নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমবাসীৰ বাবে ঐতিহাসিক দিন, শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ মুকলি

সাহিত্য কৃষ্টিৰ বৰভেটি প্ৰতিষ্ঠাৰে জাতীয় জীৱনক নতুন ৰঙেৰে সজোৱা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত আজি নতুন প্ৰভাত উদয় হ’ল। আজি মুকলি হ’ল বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প তথা শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাব ক্ষেত্ৰ। বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰত নিৰ্মাণ হোৱা আটকধুনীয়া বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প আজি উদ্বোধন কৰা হয়।

দীৰ্ঘ অপেক্ষাৰ অন্ত পৰিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱাক জাকত-জিলিকা পৰ্যটন আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ আজি বাস্তৱ হল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আনুষ্ঠানিকভাৱে মুকলি কৰিলে ২২৭ কোটি টকা ব্যয়েৰে নিৰ্মিত ‘শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ’।

অনুষ্ঠানত আজি ষাঠি হাজাৰ ভকত বৈষ্ণৱ উপস্থিত থাকে বটদ্ৰৱাত। সভাত উপস্থিত হোৱাৰ পিছত গৃহমন্ত্ৰী অমিত শ্বাহক গামোচা আৰু গুৰু আসনৰ প্ৰতীকপটেৰে আদৰণি জনোৱা হয়। অসমৰ বিভিন্ন স্থানৰ পৰা আমন্ত্ৰণ কৰি অনা হয় ১৫০জন সত্ৰাধিকাৰ আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰৰ কেইবা সহস্ৰাধিক সন্মানীয় ব্যক্তি। দুই হাজাৰ গায়ন বায়ন, সত্ৰীয়া নৃত্য, দিহানাম আদি বিভিন্ন সাংস্কৃতিক কাৰ্য ক্ৰমনিকাৰে গৃহমন্ত্ৰীক আদৰি অনা হয়। মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা বটদ্ৰৱা থান প্ৰতিপালনৰ আৰু পৰিচৰ্যাৰ লগত সদা ব্যস্ত থকা শ্ৰীশ্ৰীবটদ্ৰৱা থান পৰিচালনা সমিতিয়ে শৰাই, কুঁহিলাৰ কঠ, চেলেং চাদৰ, গামোছা, ময়ুৰ আসনেৰে গৃহমন্ত্ৰী অমিত শ্বাহক আদৰণি জনোৱা হয়।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গ্ৰহণ কৰা এই বৃহৎ প্ৰকল্পৰ শুভ উদ্বোধনৰ দিনটো, ২৯ ডিচেম্বৰ, অসমবাসীৰ বাবে এক ঐতিহাসিক দিন হিচাপে চিহ্নিত হৈ ৰ’ব। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে গুৰুজনাৰ জন্মভূমিৰ ঐতিহাসিক, সাংস্কৃতিক আৰু আধ্যাত্মিক গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

এই বটদ্ৰৱা প্ৰকল্পত গুৰু আসন, মণিকাঞ্চন নামঘৰ, দুটা জলপান গৃহ, প্ৰশাসনিক ভৱন, যাত্ৰী নিৱাস, দক্ষতা বিকাশ কেন্দ্ৰ, গৱেষণা কেন্দ্ৰ, মুখ্য প্ৰৱেশদ্বাৰ, চাৰিসীমা দেৱাল, কলাকেন্দ্ৰ, মিউজিকেল ফাউণ্টেইন আৰু লেজাৰ শ্ব’, কৃষ্ণলীলা নাটঘৰ, ১০টা জনগোষ্ঠীয় কুটিৰ, স্বাস্থ্য কেন্দ্ৰৰ লগতে বিষ্ণুৰ দশৱতাৰো স্থাপন কৰা হৈছে। এই সকলো ব্যৱস্থাই প্ৰকল্পটোক এক আধুনিক সাংস্কৃতিক তীৰ্থস্থান হিচাপে গঢ়ি তুলিছে।

প্ৰকল্প মুকলি কৰাৰ পাছতে গৃহমন্ত্ৰী অমিত শ্বাহে সমগ্ৰ আৱিৰ্ভাৱ ক্ষেত্ৰ পৰিদৰ্শন কৰে। এই সময়ত শতাধিক ঢুলীয়া, খোল বাদক আৰু সত্ৰীয়া নৃত্যশিল্পীয়ে ঐতিহ্যবাহী সাংস্কৃতিক উপস্থাপনৰ জৰিয়তে তেওঁক আদৰণি জনায়। ভকত-বৈষ্ণৱ, আয়তী আৰু নামতিৰ নাম-কীৰ্তনত অংশ লৈ গৃহমন্ত্ৰী শ্বাহে গুৰুজনাৰ ধৰ্মীয়-সাংস্কৃতিক পৰম্পৰাৰ সৈতে একাত্মতা প্ৰকাশ কৰে।

মুকলি অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পৱিত্ৰ মাৰ্ঘেৰিটা, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱা থান সত্ৰক বৃন্দাবনৰ আৰ্হিত বিশেষ ধৰ্মীয় ক্ষেত্ৰ হিচাপে গঢ়াৰ সংকল্পৰে ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত অসম চৰকাৰৰ বিশেষ তৎপৰতাত বেদখল মুক্ত হোৱা ১৬৫ বিঘা ভূমিত নিৰ্মাণ হৈ উঠা বৃহৎ “বটদ্ৰৱা প্ৰকল্প” ভাগ অসমবাসী ৰাইজৰ বাবে মুকলি কৰাৰ পিছত এই অঞ্চলবাসীক আনন্দিত কৰিছে। উল্লেখযোগ্য যে, ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহেই বহু প্ৰত্যাশিত এই বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণকাৰ্য্যৰ শুভাৰম্ভ কৰিছিল।

ডিজিটেল ডেস্ক, ২৯ ডিচেম্বৰ

You might also like