নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদুলি-মুদুলি ঢকুৱাখনাৰ ম’হঘুলি চাপৰি : কাইলৈৰ পৰা ঐতিহাসিক ফাটবিহু

নিয়মীয়া বাৰ্তা, ৯ মে’ : “ম’হঘুলি চাপৰিলৈ আহিবা লাহৰী ঐ, ফাটবিহুৰ বাতৰি ঐ পাই। দেউৰীও আহিব কছাৰীও আহিব ঐ আমাৰ বিহু ভাঙোতা নাই”। ঢকুৱাখনাৰ ম’হঘুলি চাপৰিত চলিছে ঐতিহাসিক ফাটবিহুৰ মহা আয়োজন। ঢকুৱাখনাৰ আয়োখৰেখা চাৰিকড়ীয়া নৈৰ পাৰত চলিছে ঢকুৱাখনাৰ স্বকীয় লোক উৎসৱ ফাটবিহুৰ যুদ্ধকালীন প্ৰস্তুতি। ন-ৰূপত সজাই-পৰাই তোলা হৈছে ৩৮ বিঘা মাটিৰে পৰিবেষ্টিত ম’হঘুলি চাপৰিৰ ফাটবিহুৰ বাকৰি। সাতামপুৰুষীয়া পৰম্পৰা সামৰি কাইলৈৰ পৰা তিনিদিনীয়াকৈ উদযাপিত হ’ব ফাটবিহু। ঢকুৱাখনাৰ স্বকীয় লোক উৎসৱ এই বৰ্ষৰ ফাটবিহুক লৈ অন্তহীন ব্যস্ততা এতিয়া ঢকুৱাখনাবাসীৰ। ইতিমধ্যে সম্পূৰ্ণ হৈছে অতিথিগৃহ, ভোজনালয়। যুদ্ধকালীন তৎপৰতাৰে নিজৰ দায়িত্ব পালন কৰিছে উদযাপন সমিতিয়ে।প্ৰায় আঢ়ৈ লক্ষাধিক বিহুপ্ৰেমীক আদৰিবলৈ সাজু হৈছে উদযাপন সমিতি। অতিথি আপ্যায়নৰ বাবে সাজু কৰা হৈছে পিঠা-পনা, জলপানৰ লগতে বিভিন্ন পৰম্পৰাগত খাদ্য। ফাটবিহুৰ মুখ্য আকৰ্ষণ হৈছে মুকলি বিহু। দুই শতাধিক বিহুদলে অংশ লব এইবাৰৰ মুকলি বিহুত। লগতে থাকিব দেউৰী,সোণোৱাল কছাৰী আৰু মিচিংসকলৰ প্ৰাপ্তবয়স্ক হুঁচৰি প্ৰতিযোগিতা। আহোম ৰাজত্বকালৰে পৰাই উদযাপন কৰি অহা হৈছে বিশেষ ঐতিহ্যৰে মহিমামণ্ডিত ঢকুৱাখনাৰ এই ফাটবিহু। নিখুঁত ৰূপত এই বিহুখনৰ ঐতিহ্য-গৰিমা উপস্থাপনৰ বাবে সদায় চেষ্টা কৰি আহিছে সংস্কৃতিবান ঢকুৱাখনাবাসীয়ে। ঢকুৱাখনাবাসীৰ আৱেগ আৰু স্বাভিমানৰ প্ৰতীক এই ফাটবিহুৰ তিনিওটি দিনৰ কাৰ্য্যসূচীত প্ৰদৰ্শিত হ’ব বিভিন্ন জাতি-জনগোষ্ঠীৰ বৰ্ণিল কৃষ্টি-সংস্কৃতি। ফাটবিহু সমিতিয়ে জনোৱা অনুসৰি কাইলৈ পুৱা পতাকা উত্তোলনেৰে ফাটবিহু ২০২৪ বৰ্ষৰ তিনিদিনীয়া বৰ্ণিল কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰিব ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই। ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰিব উদযাপন সমিতিৰ সভাপতি মুকুল গগৈয়ে। ১১.৩০ বজাত মঞ্চ মুকলি কৰিব ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° গিৰিন গগৈয়ে। দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত হ’ব মহিলা সকলৰ টকা বিহু প্ৰতিযোগিতা। বিয়লি ২.৩০ বজাৰ পৰা চেমনীয়া হুঁচৰি প্ৰতিযোগিতা। জাতীয় সাজপাৰ পৰিধান কৰাটো এক চিৰাচৰিত নিয়ম আৰু পৰম্পৰাত পৰিণত হোৱা ফাটবিহুৰ তিনিওটি দিনৰ কাৰ্যসূচীত জাতীয় সাজপাৰ পৰিধানেৰে উপস্থিত থাকি ফাটবিহুৰ ৰং ৰূপ উপভোগ কৰাৰ আহ্বান জনাইছে উদযাপন সমিতিয়ে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like