নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত জনস্বাস্থ্য কাৰিকৰীৰ স্বচ্ছতা অভিযান

নিয়মীয়া বাৰ্তা,  ১৭ ছেপ্টেম্বৰ : পাঠশালাত জনস্বাস্থ্য কৰিকৰী বিভাগৰ বজালী সংমণ্ডলৰ উদ্যোগত আৰু পাঠশালাৰ ই-ৰিক্সা চালক সন্থাৰ সহযোগত আজি পাঠশালাস্থিত বজালী প্ৰগতি সংঘ আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ দুই মহাৰথী ক্ৰমে মঞ্চপ্ৰভাকৰ অচ্যুত লহকৰ আৰু মঞ্চৰত্ন ৰতন লহকৰৰ সমাধি ক্ষেত্ৰত চাফাই অভিযান চলোৱা হয়৷ বজালী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বজালী সংমণ্ডল সমন্বয়ক মৃদুলা চৌধুৰীয়ে এই কাৰ্যসূচীত উপস্থিত থাকি কয় যে সমগ্ৰ ভাৰতবৰ্ষতে জনস্বাস্থ্য কাৰিকৰী বিভাগে যোৱা ১৫ ছেপ্টেম্বৰৰ পৰা স্বচ্ছতাই সেৱা অভিযানেৰে প্ৰতিখন জিলাৰ নগৰ, চহৰ, গাঁও আদি পৰিষ্কাৰ কৰা আৰু প্লাষ্টিকমুক্ত কৰাৰ লক্ষ্য আগত ৰাখি পদক্ষেপ গ্ৰহণ কৰিছে৷ আৰু এই পদক্ষেপৰে অংশস্বৰূপে আজি পাঠশালাৰ বিভিন্ন স্থানত চাফাই অভিযান আৰম্ভ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ৷ অগপৰ বজালী সমষ্টি সমিতিৰ সভাপতি জিণ্টু চৌধুৰী, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতা বিজন বায়ন, লক্ষেশ্বৰ দাস, বজালী ই-ৰিক্সা সন্থাৰ প্ৰণৱ কলিতা সমন্বিতে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত উপস্থিত থাকি বজালী প্ৰগতি সংঘৰ সম্পাদক অনিল ডেকাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এনেকুৱা পৰিৱেশ আৰু জনহিতকৰ পদক্ষেপৰ শলাগ লয়৷

প্ৰেৰক কল্যাণ কলিতা

You might also like