নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাণীত মৃত ছাগলী ভক্ষণ কৰি বিলুপ্তপ্রায় ১২ শগুনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ গুৱাহাটীৰ পশ্চিম প্রান্তৰ ৰাণী বনাঞ্চলৰ নালাপাৰা খণ্ড বন বিষয়া কার্যালয়ৰ অন্তর্গত বৰপ্রতিমা গাঁৱত দেওবাৰে বিয়লি এটা মৃত ছাগলী ভক্ষণ কৰি ১২টাকৈ বিলুপ্তপ্রায় প্রজাতিৰ শগুনৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

প্রাপ্ত খবৰ মতে, গাঁওখনৰ কোনো লোকে দুপৰীয়াৰ ভাগত এটা মৃত ছাগলী পেলাই থৈ গৈছিল৷ ছাগলীটোৰ মাংস ভক্ষণ কৰি ১২টা শগুন ওচৰতে পৰি থকা দেখি কোনো লোকে ৰাণী বনাঞ্চলিক বিষয়া কার্যালয়ত খবৰ দিয়ে৷ খবৰ পাই ৰাণীৰ বনাঞ্চলিক বিষয়া মনোৰঞ্জন বর্মনে ৰাণীৰ পশু চিকিৎসা বিষয়া ডাঃ নাৰায়ণ দেউৰী আৰু ৰাণীৰ শগুন গৱেষণা কেন্দ্রৰ ভাৰপ্রাপ্ত বিষয়া ডাঃ এছ শচীনসহ এটা বনকর্মীৰ দল লৈ বিয়লি দুই মান বজাত ঘটনাস্থলীত উপস্থিত হয়৷

দলটোৱে মৃত শগুনকেইটা উদ্ধাৰ কৰি আনে আৰু মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত ৰাণী বনাঞ্চলৰ ভিতৰত সমাধিস্থ কৰে৷ পশু চিকিৎসা বিষয়া ডাঃ নাৰায়ণ দেউৰীয়ে ছাগলীটো মৃত্যুৰ পিছত বিষক্রিয়াত আক্রান্ত হৈছিল বাবে তাৰ মাংস ভক্ষণ কৰি শগুনকেইটাৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে৷

অৱশ্যে অধিক পৰীক্ষাৰ বাবে শগুনকেইটাৰ মৃতদেহৰ অৱশিষ্ট সংগ্রহ কৰা হৈছে৷ ইতিমধ্যে পলাশবাৰী থানাৰ এটা আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ এই সন্দর্ভত নিজাববীয়াকৈ এটা গোচৰ ৰজু কৰিছে৷

You might also like