নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত শোকাৱহ পথ দুৰ্ঘটনাত যুৱকৰ প্ৰাণহানি

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰ : গেৰেজত কাম কৰি বিশ্বকৰ্মা পূজা উপলক্ষে শনিবাৰে কিনিছিলহে এখন নতুন বাইক ৷ কিন্তু নতুন বাইক লৈ ঘৰ আহি নাপালে জোনাইৰ ৰতকে গাঁৱৰ ২০ বছৰীয়া যুৱক সৰ্বেশ্বৰ পাংগিঙে৷ জানিব পৰা মতে, শনিবাৰে নিশা প্ৰায় ১০.৩০ বজাত জোনাই বজাৰৰ পৰা বজাৰ কৰি নিজ ঘৰলৈ উভতি অহাৰ সময়ত ৰতকেস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত মটৰচাইকেলৰ নিয়ন্ত্ৰণ হেৰুৱাই ঘৰৰ পৰা মাত্ৰ ১০০ মিটাৰ আঁতৰত থকা এজোপা গছত খুন্দা মাৰি মৃত্যুক আঁকোৱালি লয় যুৱকজনে। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী যুৱকজনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে গাঁওখনত। যুৱকজনৰ মৃতদেহ শনিবাৰে নিশা জোনাই অসামৰিক চিকিৎসালয়ত ৰখা হৈছিল যদিও মৰণোত্তৰ পৰীক্ষাৰ বাবে আজি ধেমাজিলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।
প্ৰেৰক কৰবী দলে
You might also like