নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ ঘৰত আলহী আগমনৰ ফলত মনলৈ আনন্দ আহিব৷ ব্যৱসায়–বাণিজ্যত শুভ৷ যদিও আর্থিক ক্ষেত্রত মধ্যম৷
বৃষ ঃ গধুৰ কাম–কাজৰ পৰা বিৰত থকাই ভাল, দুর্ঘটনা, ৰক্তপাত আদিৰ যোগ দৃষ্টি হয়, গতিকে যিকোনো ধৰণৰ ড্রাইভিং এৰাই চলাই ভাল হ’ব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷
মিথুন ঃ যোগ্যতা থকা সত্ত্বেও যোগ্যতাৰ সন্মান নাপাব, দেহ আৰু মনত দুর্বলতা প্রকাশ পাব৷ চলা–ফুৰাত সতর্ক থাকিব৷
কর্কট ঃ নতুন কামৰ প্রতি আগ্রহ বৃদ্ধি পাব৷ আকস্মিক দুর্ঘটনাৰ যোগ৷ প্রেমত শুভ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৩৷
সিংহ ঃ এই ৰাশিৰ জাতক–জাতিকাই আজিৰ দিনটো শুনি আৰু হনুমান মন্দিৰত ধূপ–বন্তি প্রদানৰ কর্তব্য৷ যিকোনো যান–বাহনৰ পৰা সতর্ক থাকিব৷
কন্যা ঃ আজিৰ দিনটো আর্থিক লেনদেন নকৰিব৷ বিদ্যার্থীসকলৰ বাবে দিনটো শুভ৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৫৷
তুলা ঃ শাৰীৰিক দিশত মধ্যম ফল৷ কর্মস্থান চাকৰিৰ ক্ষেত্রত দিনটো শুভ৷ কথা–বতৰাত সাৱধান থাকিব৷ সফলতা লাভ কৰিব৷
বৃশ্চিক ঃ এই ৰাশিৰ জাতক–জাতিকাই শৰীৰৰ প্রতি সতর্ক থাকিব, টকা–পইচাৰ কাৰণে কর্মক্ষেত্রত বাধা৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৭৷
ধনু ঃ পাৰিবাৰিক সমস্যাৰ কাৰণে কর্ম আৰু আর্থিক ক্ষেত্রত বাধা৷ শৰীৰত আঘাত প্রাপ্তিৰ যোগ৷ জুইৰ পৰা সতর্ক থাকিব৷
মকৰ ঃ যোগ্যতা থকা সত্ত্বেও যোগ্যতাৰ সন্মান নাপাব৷ দেহ আৰু মনত দুর্বলতা প্রকাশ পাব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৯৷
কুম্ভ ঃ এই ৰাশিৰ জাতক–জাতিকাই নতুন কামত হাত নিদিব৷ অশুভ ৰাহুৰ প্রভাৱত শৰীৰৰ নিম্নাংশত আঘাত পাব পাৰে৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৭৷
মীন ঃ এই ৰাশিৰ বিদ্যার্থীসকলৰ বাবে দিনটো শুভ৷ ধূপ–বন্তিৰ লগতে ৰঙা ফুল দি হনুমান মন্দিৰত অর্পণ কৰিব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ১৷

You might also like