নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্ষাপাৰাত ৰানৰ বন্যা বোৱাই দৰ্শনীয় জয় টীম ইণ্ডিয়াৰ

আজি গুৱাহাটীৰ বৰ্ষাপাৰাত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়া মেচত দৰ্শনীয় জয় টীম ইণ্ডিয়াৰ। আজি অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়া মেচত বিৰাট কোহলীয়ে শতক অৰ্জন কৰে। তেওঁ ৮৭টা বলত ১১৩ ৰানৰ ইনিংছ খেলে। তেওঁৰ ইনিংছত ১২টা চাৰি আৰু এটা ছয় আছিল। এই শতকৰে তেওঁ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ ৭৩তম শতক অৰ্জন কৰে।

এই মেচত বিৰাট কোহলীৰ বাহিৰেও ৰোহিত শৰ্মাই ভাৰতৰ হৈ সুন্দৰ ইনিংছ খেলে। তেওঁ ৬৭টা বলত ৮৩ ৰান সংগ্ৰহ কৰে। তেওঁৰ ইনিংছত মুঠ ৯টা চাৰি আৰু ৩টা ছয় আছিল। লগতে অ’পেনিঙৰ দায়িত্ব চম্ভালিবলৈ লগত অহা শুবমান গিলেও ৭০ ৰানৰ ইনিংছ খেলি পেভিলিয়ন মুখি হয়।

টছত হাৰি প্ৰথমে বেটিং কৰিবলে আমন্ত্ৰণ পাই ভাৰতে ৩৭৪ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে। ইফালে ৩৭৪ ৰানৰ লক্ষ্য আগত লৈ খেলা শ্ৰীলংকাৰ দলটোৱে মাত্ৰ ৬৭ ৰানত পৰাস্ত হয়।

ইপিনে উমৰাণ মালিকে পুনৰবাৰ নিজৰ দ্রুত গতিৰে সকলোকে আচৰিত কৰি তুলিছে। আজিৰ এই মেচখনত উমৰাণে নিজৰ পূৰ্বৰ অভিলেখ ভংগ কৰে। এই মেচত তেওঁ ঘণ্টাত ১৫৬ কিলোমিটাৰ বেগেৰে বলিং কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত যিকোনো ভাৰতীয় বেগী বলাৰৰ এয়াই সৰ্বাধিক দ্ৰুত বল। ইয়াৰ আগতেও এই অভিলেখ উমৰাণ মালিকৰ নামত আছিল। আজি তেওঁ নিজৰেই পূৰ্বৰ অভিলেখ ভংগ কৰে।

You might also like