নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ মৰ্কাত ভয়াৱহ পথ দুৰ্ঘটনাঃ তেলৰ টেংকাৰৰ ভিতৰতে মৃত্যু দুই ভাতৃৰ

নিয়মীয়া বাৰ্তা, ২৫ আগষ্টঃ বৰপেটা জিলা পৰিবহণ বিভাগৰ যান বাহন আৰক্ষীৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ বাবে ক্ৰমাত কিলাৰ হাইৱেত পৰিণত হৈছে বজালীৰ মাজেৰে পাৰ হৈ যোৱা 27নং ৰাষ্টীয় ঘাইপথ। মাত্ৰ যোৱা তিনিটা দিনত ঘাইপথৰ ওপৰত জধেমধে পথত ৰাখি থোৱা ট্ৰাকত খুন্দা মাৰি চাৰিজনকৈ লোক নিহত হোৱাৰ লগতে আন কেইবাজনো লোক গুৰুতৰভাবে আহত হৈছে। যোৱা ২৩ আগষ্টত কঁহৰাত ৰৈ থকা ট্ৰাকত খুন্দা মাৰি দুজন লোক নিহত হোৱাৰ শোক মাৰ নৌযাওঁতেই আজি জিলাখনৰ মৰ্কাত সংঘটিত একে দুৰ্ঘটনাত দুই ভাতৃৰ মৃত্যু হোৱা ঘটনাত পুনৰ শোকৰ ছাঁ পৰিছে। নিহত লোক দুজন বঙাইগাঁও ধাদিপুৰ শাঠিপুৰ নিৱাসী মাগুৰ নায়কৰ পুত্ৰ জাহাংগীৰ আলী (৩৫) আৰু কালাম আলী (২৫) বুলি জানিব পৰা গৈছে।

প্ৰেৰক কল্যাণ কলিতা

You might also like