোচ দিলেহে এ পি এছ চিৰ চাকৰি পাইছিল৷ অংগনৱাডী চাকৰিৰ বাবে এক–ডেৰ লাখ টকা পর্যন্ত ঘোচ দিব লগা হৈছিল৷ কিন্তু অসমত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছত এটা পইচাও নোলোৱাকৈ টেট শিক্ষকৰ নিযুক্তি দিছে৷ লগতে বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিলে ২০২২ চনৰ মার্চ মাহৰ ভিতৰত কোনো ধৰণৰ ঘোচ নিদিয়াকৈ এক লাখ নিবনুৱাক চৰকাৰী চাকৰি দিব বুলি প্রতিশ্রুতি প্রদান কৰে৷

আনফালে চাহ বাগিচাৰ শ্রমিকৰ সমস্যাৰ প্রতি গুৰুত্ব নিদিয়া কংগ্রেছ দলক তীব্র আক্রমণ কৰি ড০ শর্মাই কয় যে বহু বছৰ ধৰি শাসনত থকা এই দলটোৱে চাহ শ্রমিকৰ প্রতি একোৱেই নকৰিলে৷ বৰঞ্চ ২০১৪ চনত ৯৬ টকা দৈনিক মজুৰি পোৱা চাহ শ্রমিকৰ দৈনিক মজুৰি বিজেপি চৰকাৰৰ দিনত ১৬৭ টকা কৰা হয় আৰু শেহতীয়াকৈ ২১৮ টকা কৰা হৈছিল যদিও কংগ্রেছে চাহ বাগিচাৰ মালিক পক্ষৰ লগত মিলি আদালতত গোচৰ তৰি এই বৃদ্ধি ৰখাই থৈছে৷ চাহ বাগিচাত বিজেপি চৰকাৰে বাট–পথ নির্মাণ কৰি দিয়া, স্কুল দিয়াৰ লগতে প্রতিগৰাকী শ্রমিকক বছৰি দি থকা ৩,০০০ টকা বিজেপিৰ চৰকাৰ হ’লে মাহিলি এহেজাৰ টকাকৈ দিয়াৰ প্রতিশ্রুতি দিয়ে৷ ডুমডুমা সমষ্টিৰ বিজেপি প্রার্থী ৰূপেশ গোৱালাক এইবাৰ নির্বাচনত জয়ী কৰাবলৈ আহ্বান জনাই তেওঁ ৰাইজক কয় যে সাংসদ, বিধায়ক বিজেপিৰ হ’লে সমষ্টিটোৰ বাট–পথ এবছৰৰ ভিতৰত সম্পূর্ণ নির্মাণ কৰি দিয়া হ’ব৷ লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্রদান বৰুৱা, অসম ৰাজ্যিক বিজেপিৰ মুখপাত্র অৰুণজ্যোতি মৰাণে ভাষণ আগবঢ়োৱা আজিৰ সভাখনত ডুমডুমা সমষ্টিৰ নির্দলীয় প্রার্থী তথা বিজেপিয়ে ছয় বছৰৰ বাবে বহিষ্কাৰ কৰা দেৱজিৎ মৰাণক ড০ শর্মাই গামোচা পিন্ধাই পুনৰ দললৈ নিমন্ত্রণ জনায়৷ আনহাতে, মানখোৱা গাঁও পঞ্চায়তৰ সভাপতি টুটুমণি মৰাণ, কাকপথাৰ ব্লক কংগ্রেছৰ উপ–সভাপতি অজিত বৰুৱা, কংগ্রেছৰ হাপজান আঞ্চলিক পঞ্চায়তৰ প্রাক্তন সভাপতি ভাগীৰথী গোৱালাসহ ডেৰ শতাধিক কংগ্রেছ কর্মীৰ লগতে তিনিচুকীয়া জিলা চুতীয়া ছাত্র সন্থাৰ প্রাক্তন সহকাৰী সম্পাদক বিতোপন শইকীয়াই বহুকেইজন লোকক লগত লৈ আজিৰ সভাতেই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷
হিমন্তৰ ৰোড শ্ব’ত উবুৰি খাই পৰিল তিনিচুকীয়াবাসী, পথে পথে পুষ্পবৃষ্টি
উজনিৰ সদাব্যস্ত চহৰ তিনিচুকীয়াখন গান–নাচ, জয়ধ্বনি পুষ্পবৃষ্টিৰ মাজত হঠাৎ যেন আনন্দত নাচি উঠিল৷ হাতে হাতে ফুলৰ থোপা, গামোচা লৈ তিনিচুকীয়াৰ বাটে–পথে অগণন জনতাৰ ভিৰ৷ প্রিয় নেতাগৰাকীক এবাৰ কাষৰ পৰা চোৱা, হেঁপাহৰ গামোচাখন পিন্ধোৱা, হাতৰ মুঠিত সযতনে লৈ থকা শুভাশিসস্বৰূপ ফুলখিনি ছটিয়াবলৈ ঘণ্টাৰ পাছত ঘণ্টা পথৰ কাষত অধীৰ আগ্রহেৰে ৰৈ থাকিও যেন ভাগৰা নাই৷ কিমান জনপ্রিয় হ’লে এজন নেতাৰ বাবে জনতাৰ মনত ইমান উদ্দীপনা দেখা যায়, নিজ চকুৰে নেদেখিলে অনুভৱ কৰাটো সহজ নহয়৷ ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ চলা বিজেপি মিত্রজেজাটৰ নির্বাচনী প্রচাৰ অভিযানৰ মুখ্য সেনাপতি হিমন্ত বিশ্ব শর্মাক আজি তিনিচুকীয়াৰ পদযাত্রাত সমগ্র চহৰবাসী উবুৰি খাই পৰে৷ উল্লেখ্য যে সন্ধিয়া ৬ বজাত তিনিচুকীয়াৰ ৰঙাগডা পথস্থিত বিজেপিৰ নির্বাচনী কার্যালয়ৰ পৰা মন্ত্রী ড০ শর্মাই তিনিচুকীয়া বিধানসভা সমষ্টিৰ প্রার্থী সঞ্জয় কিষাণসহ হাজাৰ হাজাৰ সমর্থকক লগত লৈ চহৰখনৰ মূল পথেৰে ৰোড শ্ব’ কৰে৷ তিনিচুকীয়াৰ ৰঙাগডা পথেৰে আহি থানা চাৰিআলি হৈ ৩৭নং ৰাষ্ট্রীয় ঘাইপথেৰে চহৰখন পৰিভ্রমণ কৰি পুনৰ থানা চাৰিআলিৰ পৰা জি এন বি পথেৰে মানৱ কল্যাণ ভৱনত এই ৰোড শ্ব’ৰ সামৰণি মাৰে৷

