নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা প্রতিষেধক প্রদান কেন্দ্রত নাই সামাজিক দূৰত্ব

নিয়মীয়া বাৰ্তা ১১ মেঃ গুৱাহাটী মহানগৰীত ক’ভিড–১৯ৰ সংক্রমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ দৈনিক ক’ৰোনা আক্রান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাত চৌদিশে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে৷ ক’ৰোনাৰ ভয়াৱহ সংক্রমণ ৰোধ কৰাৰ বাবে প্রশাসনে জাৰি কৰা এছ অ’ পি অনুসৰি বিয়লি দুই বজাৰ পৰা সকলো দোকান–পোহাৰ বন্ধ কৰি মহামাৰীৰ পৰা নিজৰ লগতে মহানগৰবাসীক ৰক্ষা কৰিবলৈ প্রতিগৰাকী লোকে সহযোগ কৰিছে৷ একে সময়তে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ নির্দেশ অনুসৰি প্রশাসনে মহানগৰীৰ বিভিন্ন স্থানত ক’ৰোনা প্রতিষেধক প্রদানৰ ব্যৱস্থা গ্রহণ কৰিছে৷

মহানগৰীৰ বিভিন্ন প্রান্তত স্থাপন কৰা ক’ভিড প্রতিষেধক কেন্দ্রত পুৱাৰ পৰা শ শ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে৷ স্বাস্থ্য বিভাগে সদৰী কৰা ৱেবছাইটwww.cowin.gov.inত নাম পঞ্জীয়ন কৰি সর্বসাধাৰণ লোকে ভেকচিনৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷ মহানগৰীৰ বিভিন্ন স্থানত থকা ২৬টা ক’ভিড প্রতিষেধক প্রদান কেন্দ্রত শ শ লোকে ভিৰ কৰি শ্লট মতে প্রতিষেধক লৈছে যদিও বহু লোকে প্রতিষেধকৰ বাবে শ্লট বিচাৰি পোৱা নাই৷ ফলত ক’ৰোনা প্রতিষেধক প্রদান কেন্দ্রত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ অৱশ্যে নির্দিষ্ট ৱেবছাইটত নাম পঞ্জীয়ন কৰাসকলক স্বাস্থ্যকর্মীয়ে শ্লট মতে প্রতিষেধক প্রদান কৰিছে যদিও শ্লট বিচাৰি নোপোৱা বহু লোকে অপেক্ষা কৰাৰ বিপৰীতে অযথা স্বাস্থ্য কেন্দ্রত ভিৰ কৰিছে৷ তাতকৈ ডাঙৰ কথা এই যে ক’ৰোনা প্রতিষেধক প্রদান কেন্দ্রত ভিৰ কৰা একাংশ লোকে ক’ভিড প্রট’কল উলংঘা কৰি জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনিছে৷

ক’ৰোনা প্রতিষেধক প্রদান কেন্দ্রত ভিৰ কৰা লোকসকলে মাস্কপৰিধান কৰিছে যদিও সামাজিক দূৰত্বক ভেঙুচালি কৰি গাতে গা লগাই শাৰী পাতি প্রতিষেধকৰ বাবে অপেক্ষা কৰিছে৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, যোৱা ৭ মে’ৰ পৰা ক’ভিড প্রতিষেধক প্রদান কেন্দ্রসমূহত ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ ভিতৰৰ লোকসকলক প্রতিষেধক প্রদান কৰি থকা হৈছে৷ উল্লেখ্য যে আজিৰ দিনটোত মহানগৰীত নতুনকৈ ১,৪৮১গৰাকী ক’ভিডত আক্রান্ত হোৱাৰ লগতে ৩০গৰাকী লোকৰ মৃত্যু হয়৷

You might also like