নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৮ জুন, জেঠ মাহৰ ২৪ তাৰিখ
বৃহস্পতিবাৰঃ তিথি–কৃষ্ণা পঞ্চমী, নক্ষত্রঃ শ্রৱণা, যাত্রাঃ শুভ

মেষঃ এই ৰাশিৰ জাতক–জাতিকাই ফুৰা–চকাৰ ক্ষেত্রত সাৱধানে থাকিব৷ নিৰামিষ আহাৰ গ্রহণ কৰিব৷ প্রেমত শুভ৷ শুভ ৰং ৰঙা৷ সংখ্যা ৮৷

বৃষঃ আজি যাত্রা নকৰাই ভাল৷ সেউজীয়া ৰঙৰ কাপোৰ পিন্ধিব৷ শিৱৰ আৰাধনা কৰিব আজি৷ প্রেমত শুভ৷ শুভ সংখ্যা ২৷

মিথুনঃ ঘৰৰ বাহিৰত শনিৰ আসন বনাই তিল–তেলৰ প্রদীপ জ্বলাই শনিৰ আৰাধনা কৰিব৷ বিদ্যার্থীৰ বৰ ভাল দেখা নাযায়৷ শুভ ৰং নীলা, সংখ্যা ২৷

কর্কটঃ আজি মনৰ ইচ্ছা পূর্ণ হোৱাৰ যোগ৷ প্রেমত শুভ৷ বিদ্যার্থীসকলে যত্ন কৰা উচিত৷ ব্যৱসায়ী আৰু অভিনেতাৰ কাৰণে শুভ৷ শুভ ৰং নীলা, সংখ্যা ৮৷

সিংহঃ বিদ্যার্থীৰ কাৰণে শুভ৷ সামাজিক কামত ব্যস্ততা দেখা যায়৷ চাকৰিৰ ক্ষেত্রত অশান্তি৷ ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিব পাৰিব৷ শুভ সংখ্যা ৭, ৰং হালধীয়া৷

কন্যাঃ খৰচৰ বৃদ্ধি৷ ব্যৱসায়ৰ ক্ষেত্রত কিছু জটিলতা থাকিব৷ বিদ্যার্থীৰ কাৰণে শুভ৷ দিনটো মনোকষ্টত ভুগিব লাগিব৷ শুভ ৰং বগা, সংখ্যা ৮৷

তুলাঃ বিবাহৰ ক্ষেত্রত আগবাঢ়িব পাৰে৷ শুভ কর্ম কৰিলে ভাল ফল পাব৷ প্রেম–প্রণয়ত উন্নত৷ ভ্রমণত শুভ৷ শুভ ৰং সোণালী, সংখ্যা ৬৷

বৃশ্চিকঃ সন্তান আৰু পিতৃৰ স্বাস্থ্যক লৈ চিন্তা থাকিব৷ চাকৰি ক্ষেত্রত আগবাঢ়িব পাৰে৷ দিনটো শুভ৷ শুভ ৰং আকাশী নীলা, সংখ্যা ৮৷

ধনুঃ অনাদায়ী কিছু অর্থ আদায় হোৱাৰ যোগ দেখা যায়৷ বিভিন্ন ক্ষেত্রত সুযোগ নাহিব৷ বিদ্যার্থীসকলে যত্ন কৰিলে ভাল ফল পাব৷ শুভ ৰং বগা, সংখ্যা ৭৷

মকৰঃ নীলা কাপোৰ পৰিধান কৰি ওঁ ঐং হ্রীং শ্রীং শনৈশ্বৰায় নমঃ এই মন্ত্র ৮ বাৰ জব কৰিব, ঘৰত অতিথিৰ আগমন৷ শুভ ৰং সেউজীয়া, সংখ্যা ২৷

কুম্ভঃ প্রেমত শুভ৷ দূৰ ভ্রমণ৷ যান–বাহনৰ পৰা সাৱধানে থাকিব৷ নতুন কর্মত হাত দিব পাৰিব দিনটো শুভ৷ শুভ ৰং ৰঙা সংখ্যা ৬৷

মীনঃ নিৰামিষ ব্রত পালন কৰিব৷ বিদ্যার্থীৰ ভাল, প্রেম আৰু দাম্পত্য ভালেই দেখা যায়৷ শুভ ৰং বগা, সংখ্যা ২৷

You might also like