নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাতৃ মৃণালিনী দেৱীৰ অনুভৱঃ মাতৃ দিৱসত অকল্পনীয় উপহাৰ পালোঁ

নিয়মীয়া বাৰ্তা ১১ মেঃ  মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক দেশ–জাতি–মানৱ কল্যাণৰ হকে কাম কৰি যোৱাৰ বাবে আশীর্বাদ দিলে মাতৃ মৃণালিনী দেৱীয়ে৷ সোমবাৰে শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত নিজৰ অনুভৱ ব্যক্ত কৰি মাতৃ মৃণালিনী দেৱীয়ে কয়– ‘মাতৃ হিচাপে যিমানখিনি আনন্দ পাব লাগে পালোঁ৷ কালি মাতৃ দিৱসৰ দিনটোতে ল’ৰাৰ পৰা (হিমন্ত বিশ্ব শর্মা) অকল্পনীয় উপহাৰ পালোঁ৷ ইমান দিনৰ কষ্ট সার্থক হোৱা বুলি ভাবিছোঁ৷’

তেওঁ আৰু কয় যে কালিৰ দিনটো তেওঁ ঘৰতে আৱেগিক হৈ কটালে৷ হিমন্ত বিশ্ব শর্মাৰ সৰুকালৰ স্মৃতি বাৰে বাৰে মনত পৰিছে৷ জন্মৰ পাছৰে পৰা মা শব্দটো শুনিবলৈ হিমন্তক ঘৰত পোৱা নাছিলোঁ৷ অৱশ্যে হিমন্ত বিশ্ব শর্মাই যেতিয়াই ৰাজনীতি কৰাৰ সিদ্ধান্ত লৈছিল, তেতিয়া পৰিয়ালৰ পৰা কোনো বাধা দিয়া নাছিল৷ যি চিন্তা কৰিছিল, সেইমতে আগবাঢ়িবলৈ দিছিল৷ আজি পৰিয়াললৈ গৌৰৱ কঢ়িয়াই আনিছে৷ এই মুহূর্তত তেওঁ মাতৃ হিচাপে এটাই আশীর্বাদ দিয়ে– ‘কালি যিটো মূল্যৱান উপহাৰ দিলে, এতিয়া তাৰ বিপৰীতে প্রতিদানৰ সফলতা কেনেকৈ আহিব, মূল্যাংকন কেনেকৈ কৰিব, সেইটো সেই দিনাহে হ’ব যদি মাতৃধর্ম, পিতৃধর্ম, ভাতৃধর্ম, মানৱধর্ম পালন কৰি দেশ–জাতি–মানৱ কল্যাণৰ বাবে কাম কৰি পিতৃ পুৰুষৰ নাম উজলাই যায়, তাৰ বাবেহে আশীর্বাদ কৰিছোঁ৷’

You might also like