নিয়মীয়া বাৰ্তা, বগীনদী, ১১ এপ্ৰিলঃ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ৰমজান মাহ উপলক্ষে কালি সন্ধিয়া লখিমপুৰ জিলাৰ কদম টেঙাবস্তিৰ পুৰণা জামে মছজিদ প্ৰাংগণত কদম তিনিআলি যুৱ সমাজৰ উদ্যোগত ৰাজহুৱাভাৱে ইফতাৰ অনুষ্ঠান সম্পন্ন হয়। উক্ত ইফতাৰ অনুষ্ঠানত বৃহত্তৰ কদম অঞ্চলৰ বহুকেইগৰাকী হিন্দু ধৰ্মীয় বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি হিন্দু-মুছলমানৰ ভাতৃত্বৰ সুন্দৰ নিদৰ্শন দাঙি ধৰে। কদম তিনিআলি যুৱ সমাজৰ সভাপতি ফজলুৰ ৰহমান আৰু সম্পাদক তথা ‘নিউজ টাইম অসম’ৰ লখিমপুৰৰ সাংবাদিক জিয়াউল আলীৰ নেতৃত্বত আয়োজিত এই ইফতাৰত যুৱ সমাজৰ উপদেষ্টা জাকিৰ হুছেইনৰ উপৰিও কদম জিলা পৰিষদৰ সদস্য তৰুণ গগৈ, ন-কদম পঞ্চায়তৰ সভাপতি প্ৰফুল্ল দত্ত, জাগৃত নাৰী শক্তি অসমৰ লখিমপুৰ জিলাৰ সম্পাদিকা মানসী ৰাজখোৱা, পথালিপাম বনখণ্ডৰ বন বিষয়া আব্দুল মতিন, সাংবাদিক কুশল শইকীয়া, সাংবাদিক মজিন সোণোৱাল, সাংবাদিক হেমন্ত বেজকে ধৰি অন্যান্য বহুকেইজন লোকে অংশগ্ৰহণ কৰে।