নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাম নৱমীঃ জে এন ইউত মাৰপিটৰ ঘটনা, আহত ১৬

বিশেষ বাৰ্তা, ১১ এপ্ৰিলঃ আকৌ সংবাদ শিৰোনামত জে এন ইউ। দেশৰ আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত হোষ্টেলৰ আমিষ খাদ্যক লৈ দুটা গোটৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে। প্ৰসংগ ৰাম নৱমী। ৰাম নৱমীৰ দিনা হোষ্টেলত আমিষ ভোজন পৰিৱেশনক লৈ ছাত্ৰ একতা সভা আৰু এবিভিপিৰ ছাত্ৰৰ মাজত সংঘৰ্ষৰ সৃত্ৰপাত হয় আৰু কমেও ১৬ জনকৈ ছাত্ৰ আহত হৈছে। জেএনইউএছইউ, এছএফআই, ডিএছএফ আদি বাওঁপন্থী ছাত্ৰ সংগঠনে প্ৰকাশ কৰা মতে ৰাম নৱমী বুলি এবিভিপিয়ে ছাত্ৰসকলক আমিষ ভোজন কৰাত বাধা দিছিল। আনহাতে, এবিভিপিয়ে অভিযোগ কৰা মতে, তেওঁলোকে হোষ্টেলত আয়োজন কৰা পূজা-পাৰ্বনত বাধা আৰোপ কৰে বাওঁপন্থীসকলে।

You might also like