নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰৰ দেশ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰৰ আন্দোলন অব্যাহত

বিশেষ বাৰ্তা, ২৫ আগষ্টঃ আজিও এক চেপা উত্তেজনাই বিৰাজ কৰি আছে নাহৰৰ দেশ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত।নাম ভৰ্তি মাচুল বৃদ্ধিক লৈ কালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এক অশোভনীয় পৰিস্থিতিৰ স্বৃষ্টি হয়।বিশ্ববিদ্যালয়ৰ কতৃপক্ষ আৰু ছাত্ৰ সংগঠনৰ মাজত হোৱা সংঘাতে বিশ্ববিদ্যালয়খনত এক অচলাৱস্থাৰ স্বৃষ্টি কৰে।সেয়ে আজি উক্ত ঘটনাক কেন্দ্ৰ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ বাবে কৰা মাচুল বৃদ্ধিৰ প্ৰতিবাদত বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংগঠন অনশনত বহি পৰে।বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্র একতা সভাৰ সম্পাদক অভিলাষ শইকীয়া আৰু সভাপতি বিকাশ মিছংৰ নেতৃত্বত স্নাতকোত্তৰ ছাত্র একতা সভাৰ কেইবাজনেও ২৪ ঘণ্টীয়া অনশন আৰম্ভ কৰিছে।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নামভৰ্তি মাচুল কতৃপক্ষই ৩৩ শতাংশ পৰা ৫৬ শতাংশলৈ বৃদ্ধি কৰিছিল।যাৰ পৰিপ্ৰেক্ষিতত পৰহি সন্ধিয়াৰে পৰা উৰে নিশা পৰ্যন্ত আন্দোলন কৰাৰ লগতে কালি দিনৰ ভাগতো প্ৰতিবাদ অব্যাহত আছিল।কালি উপচাৰ্য ড° জীতেন হাজৰিকাক মাচুল বৃদ্ধি প্ৰত্যাহাৰৰ দাবীত ইন্দিৰা মিৰি প্ৰেক্ষাগৃহত ঘেৰাও কৰি সমগ্ৰ পৰিবেশ উত্তাল কৰাৰ লগতে বিভিন্ন প্ৰশ্ন বানেৰে থকা-সৰকা কৰিছিল উপাচাৰ্য গৰাকীক।উতপ্ত হৈছিল বিশ্ববিদ্যালয়ৰ চৌদিশৰ পৰিবেশ।বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনত গৈয়ো প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীয়ে উপাচাৰ্য ড° জীতেন হাজৰিকাৰ সতে তৰ্ক যুদ্ধত লিপ্ত হৈছিল।সেই সময়ত উপাচাৰ্যৰ নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষী আৰু কেইগৰাকীমান অধ্যাপকে উপাচাৰ্য ড° হাজৰিকাক প্ৰতিবাদী ছাত্ৰৰ মাজৰ পৰা মোকলাই নিজ কক্ষলৈ নিয়াবলৈ সক্ষম হয়।ইয়াৰ পাছতে বিশ্ববিদ্যালয় কতৃপক্ষই কোনো কাৰণতে নামভৰ্তি মাচুলৰ সিদ্ধান্ত উঠাই নলয় বুলি স্পষ্ট কৰা পাছতে আজি পুৱা ১০ বজাৰ পৰা বিশ্ববিদ্যালয়ৰ প্ৰবেশ দ্বাৰৰ সন্মুখত স্নাতকোত্তৰ ছাত্র একতা সভাৰ সভাপতি-সম্পাদক ২৪ ঘণ্টীয়া অনশনত বহিল। দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী যাতে উচ্চ শিক্ষাৰ পৰা কোনো কাৰণতে বঞ্চিত হব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয়ৰ কতৃপক্ষই বৰ্ধিত মাচুল হ্ৰাস নকৰা পৰ্যন্ত স্নাতকোত্তৰ ছাত্র একতা সভাই ধাৰাবাহিক আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰি যাব বুলি সকীয়নি দিছে।আনহাতে বিশ্ববিদ্যালয়ৰ কতৃপক্ষই আন আন বিশ্ববিদ্যালয়ৰ বৰ্ধিত মাচুলৰ প্ৰসংগ উৎথাপন কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়টো মাচুল বৃদ্ধি কৰা বুলি অবাঞ্চিত যুক্তি দেখুওৱা কাৰ্যৰ বিৰূদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে‌।

প্ৰেৰক বিভাস দুৱৰা

You might also like