নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭ মাহৰ মূৰত আজি খেলপথাৰত নামিব টীম ইণ্ডিয়া

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ ক’ভিড মহামাৰীয়ে সলনি কৰিছে সমগ্র পৃথিৱী৷ ক্রিকেট বিশ্বলৈ আহিছে ব্যাপক পৰিৱর্তন৷ এই পৰিৱর্তিত ক্রিকেট বিশ্বত  আজি  প্রথমবাৰৰ বাবে খেলপথাৰত দেখিবলৈ পোৱা যাব বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াক৷ ১৯৯২ চনৰ আই চি চি বিশ্বকাপৰ নেভী ব্লু ৰঙৰ জার্ছিক নতুন ৰূপত পৰিধান কৰি টীম ইণ্ডিয়াই ছিডনী ক্রিকেট গ্রাউণ্ডত ঘৰুৱা দল অষ্ট্রেলিয়াৰ বিৰুদ্ধে প্রথম এদিনীয়াত অৱতীর্ণ হ’ব৷ এই মেচখনৰ জৰিয়তে টীম ইণ্ডিয়াই আৰম্ভ কৰিব দুমাহ দীঘলীয়া অষ্ট্রেলিয়া ভ্রমণ৷ তাৰকা অ’পেনাৰ ৰোহিত শর্মাৰ অনুপস্থিতিত খেলিবলগীয়া মেচখন টীম ইণ্ডিয়াৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ বিবেচিত হৈছে৷ বাঁওহতীয়া অ’পেনাৰ শিখৰ ধাৱনৰ সংগী হিচাপে কোনে খেলপথাৰত নামিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই যদিও মায়ংক আগৰৱালৰ সম্ভাৱনা অধিক দেখা গৈছে৷

অষ্ট্রেলিয়াৰ অধিনায়ক আৰন ফিনছেও আজি কৈছে যে ৰোহিতৰ অনুপস্থিতিত মায়ংকৰ দৰে প্রতিভাৱান বেটছমেনে ভাৰতীয় দলৰ প্রত্যাশা পূৰণ কৰিব পাৰে৷ দলত আছে সঞ্জু ছেমছন আৰু শুভমন গীলৰ দৰে দুগৰাকী আকর্ষণীয় প্রতিভা৷ ৰোহিতৰ অনুপস্থিতিত সহঃ অধিনায়কৰ দায়িত্ব পাইছে লোকেশ ৰাহুলে৷ তেওঁক আজি উইকেটকীপাৰ হিচাপেও দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে৷ চলিত বর্ষৰ মার্চত নিউজিলেণ্ড ভ্রমণত ৫ নম্বৰ স্থানত বেটিং কৰি ৰাহুলে কেইবাটাও দায়িত্বপূর্ণ ইনিংছ খেলিছিল৷

অৱশ্যে ৰোহিতৰ অনুপস্থিতিত অধিনায়ক কোহলিৰ কান্ধত দায়িত্ব বৃদ্ধি পোৱাটো নিশ্চিত৷ পেট কামিনছ, মিচেল ষ্টার্ক, আডাম জাম্পা আদিৰ দৰে তাৰকা বলাৰেৰে গঠিত অষ্ট্রেলিয়ান বলিং আক্রমণক প্রতিহত কৰিবলৈ কোহলিয়ে সন্মুখৰ পৰা নেতৃত্ব দিব লাগিব৷ ইফালে, ডেভিদ ৱার্নাৰ, ষ্টিভেন স্মিথ, মার্নাছ লাবুছানে, গ্লেন মেক্সৱেল আদিৰ দৰে তাৰকাক প্রত্যাহ্বান জনাবলৈ সাজু হৈছে টীম ইণ্ডিয়াৰ দুর্ধর্ষ বেগী বলাৰ যশপ্রীত বুমৰাহ আৰু মহম্মদ ছামি৷ উদীয়মান বেগী বলাৰ নৱদীপ ছাইনী আৰু ছার্দুল ঠাকুৰেও সুযোগ পোৱাৰ সম্ভাৱনা আছে৷ তাৰকা স্পীনাৰ য়ুজবেন্দ্র চাহাল আৰু অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজাৰ ওপৰতো টীম ইণ্ডিয়া নির্ভৰশীল হ’ব৷

উল্লেখ্য যে চলিত বর্ষৰ মার্চ মাহতে ভাৰতক অন্তিমবাৰৰ বাবে খেলপথাৰত দেখিবলৈ পোৱা গৈছিল৷

খেলৰ সময়: পুৱা ৯.১০ বজা৷

You might also like