নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: আনৰ লগত তুলনা কৰাটো আপুনি ভাল নাপাব৷ নিজৰ ভাবমূর্তিৰ প্রতি আপোনাৰ থকা দৃঢ়তা ৰক্ষা কৰিব পাৰিব৷ বিয়া–বাৰুৰ কথা–বতৰাত আগুৱাব পাৰে৷ প্রেম–প্রীতিত অনুকূল৷
বৃষ: কিছু সন্দেহ আৰু কষ্টেৰে আজি পাৰ কৰি দিলে খুব আহুকালত পৰিব নালাগিব৷ শৰীৰ মধ্যম৷ মূল কথাত মন দিয়ক, কিছু হ’লেও কৃতকার্য হ’বই৷ ভ্রমণৰ সম্ভাৱনা আছে৷
মিথুন: ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ–শান্তি দেখা যায়৷ দাম্পত্যতো তেনে আভাস আছে৷ শৰীৰ মধ্যম৷ পৰাপক্ষত স্পষ্টভাষী হ’বলৈ যত্ন কৰক৷
কর্কট: মন ফৰকাল নাথাকিব৷ কর্মক্ষেত্রত অৱশ্যে কিছু দায়িত্ব পৰিবও পাৰে৷ ঘৰুৱা কথাত সামান্য উদাসীনতা৷ ভ্রমণত কষ্ট৷ নিজৰ ৰুচিৰ কামত অৱশ্যে পৰিৱর্তন নাপাব৷ বাধা দুই–এটা আছে৷
সিংহ: কোনো স্বভাৱগত তেজস্বিতা কাৰো আগত নেদেখুৱাব৷ ইয়াক কর্মৰ মাজতে ব্যৱহাৰ কৰক৷ পিতৃ–মাতৃৰ বাবে সামান্য চিন্তা৷ দাম্পত্যতো কিছু চিন্তা থাকিব৷ অৱশ্যে বিবাহ বা জীৱিকাৰ উন্নতি হ’ব৷
কন্যা: কর্ম তৎপৰতা বৃদ্ধি পাব৷ তাৰ পৰা নতুন কর্মচাৰীয়ে প্রশংসিত হ’ব৷ আর্থিকত খুব বেয়া নহ’ব আজিৰ দিনটোত৷ দাম্পত্যত মধ্যম৷ সন্তানৰ চিন্তা–আঁত বিচাৰি নাপাব৷ বিদ্যাত উন্নতি৷
তুলা: কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ৷ শৰীৰ পিছে খুব ভালেৰে যোৱা টান হ’ব৷ কিবা নতুন এটা কৰি দেখুৱাৰো হাবিয়াহ আছে৷
বৃশ্চিক: কার্যকৰী সংযোগত অনুকূল৷ আর্থিকতো আশাপ্রদ৷ কিন্তু সাময়িক উৎকণ্ঠা থাকিব৷ মনোবল বঢ়াওক৷ গৃহৰ স্বার্থত কিছুমানত এৰা–ধৰা কৰিব৷ পঢ়াত মধ্যম৷ হঠাৎ কোনো সমস্যাৰ সন্মুখীন হ’লেও দুশ্চিন্তা নানিব৷
ধনু: আর্থিকৰ বাবে কৰা চেষ্টাত কিছু সফল দেখিব৷ আনহাতে বুজন পৰিমাণৰ খৰচৰ বাবেও প্রস্তুত থকাটো ভাল৷ বিদ্যাত চিন্তা কম যদিও ব্যস্ততা থাকিব৷ পিছবেলা বিবিধ উন্নতি৷
মকৰ: উৎকণ্ঠাৰে কটাব লগা হ’ব পাৰে৷ কোনো খবৰত বৰ সুখী নহ’ব পাৰে৷ আর্থিকতো চিন্তা৷ কিবা নতুন চেষ্টাৰ বাবে মনলৈ সাহস গোটাব পাৰিব৷ প্রেমত শুভ৷
কুম্ভ: পিছবেলা কোনো ক্ষেত্রত নিৰাশ হ’ব পাৰে৷ অৱশ্যে আগবেলা তাৰ কিছু ওলোটা ফল দেখিব৷ প্রয়োজনীয় ক্ষেত্রত সেয়ে সাৱধানে চলক দাম্পত্যত মধ্যম৷ শৰীৰ ভাল হ’লেও উদ্বেগ এৰাব নোৱাৰিব৷
মীন: কর্মস্থানত আৰু পাৰিবাৰিক ক্ষেত্রত খুব উৎসাহজনক দেখা নাযায়৷ নিজে ভবামতে সকলো দিশতেই দুৱাৰ খোলা নাপাব৷ শৰীৰ সম্পর্কেও সচেতন থাকক৷ ভ্রমণাদিত একেবাৰে অন্যমনস্ক হ’ব৷ কু–চিন্তা নকৰিব৷

You might also like