নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগমনিত বিদ্যালয়ৰ খেলপথাৰত ঘৰ বান্ধি মাটি দখলৰ চেষ্টা

নিয়মীয়া বাৰ্তা, ১ অক্টোবৰ : চৰকাৰে যি সময়ত চৰকাৰী মাটি দখলমুক্ত কৰি আছে, তেনে সময়তে চৰকাৰী তথা ধুবুৰী জিলাৰ আগমনিৰ বেলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এটা পৰিয়ালে ঘৰ বান্ধি চৰকাৰী মাটি দখলৰ চেষ্টা চলাইছে ।  বেলগুৰিৰ ১৭নং ঘাইপথত লাগি থকা বেলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখনত ল’ৰা-ছোৱালীয়ে খেলা-ধূলা কৰাৰ উপৰি চৰকাৰী-বেচৰকাৰী মেল-মিটিং অনুষ্ঠিত হয় । কিন্তু আজি নিবাৰণ অধিকাৰী নামৰ ব্যক্তি এগৰাকীয়ে তেওঁৰ পিতৃ শচীন্দ্ৰ নাথ অধিকাৰীৰ নামত ২৮০, ২৮১ আৰু ২৮৬ নং দাগত  প্ৰায় ২ বিঘা মাটি আছে বুলি দাবী কৰি খেলপথাৰখনত ঘৰ বনাই দখল কৰাৰ চেষ্টা চলায় । ফলত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। ৰাইজৰ অভিযোগ- বিদ্যালয়খনৰ অধ্যক্ষ সহিদূৰ ৰহমানৰ দায়িত্বজ্ঞানহীনতাৰ বাবে পৰিয়ালটোৱে ভূ-মাফিয়াৰ লেখীয়াকৈ খেলপথাৰখন দখল কৰাৰ চেষ্টা চলাইছে । বেলগুৰি গাঁৱৰ মৃত শচীন্দ্ৰ নাথ অধিকাৰীৰ নামত মাটিখিনিৰ নামজাৰি আৰু তথ্যপাতি আছে বুলি পুত্ৰ নিবাৰণ অধিকাৰীয়ে দাবী কৰাৰ সমান্তৰালকৈ মাটিখিনি বিদ্যালয়খনৰ বুলি দলিল আৰু যাৱতীয় তথ্যপাতি আছে বুলি দাবী কৰিছে বিদ্যালয়খনৰ কৰ্তৃপক্ষই । কাৰ মাটি সেয়া তদন্ত কৰিলে প্ৰকৃত সত্য ওলাব যদিও ১৯৭৩ চনত স্থাপন কৰা বিদ্যালয়খনৰ খেলপথাৰ হিচাপে ব্যৱহাৰ হৈ আছে । প্ৰায় ৫০ বছৰৰ পৰা ব্যৱহাৰ হোৱা খেলপথাৰখন আজি হঠাৎ এটা পৰিয়ালে দখল কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

 

প্ৰেৰক শ্যামল চন্দ্ৰ ৰয়

You might also like