নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সত্ৰাধিকাৰক আদৰিলে মুছলমান লোকে : হাউলীৰ কালঝাৰ সত্ৰত হিন্দু-মুছলমানৰ সমন্বয়ৰ দৃশ্য

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰী : বৰপেটা হাউলীৰ কালঝাৰ সত্ৰৰ আজি পৰিদৰ্শন কৰে দিহিং সত্ৰৰ সত্ৰাধিকাৰ মাধৱ চন্দ্ৰ দেৱগোস্বামীয়ে। গোপালদেৱৰ প্ৰিয় শিষ্য বৰ যদুমনিদেৱে স্থাপন কৰা গোলাঘাট জিলাৰ দিহিং সত্ৰৰ সত্ৰাধিকাৰ মাধৱ চন্দ্ৰ দেৱগোস্বামীয়ে শিষ্যৰ বতৰা লবলৈ আৰু গুৰুজনা দামোদৰদেৱে নিজে স্থাপন কৰা সত্ৰখন দৰ্শণৰ বাবে আজি সত্ৰাধিকাৰ বাপজনা কালঝাৰত উপস্থিত হয় ৷সত্ৰাধিকাৰ বাপজনা কালঝাৰ সত্ৰত উপস্থিত হোৱাৰ পিচতে কালঝাৰ অঞ্চলৰ বহু মুছলমান সম্প্ৰদায়ৰ লোকে ডিঙিত গামোছা লৈ, মাহ-প্ৰসাদ আৰু শৰাইৰে সত্ৰাধিকাৰ বাপজনাক আদৰণি জনায়৷ উল্লেখ্য যে, গোঁহাইৰ ভূমিত অতীজৰ পৰা কালঝাৰ অঞ্চলৰ হিন্দু মুছলিম লোকসকলে কৃষি কাৰ্যৰে জীৱিকা নিৰ্বাহ কৰি আহিছে৷ আৰু গোহাইৰ ভূমিত খেতি কৰি জীৱিকা নিৰ্বাহ কৰা হিন্দু লোকসকলৰ দৰেই আজি মুছলমান ধৰ্মাৱলম্বী লোকসকলেও সম্প্ৰিতিৰ অপুৰ্ব নিদৰ্শন দাঙি ধৰিলে হাউলীৰ কালঝাৰবাসীয়ে।১৫৮৯ চনত স্থাপিত হোৱা কালঝাৰ মূল সত্রত সত্রাধিকাৰ গৰাকী উপস্থিত হোৱাৰ পিছতে মুছলমান সম্প্ৰদায়ৰ লোক সকলে গোস্বামীক সাক্ষাৎ কৰি শৰাই, চেলেং চাদৰ, গামোচা, পাণ-তামোল আৰু ফল-মূল আদিৰে সম্ভাষন জনায়। উল্লেখ্য যে ৰাজ্যত চলিথকা ভেদা-ভেদ পাহৰি সত্ৰাধিকাৰ বাপজনাক আদৰণি জনোৱা দৃশ্যই শংকৰ-মাধৱৰ এই ভূমিত দাঙি ধৰিলে হিন্দু মুছলমানৰ একতা আৰু সম্প্ৰীতিৰ অপুৰ্ব নিদৰ্শন৷ সত্রাধিকাৰগৰাকীয়ে কালঝাৰ সত্র পৰিদৰ্শন কৰি মুছলমান লোক সকলৰ সৈতে এক মন বিনিময় অনুষ্ঠানত অংশ লয়। উক্ত মত বিনিময় অনুষ্ঠানত নামনি অসমৰ সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক গৌৰী কান্ত কাকতি, সমাজ কৰ্মী আতোৱাৰ ৰহমান, আবেদুৰ ভূঞা, ৰুস্তম আলী, কায়েম উদ্দিন, ইব্ৰাহিম তালুকদাৰ, হামেদ খান, নুৰুল হক সৰকাৰ, তাইজ উদ্দিন আহমেদসহ শতাধিক নাগৰিকে অংশ গ্ৰহন কৰে |

প্ৰেৰক ভূষণ তালুকদাৰ

You might also like