নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আটকাধীন পাঁচ জুৱাৰীক মুকলি আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ হাতীগাঁও আৰক্ষীৰ ছত্রছায়াত হাতীগাঁও অঞ্চলত দীর্ঘদিন ধৰি ঝাণ্ডি–মুণ্ডাকে ধৰি জুৱাৰ আড্ডা চলি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ হাতীগাঁও আৰক্ষীয়ে জুৱাৰীক ৰক্ষণাবেক্ষণ দি অহাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে৷

ৰাইজৰ অভিযোগ অনুসৰি কালি হাতীগাঁও আৰক্ষীয়ে ৫জন জুৱাৰীক আটক কৰিছিল৷ কিন্তু নিশা আৰক্ষীৰে হোৱা গোপন বুজাবুজিৰ বাবেই জুৱাৰীকেইজনক এৰি দিয়ে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷ হাতীগাঁৱৰ বাপুকণ আৰু আফজলৰ নেতৃত্বত দীর্ঘদিন ধৰি বৃহত্তৰ অঞ্চলটোত মুকলিকৈ ঝাণ্ডি–মুণ্ডাৰ জুৱা চলি আহিছে৷

ইফালে, হাতীগাঁও আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কালি তিনিজন জুৱাৰীক আটক কৰি আনিছিল৷ কিন্তু জুৱাৰীকেইজনৰ পৰা টকা আৰু জুৱা খেলত ব্যৱহূত সামগ্রী উদ্ধাৰ নোহোৱাত এৰি দিয়ে৷

You might also like