নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাদুলীপাৰত বিধ্বংসী অগ্নিকাণ্ডত দুটা বাসগৃহ ভস্মীভূত

নিয়মীয়া বাৰ্তা, ১ অক্টোবৰ : যোৱানিশা বাদুলীপাৰৰ সমীপৰ গৰিয়াজানত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত দুটা বাসগৃহ সম্পূৰ্ণৰূপে জ্বলি ছাৰখাৰ হয়। অগ্নিকাণ্ডত বাগিচাখনৰ কৰ্মচাৰী নগেন তুৰি আৰু  কমল (ভাইটি) ভূঞাৰ বাসগৃহ দুটা জুইত সম্পূৰ্ণৰূপে জাহ যায়। স্থানীয় লোকে জানিবলৈ দিয়া মতে, প্ৰয়াত কৰ্মা ভূঞাৰ পুত্ৰ কমল (ভাইটি) ভূঞাই নিজৰ বাসগৃহটোৰ কাষতে লাগি থকা নগেন তুৰিৰ বাসগৃহত জুই জ্বলাই দিয়ে। নগেন তুৰিৰ পুত্ৰ ৰামু তুৰিয়ে জানিবলৈ দিয়া মতে, অগ্নিকাণ্ডত তেওঁলোকৰ ঘৰুৱা সামগ্ৰীৰ  লগতে  সকলো নথি-পত্ৰ জুইত জাহ যায় ৷ ইয়াৰ উপৰি পিতৃৰ সাঁচতীয়া নগদ ধনৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সকলোৰে পাচবুক অগ্নিকাণ্ডত জ্বলি ছাৰখাৰ হয় ৷ স্থানীয় ৰাইজে অশেষ কষ্ট কৰি কাষৰীয়া বাসগৃহলৈ অগ্নি সম্প্ৰসাৰিত হোৱাৰ পৰা কোনোমতে ৰক্ষা কৰে ৷ ঘটনাস্থলীত উপস্থিত ৰাইজে অভিযুক্ত বুলি জনোৱা কমল ভূঞাক উত্তম-মধ্যম শোধায়। জানিব পৰা মতে, অভিযুক্ত কমল ভূঞা মানসিকভাৱে অসুস্থ । অগ্নিনিৰ্বাপক বাহিনীক ঘটনা সম্পৰ্কে খবৰ দিয়াৰ পিছতো প্ৰায় দুঘন্টা পলমকৈহে ঘটনাস্থলীত উপস্থিত হোৱাত ৰাইজৰ জবাবদিহি হ’বলগীয়া হয়।
প্ৰেৰক নবীন গোহাঁই 
You might also like