মেট্ৰিক পৰীক্ষা ২০২৬ৰ ফলাফল কাইলৈ (১০ এপ্ৰিল) ঘোষণা হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে ৰণোজ পেগুৱে। আজি নিজৰ সমষ্টি ধেমাজিত ভোটদান কৰাৰ পাছতে তেওঁ এই কথা প্ৰকাশ কৰে
তেওঁ জনায় কয়, “মই জনামতে HSLC পৰীক্ষা ২০২৬ৰ ফলাফল সাজু হৈ আছে। আৰু আগতে কোৱা হৈছিল যে বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পিছদিনাই ফলাফল ঘোষণা কৰা হ’ব, সেই অনুসৰি মোৰ ধাৰণা কাইলৈ (১০ এপ্ৰিল) ফলাফল ঘোষণা কৰা হ’ব।”
ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো HSLC পৰীক্ষাৰ ফলাফল ১০ এপ্ৰিলত ঘোষণা কৰা হ’ব বুলি ঘোষণা কৰিছিল।
Assam State School Education Board (ASSEB)-ৰ দ্বাৰা পৰিচালিত HSLC পৰীক্ষা ২০২৬ ফেব্ৰুৱাৰী ১০ তাৰিখৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছিল, য’ত ৪ লাখৰো অধিক পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল।
ফলাফল পুৱা প্ৰায় ১০ বজাৰ সময়ত ঘোষণা কৰা হোৱাৰ সম্ভাৱনা আছে যদিও এই সন্দৰ্ভত এতিয়াও আনুষ্ঠানিক ঘোষণা অপেক্ষিত হৈ আছে।
ডিজিটেল ডেস্ক, ৯ এপ্ৰিল