নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁৱত ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াত গৃহহীন পৰিয়ালৰ বিদ্যালয়ত আশ্ৰয়

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰ : মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বৰহলৌকান্দাত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়া। লুইতৰ গৰাখহনীয়াত ইতিমধ্যে জাহ গৈছে ১৫০টাকৈ পৰিয়ালৰ বাসগৃহৰ লগতে বিস্তীৰ্ণ কৃষিভূমি। খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে আন বহু পৰিয়াল আৰু চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানলৈ। এমাহ ধৰি বৰহলৌকান্দাত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অব্যাহত আছে। কিন্তু কুম্ভকৰ্ণ নিদ্ৰাত মৰিগাঁও জিলা জলসম্পদ বিভাগ। খহনীয়া প্ৰতিৰোধ দূৰৰেই কথা, খহনীয়াগ্ৰস্ত  অঞ্চল পৰিদৰ্শন কৰিবলৈও আহৰি পোৱা নাই জলসম্পদ বিভাগৰ বৰমূৰীয়াসকলে। খহনীয়াত নিজৰ সপোনৰ ঘৰখন, মাটি-ভেটি হেৰাই জটীয়াবড়ী প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় গ্ৰহণ কৰিছে সৰ্বস্বান্ত কেইবাটাও পৰিয়ালে । ইফালে, খহনীয়াগ্ৰস্তৰ খবৰ ল’বলৈ নাহিল স্থানীয় বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰ। জিলা জলসম্পদ বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে নৈপৰীয়া ৰাইজে। খহনীয়াৰ পৰা গাঁওখনক ৰক্ষা কৰিবলৈ চৰকাৰক আবেদন খহনীয়াগ্ৰস্ত ৰাইজৰ। এইক্ষেত্ৰত চৰকাৰ-প্ৰশাসনে অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়াহে হ’ব লক্ষ্যণীয়।

প্ৰেৰক আবুল কালাম

You might also like