নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেনে আছে তিতাবৰৰ ঐতিহাসিক বেলতলৰ পুখুৰী ? খবৰ নাই পুৰাতত্ব বিভাগ তথা চৰকাৰৰ

নিয়মীয়া বাৰ্তা,১৩ জুলাই : আহোম বুৰঞ্জীয়ে পৰশা এখন ঠাই হৈছে তিতাবৰ মহকুমাৰ ৰজাবাহৰ। এই ৰজাবাহৰতেই বৰ্তমান উচিতভাবে সংৰক্ষণৰ অভাৱত হেৰাই যোৱাৰ উপক্ৰম হৈছে প্ৰায় দুশৰো অধিক বছৰ পুৰণি এটা পুখুৰী।

আহোম স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনৰে এইটো ঐতিহাসিক বেলতলৰ পুখুৰী এতিয়া পৰিত্যক্ত অৱস্থাত পৰি ৰোৱা দেখা গৈছে। উল্লেখ্য যে ১৮০৫ চনত আহোম স্বৰ্গদেউ কমলেশ্বৰ সিংহই প্ৰতিৰক্ষাৰ বাবে এই ৰজাবাহৰত বাহৰ পতি থকাৰ সময়ৰ পৰাই আছিল এইটো বেলতলৰ পুখুৰী। স্বৰ্গদেউ কমলেশ্বৰ সিংহই বাহৰ পতাৰ চিন স্বৰূপে ইতিমধ্যে ৰজাবাহৰত উদ্ধাৰ হৈছিল আন কেইবাবিধ পৌৰাণিক সামগ্ৰী। কিন্তু বুৰঞ্জীপ্ৰসিদ্ধ ৰজাবাহৰৰ বেলতলৰ পুখুৰীটো সংৰক্ষণ বাবে পুৰাতত্ব বিভাগ তথা চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে ৰজাবাহৰৰ সচেতন ৰাইজে। প্ৰায় ডেৰ কথা মাটিৰ এই ৰজাদিনীয়া বেলতলৰ পুখুৰীটোৱে আজিও ৰজাবাহৰবাসীক সুঁৱৰাই আহিছে আহোম বুৰঞ্জীৰ বহু কথা। পৰিতাপৰ বিষয় এয়ে যে চৰকাৰীভাৱে সংৰক্ষণৰ অভাৱত বৰ্তমান বেলতলৰ পুখুৰীটোৰ এটা পাৰ মৃতদেহ সৎকাৰৰ স্থলীত পৰিণত হৈছে। কেইবাজনো গবেষক, অধ্যাপক, ৰাজনৈতিক নেতাই এই বেলতলৰ পুখুৰীৰ ৰহস্য উদঘাটনৰ বাবে বিভিন্ন সময়ত প্ৰচেষ্টা চলাইছিল যদিও নিৰ্ভৰযোগ্য তথ্য আজিকোপতি ৰাজহুৱা নহ’ল বুলি স্থানীয় লোকৰ মুখত শুনিবলৈ পোৱা যায়। এই ঐতিহাসিক বেলতলৰ পুখুৰীটো উচিতভাবে সংৰক্ষণ কৰি ৰজাবাহৰত আহোম ৰাজত্ব কালৰ অন্য এক কৃৰ্তিচিহ্ন জীয়াই ৰাখিবলৈ চৰকাৰক আহ্বান জনাইছে সচেতন ৰাইজে। 

You might also like