নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-মিজো সীমান্তত উত্তপ্ত পৰিস্থিতি

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ হাইলাকান্দি জিলাৰ অসম মিজো সীমান্তত কালি মিজো দুৰ্বৃত্তই অসমৰ ২০টা পৰিয়ালৰ ঘৰ জ্বলাই দিয়াৰ পিছত আজি উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। অসম-মিজো সীমান্তত যুদ্ধসদৃশ পৰিৱেশ বিৰাজ কৰিছে। প্ৰশাসনে কচুৰথল অঞ্চলত সান্ধ্য আইন জাৰি কৰাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ দল নিয়োগ কৰে। অসমৰ দল-সংগঠনেও অঞ্চলটোৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ হাইলাকান্দিত অনিৰ্দিষ্টকালীন বন্ধ ঘোষণা কৰিছে।

You might also like