নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অস্ত্ৰ সহ ৩ চোৰাং চিকাৰী আটক

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰী: বন বিভাগে যোৱা নিশা তিনিটা বন্দুকৰ সৈতে তিনি জন চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। চিৰাং জিলা বন প্ৰাধিকাৰী ব্ৰহ্মানন্দ পাতিৰিয়ে আজি সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে গোপন সূত্ৰে লাভ কৰা তথ্যৰ আধাৰত যোৱা নিশা ২:৩০ বজাত জিলা বন বিভাগ,বন সুৰক্ষা বাহিনী আৰু এছ এছ বি বাহিনীৰ এক যুটীয়া অভিযানত আমটেকা ৰেঞ্জৰ অন্তৰ্গত হাজিমাওৰীয়াত অভিযানকাৰী দলে ৩ জন চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা চোৰাং চিকাৰী কেইজনৰ জিম্মাৰ পৰা ৩টা অবৈধ বন্দুক জব্দ কৰা হয়। চোৰাং চিকাৰী কেইজনক পাছত জিলা খনৰ আমগুৰি থানাৰ অন্তৰ্গত মালিভিটাৰ জালুকবাৰী গাঁৱৰ প্ৰয়াত অগোন বসুমতাৰীৰ পুত্ৰ মনিশ্বৰ বসুমতাৰী(৩০), প্ৰয়াত ছিকা বসুমতাৰীৰ পুত্ৰ ফৌলাও বসুমতাৰী(২৬) আৰু একেখন গাঁৱৰে বাসিন্দা এংলা গয়াৰীৰ পুত্ৰ সঞ্জীত গয়াৰী(৩৫) বুলি চিনাক্ত কৰা হৈছে। ধৃত যুৱক জনে ভাৰত-ভূটান সীমান্তৰ গভীৰ বনাঞ্চলত দঁতাল হাতী গুলীয়ায় বধ কৰাৰ পাছত হাতী দাঁত আৰু অন্যান্য অংগ সংগ্ৰহ কৰি চোৰাং কাৰবাৰ চলাই আছিল বুলি চিৰাং জিলা বন প্ৰাধিকাৰীয়ে জানিবলৈ দিয়ে। অভিযানৰ সময়ত অন্য দুজন দুৰ্ধৰ্ষ চিকাৰী এন্ধাৰৰ সুযোগলৈ পলায়ন কৰিবলৈ সক্ষম হয়। পলায়ন কৰা দুৰ্ধৰ্ষ চিকাৰী দুজনক অতি শীঘ্ৰে কৰায়ত্ব কৰিবলৈ সক্ষম হ’ব বুলি বন প্ৰাধিকাৰী ব্ৰহ্মানন্দ পাতিৰিয়ে মত প্ৰকাশ কৰে।।

You might also like