নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশা গোলাঘাটৰ বঙালগাঁৱত লোমহৰ্ষক কাণ্ড, বাঁহনিত উদ্ধাৰ যুৱকৰ মৃতদেহ

ডিজিটেল ডেস্ক, ৯ মাৰ্চ : নিশা গোলাঘাটৰ কমাৰবন্ধাৰ আঠাবাৰী বঙালগাঁৱত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড। অভিযোগ অনুসৰি নিজ ভাতৃয়ে হত্যা কৰে ককায়েকক। এই হত্যাকাণ্ডত পিতৃয়েও সহযোগ কৰাৰ সন্দেহ কৰা হৈছে। ঘৰুৱা সংঘাতৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্হানীয় লোক তথা আৰক্ষীৰ।

অভিযোগ অনুসৰি ঘৰৰ চোতালতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ভাতৃয়ে হত্যা কৰে ককায়েক ৰাজু ওৰাঙক। ককায়েক ৰাজু ওৰাঙক হত্যা কৰি বস্তাত ভৰাই মৃতদেহ পেলায় বাঁহনিত।চোতালতে সিঁচৰতি হৈ থকা তেজৰ চেকুৰাৰ পৰা স্পষ্ট হয় হত্যাকাণ্ডৰ স্থান।

স্থানীয় লোকে বাঁহনিত মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে মৃত্যু হোৱা ৰাজু ওৰাঙৰ ঘৰৰ পৰা শুই থকা পিতৃ বোবাই ওৰাঙক গ্ৰেপ্তাৰ কৰে। লগতে হত্যাকাণ্ডত ব্যৱহাৰ হোৱা দাখনো আৰক্ষীয়ে উদ্ধাৰ কৰিছে। আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰিছে।

You might also like