নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৰুণ গগৈৰ শেষকৃত্যও সম্পন্ন কৰিলে হীৰামন চৌধুৰীৰ দলে

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ শেষকৃত্য সম্পন্ন কৰা শ্মশান কর্মী হীৰামন চৌধুৰীৰ দলটোৱেই বৃহস্পতিবাৰে নৱগ্রহ শ্মশানত প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈৰ অন্ত্যেষ্টিক্রিয়া অতি সুকলমে সমাপন কৰে৷ উল্লেখ্য যে শ্মশান কর্মী হীৰামন চৌধুৰীয়ে বিশিষ্ট সাহিত্যিক মামণি ৰয়ছম গোস্বামী, বিশিষ্ট কবি হীৰেন ভট্টাচার্য, বিশিষ্ট শিল্পী খগেন মহন্ত, বলিষ্ঠ অভিনেতা বিজু ফুকন, কালজয়ী শিল্পী দীপালী বৰঠাকুৰ আদিৰো শেষকৃত্য সম্পন্ন কৰিছিল৷ শ্মশান কর্মী চৌধুৰীয়ে জানিবলৈ দিয়া মতে, জীৱনত প্রথমবাৰ ড০ ভূপেন হাজৰিকাৰ দৰে বৰেণ্য ব্যক্তিৰ অন্ত্যেষ্টিক্রিয়া তেওঁ সম্পন্ন কৰে৷ তাৰ পাছত একাদিক্রমে ইজনৰ পাছত সিজনকৈ বৰেণ্য ব্যক্তিৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰি আহিছে৷

You might also like