ইয়াৰ পাছতে মানৱ কল্যাণ ভৱনত অনুষ্ঠিত এখন নির্বাচনী সভাত মন্ত্রী ড০ শর্মাই তিনিচুকীয়াৰ বিগত পাঁচ বছৰীয়া কার্যকালতকৈ অধিক উন্নয়নৰ স্বার্থত আগন্তুক নির্বাচনত তিনিচুকীয়াবাসী ৰাইজে অভিলেখসংখ্যক ভোটত বিজেপিৰ মিত্রজেজাটৰ প্রার্থী সঞ্জয় কিষাণক জয়ী কৰাই বিধানসভালৈ প্রেৰণ কৰাৰ দায়িত্ব ল’বলৈ আহ্বান জনায়৷ মন্ত্রীগৰাকীয়ে ইয়াকো কয় যে বদৰুদ্দিন আজমলৰ সৈতে মিতিৰালি কৰি অসমৰ সভ্যতা–সংস্কৃতিৰ বিনাশ কৰিব খোজা কংগ্রেছক এইবাৰ নির্বাচনত অসমৰ ৰাইজে উচিত শিক্ষা দিব লাগিব৷ অসমৰ ৰাইজক মাদ্রাছাৰ পৰিৱর্তে মেডিকেল কলেজ লাগে, অভিযান্ত্রিক মহাবিদ্যালয় লাগে বুলি কৈ মন্ত্রী ড০ শর্মাই কয় যে আজমল বাহিনীক এইবাৰ নির্বাচনৰ পাছত বাংলাদেশলৈ পঠিয়াব লাগিব৷ এই সভাত মন্ত্রী সঞ্জয় কিষাণে বিগত ৫ বছৰত সমষ্টিটোৰ উন্নয়নৰ বাবে গ্রহণ কৰা আঁচনিসমূহ ব্যক্ত কৰাৰ লগতে বিজেপিৰ সবকা সাথ সবকা বিকাশ মূলমন্ত্রৰে তিনিচুকীয়াত শান্তি–সম্প্রীতি প্রতিষ্ঠা কৰাত সফল হৈছে৷

You might also like