নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰমে দহিছে ৰাজ্য : গুৱাহাটীত তাপমাত্রাই চুলে ৩৮.৯ ডিগ্রী চেলচিয়াছৰ ঘৰ

উৎকট গৰম
বিশেষ বাৰ্তা, ৭ জুনঃ কিছুদিন ধৰি উৎকট গৰমে দহিছে সমগ্র ৰাজ্য৷ বৰ্ধিত পাৰাস্তম্ভই ৰাজ্যৰ স্বাভাৱিক জীৱনযাত্রাত ব্যাঘাত জন্মাইছে। লগে লগে বৰষুণৰ পৰিমাণ ৰাজ্যত পোৱাৰ পৰিপ্রেক্ষিতত তাপমাত্রা ক্রমান্বয়ে বৃদ্ধি পাইছে৷ বিশেষকৈ গুৱাহাটী মহানগৰীত গৰমৰ পৰিমাণ অত্যধিক হাৰত বৃদ্ধি পাইছে৷ আজিৰ দিনটোত গুৱাহাটীত চলিত বছৰটোৰ ভিতৰত সর্বাধিক তাপমাত্রা অনুভূত হয়৷ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্রৰ তথ্য অনুসৰি বুধবাৰে গুৱাহাটীত পাৰাস্তম্ভই স্পর্শ কৰে ৩৮.৯ ডিগ্রী চেলচিয়াছৰ ঘৰ৷ স্বাভাৱিক তাপমাত্রাতকৈ এয়া ৬.৯ ডিগ্রী অধিক৷ আনহাতে, এই তাপমাত্রা আছিল গুৱাহাটীত জুন মাহত এতিয়ালৈ ৰেকর্ড হোৱা দ্বিতীয় সর্বোচ্চ তাপমাত্রা৷ ইয়াৰ পূর্বে ২০১৯ চনৰ ১৩ জুনত গুৱাহাটীত সর্বোচ্চ তাপমাত্রা আছিল ৩৯ ডিগ্রী চেলছিয়াছ৷ আজি গুৱাহাটীৰ সর্বনিম্ন তাপমাত্রা হৈছে ২৫ ডিগ্রী চেলচিয়াছ৷ এয়া স্বাভাৱিক তাপমাত্রাতকৈ ০.৬ ডিগ্রী অধিক৷ একেদৰে ডিব্রুগড়ত আজিৰ দিনটোত সর্বোচ্চ তাপমাত্রা হৈছে ৩৫.২ ডিগ্রী চেলচিয়াছ৷ এয়া স্বাভাৱিক তাপমাত্রাতকৈ ৪.১ ডিগ্রী চেলচিয়াছ অধিক৷ ডিব্রুগড়ত সর্বনিম্ন তাপমাত্রা হৈছে ২৫.২ ডিগ্রী চেলচিয়াছ৷ স্বাভাৱিক তাপমাত্রাতকৈ ১.৩ ডিগ্রী চেলচিয়াছ অধিক৷ ইপিনে, তেজপুৰত সর্বোচ্চ ৩৮ আৰু সর্বনিম্ন ২৭.৬, শিলচৰত সর্বোচ্চ ৩৭ আৰু সর্বনিম্ন ২৬.০, ধুবুৰীত সর্বোচ্চ ৩৬.৫ আৰু সর্বনিম্ন ২৭.৫, যোৰহাটত সর্বোচ্চ ৩২.৮ আৰু সর্বনিম্ন ২৫.৮, উত্তৰ লখিমপুৰত সর্বোচ্চ ৩৬.৩ আৰু সর্বনিম্ন ২৫ ডিগ্রী চেলচিয়াছ তাপমাত্রা ৰেকর্ড হৈছে৷ ৰাজ্যৰ প্রতিখন জিলাতে আজি স্বাভাৱিক তাপমাত্রাতকৈ ৰেকর্ড হোৱা তাপমাত্রা ৪ৰ পৰা ৬ ডিগ্রী অধিক আছিল৷ অৱশ্যে জুনত গৰমৰ পৰা গুৱাহাটীবাসীয়ে পৰিত্রাণ পোৱাৰ কোনো ইংগিত প্রদান কৰা নাই বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্রই৷ ডাৱৰীয়া আকাশৰ লগতে পাতলীয়া বৰষুণ হ’লেও গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৯ ডিগ্রী আৰু সর্বনিম্ন ২৫ ডিগ্রী চেলচিয়াছ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্রই আগজাননী দিছে৷ আনহাতে, পৰৱর্তী ৪৮ ঘণ্টাৰ ভিতৰত ৰাজ্যত প্রৱেশ কৰি উত্তৰ পূব মৌচুমী বতাহে৷ বতৰ বিজ্ঞান কেন্দ্রৰ মতে উত্তৰ–পূব মৌচুমী বতাহৰ প্রভাৱত ৰাজ্যৰ ভিন্ন প্রান্তত বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে বিগত কেইবাদিনো ধৰি তাপমাত্রা অত্যধিক বৃদ্ধি পোৱাৰ ফলত ৰাজ্যৰ কেইবাখনো জিলাত শিক্ষানুষ্ঠানত পাঠদানৰ সময়ৰ সালসলনি কৰা হৈছে৷ পুৱা ৯ বজাৰ পৰিৱর্তে ৭ বজাৰ পৰা পাঠদান আৰম্ভ কৰিবলৈ কামৰূপ মহানগৰ জিলাকে ধৰি কেইবাখনো জিলাৰ উপায়ুক্তই শিক্ষানুষ্ঠানসমূহক নির্দেশ দিছে৷ উৎকট গৰমে ৰাজ্যবাসীক জ্বলা–কলা খুওৱাৰ সময়তে বিদ্যুতৰ সঘন লুকাভাকুৱে সমস্যাৰ সৃষ্টি কৰিছে৷ গৰম বৃদ্ধি পোৱাৰ লগে লগে ডাবৰ পানী, শীতল পানীয়, নেমুৰ চৰবত আদিৰ চাহিদা বৃদ্ধি পাইছে৷ সমান্তৰালভাৱে বজাৰত বৃদ্ধি পাইছে বাতানুকূল যন্ত্রৰ বিক্রী৷

You might also like